ভাৰতৰ মিছাইল পাকিস্তানত ভুলক্ৰমে পৰাৰ বাহিৰে অন্য কাৰণ দেখা নাই: আমেৰিকা

ভাৰতৰ মিছাইল পাকিস্তানত ভুলক্ৰমে পৰাৰ বাহিৰে অন্য কাৰণ দেখা নাই: আমেৰিকা

author-image
asomiyapratidin
New Update
ভাৰতৰ মিছাইল পাকিস্তানত ভুলক্ৰমে পৰাৰ বাহিৰে অন্য কাৰণ দেখা নাই: আমেৰিকা

ডিজিটেল ডেস্ক: কাৰিকৰী বিজুতিৰ বাবে যোৱা ৯ মাৰ্চত ভাৰতৰ এটা মিছাইল পাকিস্তানত পৰাৰ বিষয়টো সন্দৰ্ভত ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে তথ্য প্ৰকাশ কৰিছিল । ইয়াৰ পাছতেই আমেৰিকাই কয় যে ভাৰতৰ মিছাইল পাকিস্তানত দুৰ্ঘটনাক্ৰমেই পৰিছে, এতিয়ালৈকে ইয়াৰ কোনো অন্য কাৰণ দেখা নাই।

Advertisment

প্ৰতিৰক্ষা মন্ত্ৰণালয়ে কয়, চৰকাৰে দুৰ্ঘটনাক্ৰমে মিছাইল নিক্ষেপণৰ ঘটনাৰ প্ৰতি গুৰুত্বসহকাৰে দৃষ্টি ৰাখিছে আৰু উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। জানিব পৰা মতে, দুৰ্ঘটনাক্ৰমে উৎক্ষেপণ কৰা মিছাইলটো পাকিস্তানৰ এটা অঞ্চলত অৱতৰণ কৰে। প্ৰতিৰক্ষা মন্ত্ৰণালয়ে কয় যে, ঘটনাটো অতি দুখজনক আৰু এয়া সকাহৰ বিষয় যে কোনো প্ৰাণহানি হোৱা নাই।

উল্লেখ্য যে, আজি সংসদত এই সন্দৰ্ভত উত্তৰ দিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।এই সন্দৰ্ভত মঙলবাৰে দুপৰীয়া ১২ বজাত ভাষণ দিব ৰাজনাথ সিঙে।

america pakistan india