জেমচ এণ্ডাৰচনৰ অভিলেখ…

জেমচ এণ্ডাৰচনৰ অভিলেখ…

author-image
asomiyapratidin
New Update
জেমচ এণ্ডাৰচনৰ অভিলেখ…

ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পেচ বলাৰৰ সৰ্বাধিক উইকেট দখলৰ গৰাকী হ'ল ইংলেণ্ডৰ অভিজ্ঞ পেচ বলাৰ তথা জ্যেষ্ঠ ক্ৰিকেটাৰ জেমচ এণ্ডাৰচন। মানচেষ্টাৰত অনুষ্ঠিত হৈ থকা দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ডৰ দ্বিতীয়খন টেষ্ট মেচত এণ্ডাৰচনে ৬টা উইকেট দখল কৰাৰ পাচত এই কৃতিত্বৰ গৰাকী হয়।

Advertisment

উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন পেচ বলাৰ গ্লেন মেকগ্ৰাথৰ নামত থকা ৯৪৯ টা উইকেটৰ অভিলেখ ভংগ কৰি সৰ্বাধিক উইকেটৰ কৃতিত্ব অৰ্জন কৰে এণ্ডাৰচনে। মেকগ্ৰাথে ক্ৰিকেটৰ তিনিওটা সংস্কৰণত মুঠ ৩৭৬ মেচত ৯৪৯ টা উইকেট দখল কৰিছিল।

অন্যহাতে এণ্ডাৰচনে তিনিওটা সংস্কৰণত মুঠ ৩৮৭ খন মেচত ৯৫১ টা উইকেটেৰে পেচ বলাৰৰ শীৰ্ষত থাকে।

আৰু পঢ়কঃ লিডু স্পৰ্টছ একাডেমীৰ দ্বাৰা সদৌ অসম আন্তঃজিলা বক্সিং চেম্পিয়নশ্বীপৰ প্ৰায় একুৰি বটাঁবিজয়ীক বিপুল সম্বৰ্ধনা…

jems anderson eng cricket aus