ৰমজান মাহৰ মাজতে বিদ্যালয়ত ধাৰাবাহিক বিস্ফোৰণ: বহু চিয়া মুছলমান নিহতৰ খবৰ..

ৰমজান মাহৰ মাজতে বিদ্যালয়ত ধাৰাবাহিক বিস্ফোৰণ: বহু চিয়া মুছলমান নিহতৰ খবৰ..

author-image
asomiyapratidin
New Update
ৰমজান মাহৰ মাজতে বিদ্যালয়ত ধাৰাবাহিক বিস্ফোৰণ: বহু চিয়া মুছলমান নিহতৰ খবৰ..

ডিজিটেল ডেস্কঃ আফগানিস্তানত ৰাজধানী কাবুলত ভয়ংকৰ বিস্ফোৰণ। চহৰখনৰ এখ বিদ্যালয়ত ধাৰাবাহিকভাৱে তিনিটাকৈ বোমা বিস্ফোৰণ সংঘটিত হৈছে। ৰয়টাৰৰ মতে, এই বিস্ফোৰণত বহু লোকৰ মৃত্যু হৈছে। আফগান নিৰাপত্তা আৰু স্বাস্থ্য বিষয়াসকলে উল্লেখ কৰা মতে মঙলবাৰে পশ্চিম কাবুলৰ এখন হাই স্কুলত তিনিটা বিস্ফোৰণ সংঘটিত হৈছে।

Advertisment

এই বিস্ফোৰণ ফলত বহু শিক্ষাৰ্থী নিহত হৈছে। কাবুল কমাণ্ডাৰৰ মুখপাত্ৰ খালিদ জাদৰানে কোৱা মতে স্কুল খনত ধাৰাবাহিকভাৱে তিনিটা বিস্ফোৰণ হৈছে। এই বিস্ফোৰণৰ ফলত বহু চিয়া মুছলমানৰ মৃত্যু হৈছে।

ইফালে এই ঘটনাৰ পিছতে আহত সকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। হাস্পতাল কৰ্তৃপক্ষৰ সূত্ৰত নিহত আৰু আহত সংখ্যা প্ৰকাশ পাইছে যদিও বৰ্তমানলৈকে তাৰ কোনো সঠিক তথ্য লাভ কৰিব পৰা নাই।

ক্লিক কৰি পঢ়কঃ পুত্ৰৰ মৃত্যুত অসহায় হৈ পৰিছে দুৰ্দান্ত ৰ'নাল্ডো !