আত্মঘাটী বোমাৰুৰ আক্ৰমণত অতি কমেও ২০ জনৰ মৃত্যু…

আফগানিস্তানৰ ৰাজধানী কাবুলত ৰাছিয়াৰ দূতাবাসৰ বাহিৰত এক ভয়ংকৰ বোমা বিস্ফোৰণৰ সংঘটিত হৈছে।
আত্মঘাটী বোমাৰুৰ আক্ৰমণত অতি কমেও ২০ জনৰ মৃত্যু…

ডিজিটেল ডেস্কঃ আফগানিস্তানৰ ৰাজধানী কাবুলত ৰাছিয়াৰ দূতাবাসৰ বাহিৰত এক ভয়ংকৰ বোমা বিস্ফোৰণৰ সংঘটিত হৈছে। এই বিস্ফোৰণত কমেও ২০ জন লোক নিহত হৈছে। নিহতসকলৰ ভিতৰত আছে দুজন ৰাছিয়ান কূটনীতিবিদ। বোমা বিস্ফোৰণৰ পিছতে সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে।


অঞ্চলটোত থকা লোকসকলে বোমা বিস্ফোৰণৰ সময়ত নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ দৌৰা দৌৰি আৰম্ভ কৰে। সমগ্ৰ অঞ্চলটোক চাৰিওফালৰ পৰা ক’লা ধোঁৱাই ছানি ধৰিছে। খবৰ পোৱা গৈছে যে এজন ফিদায়েইন আত্মঘাটী আক্ৰমণকাৰীয়ে এই বিস্ফোৰণ সংঘটিত কৰিলে।

বৰ্তমানলৈকে ঘটনা সংক্ৰান্তত নিৰাপত্তা বিষয়াসকলে কোনো বিবৃতি দিয়া নাই। তথ্য অনুসৰি, ফিদায়েইন আক্ৰমণকাৰীজনক লক্ষ্যত উপনীত হোৱাৰ আগতে ৰাছিয়াৰ দূতাবাসৰ সুৰক্ষাত থকা তালিবান নিৰাপত্তাৰক্ষীয়ে তেওঁক লক্ষ্য কৰি গুলী চালনা কৰিছিল। ইয়াৰ লগে লগেই আত্মঘাটী আক্ৰমণকাৰীটোৱে নিজৰ দেহত সংযুক্ত হৈ থকা বিস্ফোৰকেৰে নিজৰ লগতে আন ২০ জনৰ লোকৰ প্ৰাণ কাঢ়ি নিয়া বিস্ফোৰণটো সংঘটিত কৰে।

এবছৰতকৈও অধিক আগতে তালিবানে দেশখনৰ নিয়ন্ত্ৰণ দখল কৰাৰ পিছত কাবুলত দূতাবাস ৰক্ষণাবেক্ষণ কৰা কেইখনমান দেশৰ ভিতৰত ৰাছিয়া অন্যতম। যদিও মস্কোৱে তালিবান চৰকাৰক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া নাই, তেওঁলোকে পেট্ৰ’ল আৰু অন্যান্য সামগ্ৰী যোগান ধৰাৰ বাবে কৰ্তৃপক্ষৰ সৈতে এক চুক্তি তৈয়াৰ কৰি আছে।

ইয়াৰ পূৰ্বে শনিবাৰে আফগানিস্তানৰ দক্ষিণ হেলমান্দ প্ৰদেশৰ নাদ আলী জিলাত এটা বিস্ফোৰক সঁজুলি বিস্ফোৰণ হোৱাত তিনিটা শিশু নিহত হয় আৰু আন তিনিজন আহত হয়। আটাইকেইজন ভুক্তভোগী এখন ধৰ্মীয় বিদ্যালয়ৰ শিক্ষাৰ্থী আছিল।


ইয়াৰ পূৰ্বে কাবুলৰ আৰক্ষী জিলা ১৭ ত সংঘটিত বিস্ফোৰণত দুজন লোক নিহত হোৱাৰ উপৰিও আন তিনিজন লোক আহত হৈছিল। বিস্ফোৰক সঁজুলিবোৰ টয়োটা কৰোলা গাড়ীত ৰখা হৈছিল। আফগানিস্তানৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বাধীন বাহিনী প্ৰত্যাহাৰৰ প্ৰথম বাৰ্ষিকীত এই বিস্ফোৰণ সংঘটিত হয়।



Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in