ডিজিটেল ডেস্কঃ বাংলাদেশৰ অস্থিৰ পৰিবেশৰ আঁৰত চীনৰ ষড়যন্ত্ৰৰ বিষয়ে চৰ্চা চলি থকাৰ সময়তে ভাৰত মহাসাগৰৰৰ ভাৰতীয় উপকূলৰ কাষত তিনিখনকৈ চীনা জাহাজ প্ৰত্যক্ষ কৰা বিষয়টোৱে এতিয়া চিন্তিত কৰি তুলিছে ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহৰ লগতে কূটনৈতিক বিশেষজ্ঞসকলক। আজিৰ পৰা কিছুমাহ পূৰ্বে এই তিনিওখন জাহাজৰ উপস্থিতি ভাৰত মহাসাগৰত চিহ্নীত হৈছিল।
কিন্তু বাংলাদেশৰ সংৰক্ষণ বিৰোধী আন্দোলনে গণ অভ্যুত্থানৰ ৰূপ ধাৰণ কৰি দেশখনৰ নিৰ্বাচিত চৰকাৰক ভংগ কৰি দিয়াৰ পিছতে ভাৰতীয় উপকূলৰ কাষলৈ চাপি আহিছে চীনৰ এই তিনিওখন জাহাজ। আন্তৰ্জাতিক জলসীমাত থকা এই তিনিওখন জাহাজৰ পৰৱৰ্তী লক্ষ্যস্থান বংগোপসাগৰ বুলিও সন্দেহ কৰা হৈছে।
জানিব পৰা মতে এই জাহাজ তিনিখনে শ্ৰীলংকাৰ দক্ষিণ পূৱ দিশৰ পৰা আৰম্ভ কৰি মূল ভাৰতীয় ভূখণ্ড আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ মাজত আন্তৰ্জাতিক জলসীমাত অতি কৌশলপূৰ্ণ স্থানত অৱস্থান কৰিছে। এই জাহাজ তিনিখন ক্ৰমে ছিয়াং ইয়াং হং ০৩, জোং শ্বান ডা ছু আৰু ইউন ৱাং ৭।
ইয়াৰে জোং শ্বান ডা ছু হৈছে চীনৰ আটাইতকৈ দীৰ্ঘতম সামুদ্ৰিক গৱেষণাগাৰ হিচাপে পৰিচিত। এই সামুদ্ৰিক জাহাজখনৰ দৈৰ্ঘ্য ১১৪.৩ মিটাৰ আৰু প্ৰস্থ ১৯.৪ মিটাৰ। জাহাজখনৰ ওজন ৬৮০০ টন।
যদিও সামুদ্ৰিক গৱেষণাৰ বাবেই এই জাহাজ তিনিওখনে ভাৰত মহাসাগৰত এইদৰে দীৰ্ঘসময় ধৰি বিচৰণ কৰি আছে বুলি উল্লেখ কৰা হৈছে তথাপিও ইয়াৰ আঁৰত যে চীনৰ আন কোনো কৌশল লুকাই আছে সেয়া প্ৰায় নিশ্চিত। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল শ্ৰীলংকাৰ অস্থিৰ সময়ত, ২০২২ ত হোৱা দেশখনৰ গণ অভ্যুত্থানৰ সময়ত এই তিনিওখন জাহাজক শ্ৰীলংকাৰ উপকূলৰ কাষত দীৰ্ঘদিন ধৰি প্ৰত্যক্ষ কৰা হৈছিল।
শেহতীয়া উপগ্ৰহৰ পৰা প্ৰাপ্ত চিত্ৰ অনুসৰিয়েই এই জাহাজ তিনিখনক এইদৰে ভাৰত উপকূলৰ কাষত প্ৰত্যক্ষ কৰা হৈছে। প্ৰাথমিকভাৱে এই জাহাজ তিনিখনে ভাৰতৰ পৰমাণু আৰু ক্ষেপনাস্ত্ৰ কৰ্মসূচীৰ ওপৰত নজৰ ৰাখিবলৈ বাৰে বাৰে উপকূলৰ কাষলৈ আহিছে বুলি সন্দেহ কৰা হৈছিল।
