সাংবাদিক হত্যাঃ প্ৰেছ এম্বলেম কেম্পেইনৰ গৰিহণা…

সাংবাদিক হত্যাঃ প্ৰেছ এম্বলেম কেম্পেইনৰ গৰিহণা…

author-image
asomiyapratidin
New Update
সাংবাদিক হত্যাঃ প্ৰেছ এম্বলেম কেম্পেইনৰ গৰিহণা…

ডিজিটেল ডেস্কঃ পাকিস্তানৰ সাংবাদিক হত্যা কাণ্ডক গৰিহণা দিছে বিশ্বব্যাপী মিডিয়া সুৰক্ষা আৰু অধিকাৰ সংস্থা প্ৰেছ এম্বলেম কেম্পেইন চমুকৈ পি ই চিয়ে। উল্লেখ্য যে যোৱা ২৭ আগষ্টত পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ ঝাং জিলাত মহম্মদ ইউনিছ নামৰ সাংবাদিকগৰাকীক গুলীয়াই হত্যা কৰিছিল দুৰ্বৃত্তই।

Advertisment

পি ই চিয়ে এই হত্যাকাণ্ডত উদ্বেগ প্ৰকাশ কৰি শীঘ্ৰেই এই হত্যাকাণ্ডৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে। উৰ্দু ভাষাৰ এখন কাকতৰ সাংবাদিক ইউনিছে তেওঁৰ দুচকীয়া বাহনেৰে গৈ থকাৰ অৱস্থাতে দুজন বন্দুকধাৰী লক্ষ্য কৰি গুলীয়াই হত্যা কৰে।

ঝাং জিলাৰ শোৰকোট প্ৰেছ ক্লাবৰ সভাপতিৰ দায়িত্বটো থকা মহম্মদ ইউনিছৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু তেওঁক হত্যাকৰা দুৰ্বৃত্তই সহজেই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ইফালে এই হত্যাকাণ্ডৰ পিছতেই স্থানীয় সাংবাদিকসকলে দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে।

মন কৰিবলগীয়া যে ২০২২ বৰ্ষতেই বৰ্তমানলৈকে বিশ্বব্যাপী ৮৬ জন সাংবাদিকক হত্যা কৰা হৈছে। ২০২১ চনত গোটেই বছৰটোত মুঠ ৭৯ জন সাংবাদিকক হত্যা কৰা হৈছে। এই ক্ষেত্ৰত যুদ্ধ বিধ্বস্ত ইউক্ৰেইন আৰু মেক্সিকো সাংবাদিক হত্যাৰ ক্ষেত্ৰত আগবাঢ়ি আছে। আনহাতে এছিয়াৰ দেশসমূহ ভিতৰত পাকিস্তানত বৃদ্ধি পাইছে সাংবাদিকক আক্ৰমণৰ ঘটনা।

পাকিস্তান ইতিমধ্যে সাংবাদিকৰ বাবে বিপদজনক দেশ হিচাপে চিহ্নীত হৈছে। চলিত বছৰৰ জানুৱাৰী পৰা পাকিস্তানত ইফতেখাৰ আহমেদ, হাছনাইন শ্বাহ, মুৰ্তাজা শৰ, আথাৰ মতিন নামৰ সাংবাদিক কেইগৰাকীক হত্যা কৰা হৈছে বুলি পি ই চিৰ সভাপতি ব্লেজ লেম্পেনে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰিছে।

আনহাতে পি ই চিৰ দক্ষিণ এছিয়াৰ প্ৰতিনিধি নব ঠাকুৰীয়ই এই সন্দৰ্ভত জনাইছে যে পাকিস্তানৰ চুবুৰীয়া ভাৰতেও এই বছৰত বৰ্তমানলৈকে ৰোহিত কুমাৰ বিশ্বাল, সুধীৰ চাইনী, জুনেদ খান পাঠান আৰু সুভাষ কুমাৰ মহাতো নামৰ চাৰিজন সাংবাদিকক দুৰ্বৃত্তই কৰা আক্ৰমণত হেৰুৱাইছে। ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা ভাৰতৰ চুবুৰীয়া বাংলাদেশত হাছিবুৰ ৰহমান ৰুবেল, মহিউদ্দিন চৰকাৰ নাইম আৰু আব্দুল বাৰী নামৰ তিনিজন সাংবাদিক দুৰ্বৃত্তৰ হাতত নিহত হৈছে। একেসময়তে ম্যানমাৰত সামৰিক জিম্মাত থকা অৱস্থাত আয়ে কিয়াও নামৰ এজন ফটো সাংবাদিকৰ মৃত্যু হৈছে।