পুনৰ ভয়াৱহ বিমান দুৰ্ঘটনাঃ জ্বলি উঠিল এটা বিশাল জনবহুল অঞ্চল...

আকৌ এক ভয়ংকৰ বিমান দুৰ্ঘটনাৰ সাক্ষী হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰ। এইবাৰ ৰোগী কঢ়িয়াই নিয়া এখন এয়াৰ এম্বুলেঞ্চ মাজ আকাশত বিস্ফোৰিত হৈ ভাঙি পৰিল ব্যস্ত অঞ্চলত।

author-image
Asomiya Pratidin
New Update
পুনৰ ভয়াৱহ বিমান দুৰ্ঘটনাঃ জ্বলি উঠিল এটা বিশাল জনবহুল অঞ্চল...

ডিজিটেল ডেস্কঃ আকৌ এক ভয়ংকৰ বিমান দুৰ্ঘটনাৰ সাক্ষী হল আমেৰিকা যুক্তৰাষ্ট্ৰ। এইবাৰ ৰোগী কঢ়িয়াই নিয়া এখন এয়াৰ এম্বুলেঞ্চ মাজ আকাশত বিস্ফোৰিত হৈ ভাঙি পৰিল ব্যস্ত অঞ্চলত।

Advertisment

বিমানখন ভাঙি পৰাত দাউ দাউকৈ জ্বলি উঠিল এটা ডাঙৰ অঞ্চল। এই ঘটনাত বহু কেইজন লোকৰ মৃত্যু হৈছে। ঘটনাত শোক প্ৰকাশ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে।

মাৰ্কিন সংবাদ নমাধ্যমৰ খবৰ অনুসৰি শুকুৰবাৰে বিয়লি ফিলাডেলফিয়াত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। দুৰ্ঘটনাগ্ৰস্ত এয়াৰ এম্বুলেন্সখনত গুৰুতৰভাৱে অসুস্থ এটি শিশুক লৈ যোৱা হৈছিল। তাত আছিল আন পাঁচজন যাত্ৰীও। বিমানখনে স্থানীয় সময় অনুসৰি সন্ধিয়া ৬:০৬ বজাত বিমানবন্দৰৰ পৰা উৰা মাৰিছিল।

কিন্তু যাত্ৰাৰ ৩০ ছেকেণ্ডৰ পিছত, বিমানখন হঠাতে ৰাডাৰৰ পৰা অদৃশ্য হৈ যায়। জানিব পৰা মতেবিমানখন ১,৬০০ফুট উচ্চতাত উপনীত হৈছিল। তাৰ পাছতে খবৰ আহে বিমানখন ফিলাডেলফিয়া বিমানবন্দৰৰ পৰা প্ৰায় ৪.৮ কিলোমিটাৰ দূৰত্বত এটা ঘন বসতিপূৰ্ণ এলেকাত দুৰ্ঘটনাগ্ৰস্ত হৈছে।

বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়তঅঞ্চলটোত এটা প্ৰচণ্ড বিস্ফোৰণ হয়। ফলস্বৰূপে, ওচৰৰ কেইবাটাও ঘৰত জুই লাগে। এজন প্ৰত্যক্ষদৰ্শীয়ে এই সন্দৰ্ভত কয়, "হঠাতে এটা প্ৰচণ্ড শব্দ হৈছিল।ভাবিছিলো সন্ত্ৰাসবাদীৰ আক্ৰমণ হৈছিল নেকি! বিস্ফোৰণটোৱে মোৰ ঘৰটোক জোকাৰি গৈছিল। জুইৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

অৱশ্যে, এই ঘটনাত প্ৰকৃততে কিমান জন লোকৰ মৃত্যু হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। বিমান সংস্থাটোৱেও হতাহতৰ সংখ্যা প্ৰকাশ কৰা নাই। অৱশ্যে, তেওঁলোকে আশংকা কৰিছে বিমানখনৰ সকলোৰে মৃত্যু হৈছে।

ট্ৰাম্পে তেওঁৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ'চিয়েলত এই সন্দৰ্ভত লিখিছে, "আমি বহুতো নিৰীহ লোকক হেৰুৱাইছো। অৱশ্যে, আমাৰ কৰ্মীসকলে উদ্ধাৰ অভিযান চলাই আছে। উল্লেখ্য যে, বৃহস্পতিবাৰেও আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন সামৰিক হেলিকপ্টাৰে আন এখন বিমানক খুন্দা মৰাত ৬৭জন লোকৰ মৃত্যু হৈছিল। তাৰ এদিন পিছতে পুনৰ এক ভয়ংকৰ বিমান দুৰ্ঘটনাৰ সাক্ষী হল দেশখন।

বিমান দুৰ্ঘটনা আমেৰিকা