কিন্তু শ্ৰীলংকা আৰু বাংলাদেশৰ অস্থিৰ পৰিৱেশৰ মাজতেই এই জাহাজ তিনিখনক এইদৰে প্ৰত্যক্ষ কৰা বিষয়টোক সহজভাৱে ল'ব পৰা নাই বিশেষজ্ঞসকলে। শ্ৰীলংকাৰ অস্থিৰ পৰিস্থিতিৰ সুযোগ লৈ ইতিমধ্যে দেশখনৰ বন্দৰত চীনে ঘাটি পাতিছে। দ্বীপ ৰাষ্ট্ৰ মালদ্বীপৰো বন্দৰত কূটনৈতিক কৌশলৰে আৰু ঋণগ্ৰস্ত কৰি চীনে ইতিমধ্যে সামৰিক ঘাটি পাতিছে।
এই সামৰিক ঘাটি পতাৰ পূৰ্বে চীনৰ সামুদ্ৰিক জাহাজ প্ৰথমে সেই দেশৰ উপকূলৰ কাষত বিচৰণ কৰিছিল। আৰু একে সময়তে অস্থিৰ হৈ আছিল সেই দেশৰ ৰাজনৈতিক, সামাজিক পৰিস্থিতি।
সেই দৰেই এতিয়া বাংলাদেশক নিজৰ নিয়ন্ত্ৰণলৈ নি চীনে বাংলাদেশৰ কোনো বন্দৰত ঘাটি পাতিবলৈ চেষ্টা কৰিছে নেকি বুলিও চিন্তিত হৈ পৰিছে ভাৰত। কাৰণ বাংলাদেশৰ বৰ্তমান বহু বিৰোধী নেতা আৰু সংগঠনৰ নেতৃত্বই চীনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি অহাৰ তথ্য প্ৰকাশ হৈছে।
শ্বেইখ হাছিনা ক্ষমতাত থকাৰ সময়ত ভাৰতৰ সৈতে সম্পৰ্ক অতি মধুৰ আছিল। বাৰে বাৰে চেষ্টা কৰিও চীনে বাংলাদেশক নিজৰ প্ৰভাৱৰ অধীনলৈ আনিব পৰা নাছিল। দেশখনৰ আন্তঃগাঁথনি উন্নয়নত বিনিয়োগ কৰিও শ্বেইখ হাছিনাক ভাৰতৰ কাষৰ পৰা আঁতৰাই নিবলৈ সক্ষম হোৱা নাছিল।
কিন্তু শ্বেইখ হাছিনাক কৌশলপূৰ্ণভাৱে দেশখনৰ ক্ষমতাৰ পৰা আঁতৰোৱাৰ পিছত এতিয়া ভাৰতৰ সৈতে বাংলাদেশৰ সম্পৰ্কৰ অৱনতি ঘটিছে। বাংলাদেশত বলিছে ভাৰত বিৰোধী বতাহ।
পূৰ্বে চীনে বাংলাদেশৰ চট্টগ্ৰাম আৰু মংলা বন্দৰত সামৰিক কাৰ্যকলাপৰ সুযোগ বিচাৰিছিল। এই সম্পৰ্কে দুয়ো দেশৰ মাজত আলোচনাও হৈছিল। কিন্তু সকলো চূড়ান্ত হোৱাৰ পিছতো হাছিনাই প্ৰধানমন্ত্ৰী হিচাপে অন্তিমবাৰৰ বাবে দিল্লী ভ্ৰমণ কৰাৰ পাছতে সেই সামৰিক কাৰ্যকলাপ বন্ধ হৈছিল।
পিছে এতিয়া হাছিনা ক্ষমতাৰ পৰা আঁতৰ হোৱাৰ লগে লগে চিন্তা বাঢ়িছে ভাৰতৰ। বাংলাদেশৰ কাষ চাপিছে চীন। যদিহে বাংলাদেশৰ বন্দৰত চীনে ভবাৰ ধৰেনেই সামৰিক ঘাটি পাতিবলৈ সক্ষম হয় তেন্তে ভাৰতৰ বাবে এয়া হ'ব কূটনৈতিক পৰাজয়। ভাৰতৰ ভূ-খণ্ডৰ বাবেও ই হৈ পৰিব পাৰে ভাবুকি স্বৰূপ।