শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

পুত্ৰৰ মৃত্যুত অসহায় হৈ পৰিছে দুৰ্দান্ত ৰ’নাল্ডো !

ডিজিটেল ডেস্কঃ পুত্ৰ শোকত দগ্ধ ক্ৰিষ্টিয়ানো ৰ’নাল্ডো। এটি কন্যা আৰু পুত্ৰ যমজ সন্তানৰ পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিছিল ৰ’নাল্ডোৱে। কিন্তু এই যমজ সন্তানৰ পুত্ৰ সন্তানটিৰ মৃত্যু হৈছে। এই কথা ৰ’নাল্ডোৱে নিজেই প্ৰকাশ কৰিছে। খেলপথাৰত দুৰ্দান্ত ৰূপ ধাৰণ কৰা ৰ’নাল্ডো এতিয়া শোকত ভাঙি পৰিছে। প্ৰেয়সী জৰ্জিনা ৰ’ডৰিগেজৰ ঔৰষত জন্মলোৱা যমজ সন্তানৰ ভিতৰত পুত্ৰক হেৰুৱাই ভাঙি পৰা ৰ’নাল্ডোৱে সামাজিক মাধ্যম যোগে প্ৰকাশ কৰিছে সেই শোকগাঠা।

অৱশ্যে কন্যা সন্তাটি সুস্থ হৈ থকাৰ বাবে তেওঁক শক্তি দিছে বুলিও উল্লেখ কৰিছে। তেওঁ মৃত্যু হোৱা পুত্ৰ সন্তানটিক দেৱদূত আখ্যা দিছে। আনহাতে এই কঠিন সময়ত তেওঁলোকৰ লগত চিকিৎসক আৰু নাৰ্ছসকলে থিয় দিয়াৰ বাবে ৰ’নাল্ডোৱে তেওঁলোকক ধন্যবাদ জনাইছে। এই দুখৰ সময়ছোৱাত ৰ’নাল্ডোৱে তেওঁৰ পৰিয়ালৰ সৈতে অকলে থাকিব বিচাৰিছে। এই ক্ষেত্ৰত সকলোৰে সহযোগিতা আশা কৰিছে।

ক্লিক কৰি পঢ়কঃ APSC কেলংকাৰীৰ গোচৰৰ ‘চাৰ্জ ফ্ৰেম’ : দোষী প্ৰমাণ হ’লে হ’ব ১০ বছৰ জে’ল…