/asomiyapratidin/media/media_files/2025/04/03/YFs0ZCShR8KbujZ8XLuM.jpg)
ডিজিটেল ডেস্কঃ বুধবাৰে মধ্যৰাতি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰিলে বিভিন্ন দেশৰ ওপৰত আৰোপ কৰিবলগীয়া পাৰস্পৰিক শুল্ক। তেওঁ সকলো দেশৰ পৰা আমদানিৰ ওপৰত ১০ শতাংশ ভিত্তিৰে শুল্ক ঘোষণা কৰিছে।
কিন্তু ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰতৰ পৰা আমদানি কৰা নিৰ্বাচিত সামগ্ৰীৰ ওপৰত শুল্ক নীতি শিথিল কৰাৰ সিদ্ধান্ত লৈছে। যিসমূহ ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্ক নীতি শিথিল কৰিছে তাৰ ভিতৰত আছে ঔষধ, অৰ্ধপৰিবাহী, তাম আৰু শক্তি সামগ্ৰী আদি।
ট্ৰাম্পৰ এই সিদ্ধান্ত আমেৰিকাৰ বজাৰক শক্তিশালী উপস্থিতিৰে দখল কৰি ৰখা ফাৰ্মা খণ্ডৰ বাবে এক ডাঙৰ সকাহ হিচাপে দেখা গৈছে। বিশেষজ্ঞসকলৰ মতে ট্ৰাম্প প্ৰশাসনে ভাৰতৰ ওপৰত আৰোপ কৰা ২৬ শতাংশ পাৰস্পৰিক শুল্কে ভাৰতীয় ৰপ্তানিকাৰকসকলৰ বাবে প্ৰত্যাহ্বান আৰু সুযোগ দুয়োটাই সৃষ্টি কৰিছে।
বিশেষজ্ঞসকলৰ মতে এই নীতিয়ে ভাৰতত হ্ৰস্বম্যাদী প্ৰভাৱ পেলাব, কিন্তু দীৰ্ঘম্যাদীভাৱে ইয়াৰ প্ৰভাৱ সীমিত হ’ব পাৰে। আমেৰিকাই ভাৰতৰ পৰা আমদানি কৰা ঔষধৰ ওপৰত শুল্ক আৰোপ নকৰাৰ সিদ্ধান্ত লোৱাৰ কাৰণ হৈছে আমেৰিকাই নিজেই এই ঔষধসমূহ বৃহৎ পৰিসৰত উৎপাদন নকৰে।
আমেৰিকালৈ জেনেৰিক ঔষধ যোগান ধৰাৰ ক্ষেত্ৰত ভাৰত প্ৰথম স্থানত আছে। ট্ৰাম্প প্ৰশাসনৰ এই পদক্ষেপ আমেৰিকাৰ নাগৰিকক সস্তীয়া ঔষধ যোগান ধৰাৰ দিশত এক কৌশলগত সিদ্ধান্ত হিচাপে বিবেচিত হৈছে। এই সিদ্ধান্তই ভাৰতীয় ফাৰ্মা কোম্পানীসমূহক আমেৰিকাৰ বজাৰত নিজৰ স্থান দৃঢ় কৰাৰ সুযোগ প্ৰদান কৰিব।
ইতিমধ্যে আমেৰিকাত ঔষধৰ মূল্য এক স্পৰ্শকাতৰ বিষয় হৈ পৰিছে। ভাৰতৰ পৰা সুলভ মূল্যত আৰু মানসম্পন্ন ঔষধৰ যোগান সুনিশ্চিত কৰি ট্ৰাম্প প্ৰশাসনে নিজৰ ঘৰুৱা স্বাস্থ্য নীতিক অগ্ৰাধিকাৰ দিছে।
যদিও ট্ৰাম্পৰ এই নতুন শুল্ক নীতিত ভাৰতীয় ফাৰ্মা খণ্ডই সকাহ পাইছে ইয়াৰ বিপৰীতে আমেৰিকাই আৰোপ কৰা ২৬ শতাংশ পাৰস্পৰিক শুল্ক নীতি ভাৰতীয় ৰপ্তানিকাৰকসকলৰ বাবে প্ৰত্যাহ্বানজনক হৈ পৰিছে। এই শুল্ক সেইবোৰ খণ্ডৰ ক্ষেত্ৰত প্ৰযোজ্য যিবোৰ ৰেহাই তালিকাত অন্তৰ্ভুক্ত নহয়।
আমেৰিকাৰ শুল্ক নীতিয়ে কঢ়িয়াই অনা প্ৰত্যাহ্বানৰ এনে পৰিস্থিতিত ভাৰতীয় ৰপ্তানিকাৰকসকলে লেটিন আমেৰিকা, আফ্ৰিকা আৰু পশ্চিম এছিয়াৰ দৰে অঞ্চলত ভাৰতীয় সামগ্ৰীৰ চাহিদা বৃদ্ধিৰ বাবে পদক্ষেপ লোৱাৰ প্ৰয়োজন বুলি বিশেষজ্ঞসকলে দাবী কৰিছে।
আমেৰিকাৰ শুল্ক নীতিৰ পিছত ভাৰত চৰকাৰৰ ওপৰতো হেঁচা বাঢ়িছে। ক্ষতিগ্ৰস্ত ৰপ্তানিকাৰকসকলক নতুন বজাৰত ভৰি দিবলৈ চৰকাৰী সহায়ৰ প্ৰয়োজন হ’ব।