বাতিল ইজৰাইল-ভাৰতৰ মাজত চলাচল কৰা সকলো বিমান

ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত চলিত সংঘৰ্ষৰ মাজতে এয়াৰ ইণ্ডিয়া এয়াৰলাইনে দেওবাৰৰ পৰা স্থগিত ৰাখিছে বিমান সেৱা।

author-image
Asomiya Pratidin
New Update
বাতিল ইজৰাইল-ভাৰতৰ মাজত চলাচল কৰা সকলো বিমান

ডিজিটেল ডেস্কঃ ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত চলিত সংঘৰ্ষৰ মাজতে এয়াৰ ইণ্ডিয়া এয়াৰলাইনে দেওবাৰৰ পৰা ১৪ অক্টোবৰলৈকে স্থগিত ৰাখিছে ইজৰাইল-ভাৰতৰ বিমান সেৱা। যাত্ৰী আৰু কৰ্মচাৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ এয়াৰলাইনটোৰ।

Advertisment

এক বিবৃতিত এয়াৰ ইণ্ডিয়াই কয় যে, "আমাৰ যাত্ৰী আৰু কৰ্মচাৰীৰ সুৰক্ষাৰ বাবে তেল আভিভলৈ অহা-যোৱা কৰা বিমানসমূহ ১৪ অক্টোবৰ, ২০২৩ লৈকে স্থগিত ৰখা হ'ব। এয়াৰ ইণ্ডিয়াই এই সময়ছোৱাত যিকোনো বিমানত বুকিং নিশ্চিত কৰা যাত্ৰীসকলক সকলো সম্ভৱ সমৰ্থন আগবঢ়াব।"

এয়াৰ ইণ্ডিয়াই নতুন দিল্লীৰ পৰা তেল-আভিভলৈ সপ্তাহত ৫টাকৈ দিনত সেৱা আগবঢ়াই আহিছে। সোমবাৰে, মঙলবাৰে, বৃহস্পতিবাৰে, শনিবাৰে আৰু দেওবাৰে সেৱা আগবঢ়াই বিভাগটোৱে। উল্লেখ্য যে, শনিবাৰে ইজৰাইলে দেশখনত ৫,০০০ তকৈও অধিক ৰকেট নিক্ষেপ কৰাৰ পিছত পেলেষ্টাইনৰ বিদ্ৰোহা সংগঠনটোৰ বিৰুদ্ধে 'যুদ্ধাৱস্থা' ঘোষণা কৰিছে।

Also Read: প্ৰাকৃতিক দুৰ্যোগৰ ফলত ৬৮ লাখ শিশু গৃহহীন! ভাৰত আছে দ্বিতীয় স্থানত

Israel