ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত ১৪ জনকৈ ভাৰতীয় পৰ্যটকে প্ৰাণ হেৰুৱালে চুবুৰীয়া নেপালত। দেশখনত এখন নদীত ভাৰতৰ যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হৈ বাগৰি পৰাৰ ফলতে এই কৰুণ ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে এই ঘটনাত আহত হৈছে আন ১৬ জন যাত্ৰী। তাৰে বহু কেইজনৰ অৱস্থাত গুৰুতৰ।
উল্লেখ্য যে, শুকুৰবাৰে দেশখনৰ তানাহুন জিলাৰ আইনা পাহাৰৰ পথৰ পৰা এখন বাছ দুৰ্ঘটনাত পতিত হৈ মাৰ্ছিয়াংদি নদীত বাগৰি পৰে। সেই সময়ত বাছখনত আছিল মুঠ ৪০ জনৰো অধিক পৰ্যটক।
নেপালৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি এই দুৰ্ঘটনাগ্ৰস্ত বাছখন পোখৰাৰ পৰা কাঠমাণ্ডুলৈ গৈ আছিল। ইফালে জানিব পৰা মতে এই বাছখন আছিল উত্তৰ প্ৰদেশৰ।
সেয়ে নিহত আৰু আহতসকল ভাৰতীয় লোক হোৱা বুলিয়েই সন্দেহ কৰিছে স্থানীয় লোকে। অৱশ্যে এই পৰ্যন্ত এয়া নিশ্চিত হোৱা নাই। ৰাষ্ট্ৰীয় একাধিক সংবাদ মাধ্যমত কেৱল ভাৰতীয় বাছ দুৰ্ঘটনাত পতিত হোৱা বুলি উল্লেখ কৰিছে।
অৱশ্যে উত্তৰ প্ৰদেশ প্ৰশাসনে এই সন্দৰ্ভত নেপালৰে যোগাযোগ কৰিছে বুলি জানিব পৰা গৈছে। জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দীপকুমাৰে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ ইউ পি এফ টি ৭৬২৩। এই বাছখন নদীত ডুব গৈছে।
দুৰ্ঘটনাৰ পাছতে ৪৫ জনীয়া আৰক্ষীৰ এটা উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলায়।প্ৰকাশিত খবৰ মতে এই পৰ্যটকৰ দলটো পোখাৰাৰ মাঝেৰী ৰিজৰ্টত আছিল। বাছখন শুকুৰবাৰে পুৱা পোখৰাৰ পৰা কাঠমাণ্ডুলৈ ৰাওনা হৈছিল।
নেপালৰে যোগাযোগ অব্যাহত ৰখা উত্তৰ প্ৰদেশৰ সাহায্য আয়ুক্তই এই সন্দৰ্ভত কয় যে উত্তৰ প্ৰদেশৰ কোনো ব্যক্তি বাছখনত আছে নেকি জানিবলৈ আমি যোগাযোগ অব্যাহত ৰাখিছো।