নেপালক নালাগে ‘অগ্নিবীৰ’ ! ভৰ্তি ৰেলী আয়োজন কৰিও বাতিল কৰিলে ভাৰতীয় সেনাই…

নেপালক নালাগে ‘অগ্নিবীৰ’ ! ভৰ্তি ৰেলী আয়োজন কৰিও বাতিল কৰিলে ভাৰতীয় সেনাই…

author-image
asomiyapratidin
New Update
নেপালক নালাগে ‘অগ্নিবীৰ’ ! ভৰ্তি ৰেলী আয়োজন কৰিও বাতিল কৰিলে ভাৰতীয় সেনাই…

ডিজিটেল ডেস্কঃ আকৌ আৰম্ভ হৈছে অগ্নিপথৰ বিৰুদ্ধে জনমত। পিছে এইবাৰ ভাৰতত নহয় চুবুৰীয়া নেপালতহে আৰম্ভ হৈছে অগ্নিপথৰ বিৰুদ্ধে জনমত। ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা বিভাগৰ নতুন আঁচনি অগ্নিপথৰ জৰিয়তে ভাৰতীয় সেনাত অগ্নিবীৰ ভৰ্তিৰ বাবে এক প্ৰকল্প হাতত লোৱা হৈছে।

Advertisment

ইতিমধ্যে এই প্ৰকল্পৰ অধিনত অগ্নিবীৰ নামেৰে সেনা ভৰ্তিৰ অভিযান আৰম্ভ কৰা হৈছে। অগ্নিপথ আঁচনিৰ সবিশেষ প্ৰকাশ পোৱাৰ পিছতে দেশজুৰি এই আঁচনিৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ আৰম্ভ হৈছিল। বিহাৰকে ধৰি কেইবাখনো ৰাজ্যত ৰে'ল ষ্টেচন, ৰে'ল আদি জ্বলাই দিয়া হৈছিল।

এনে হিংসাত্মক প্ৰতিবাদৰ মাজতে অৱশ্যে কেন্দ্ৰীয় প্ৰতিৰক্ষা বিভাগে আঁচনিখনত কিছু সালসলনি কৰি কাৰ্যকৰী কৰাৰ বাবে সকলো পদক্ষেপ হাতত লৈছে। তাৰ মাজতো অগ্নিপথ বিৰোধী আন্দোলন এতিয়াও অব্যাহত আছে।

ভাৰত চৰকাৰে ভাৰতীয় সেনাত পূৰ্বৰে পৰা গোৰ্খাসকলক ভৰ্তিৰ সুবিধা দি আহিছে। ভাৰতীয় সেনাৰ গোৰ্খা ৰেজিমেণ্টত নেপালৰ গোৰ্খাসকলে নিযুক্তিৰ সুবিধা লাভ কৰে। সেই অনুসৰিয়েই অগ্নিপথ আঁচনিত নেপালৰ গোৰ্খাসকলক ভৰ্তি হোৱাৰ সুযোগ প্ৰদান কৰি ২৫ আগষ্টৰ পৰা নেপালৰ বুটৱালত উত্তৰ প্ৰদেশৰ গোৰখপুৰস্থিত গোৰ্খা নিযুকতি ডিপোৰ দ্বাৰা অগ্নিবীৰ ভৰ্তি ৰেলী অনুষ্ঠিত কৰা হৈছিল।

কিন্তু সময়ত এই ৰেলী বাতিল কৰিবলৈ বাধ্য হ'ল ভাৰতীয় সেনা। নেপালৰ গোৰ্খাসকলক এই ভৰ্তি ৰেলীত অংশলোৱাৰ সুবিধা নিদিলে চৰকাৰখনে। উল্লেখ্য যে ভাৰতীয় সেনাই চলিত বৰ্ষৰ ১৪ জুনত অগ্নিপথ আঁচনিৰ শুভাৰম্ভ কৰিছিল।

এই আঁচনিৰ জৰিয়তে ১৭ বছৰৰ পৰা ২১ বছৰৰ বয়সৰ যুৱক-যুৱতীক অগ্নিবীৰ হিচাপে ভাৰতীয় সেনাত ৪ বছৰৰ বাবে নিযুক্তিৰ ব্যৱস্থা কৰা হৈছে। ৪ বছৰৰ পিছত প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি ২৫ শতাংশ অগ্নিবীৰ চাকৰি নিয়মীয়া কৰাৰ লগতে অন্যান্য সকলক অৱসৰ লোৱাৰ ব্যৱস্থা কৰা হৈছে।

ভাৰতৰ দৰে নেপালতো এই আঁচনিৰ বিৰোধিতা কৰা হৈছে। ১৯৪৭ চনৰ পৰাই ভাৰতীয় সেনাত গোৰ্খাসকলে নিযুক্তি লাভ কৰি আহিছে। নেপালৰ গোৰ্খাসকলৰ এক বৃহৎ অংশই ভাৰতীয় সেনাত নিয়োজিত হৈ আছে। কিন্তু এইবাৰ এই নিযুক্তি আয়োজনৰ বাবে নেপাল চৰকাৰে অনুমতি প্ৰদান নকৰিলে। ইয়াৰ মূল কাৰণ হৈছে ৪ বছৰৰ পিছত ভৰ্তি হোৱা যুৱকসকল পুনৰ কৰ্মহীন হৈ গৃহ অভিমুখে যাব লাগিব।