ধনী দেশৰ অতিৰিক্ত ভেকচিন সমূহ দুখীয়া দেশলৈ প্ৰেৰণ কৰিব লাগেঃ বিশ্ব স্বাস্থ্য সংস্থা

ধনী দেশৰ অতিৰিক্ত ভেকচিন সমূহ দুখীয়া দেশলৈ প্ৰেৰণ কৰিব লাগেঃ বিশ্ব স্বাস্থ্য সংস্থা

author-image
asomiyapratidin
New Update
ধনী দেশৰ অতিৰিক্ত ভেকচিন সমূহ দুখীয়া দেশলৈ প্ৰেৰণ কৰিব লাগেঃ বিশ্ব স্বাস্থ্য সংস্থা

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্ব এতিয়া মহামাৰী কোৰোনাৰ ত্ৰাসত। এনে সময়তে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টি এ ঘেব্ৰিয়েচাছে ধনী দেশসমূহলৈ ভেকচিন সন্দৰ্ভত এক বিশেষ পৰামৰ্শ আগবঢ়ায়। মুৰব্বী গৰাকীয়ে কয় যে, বিশ্বৰ ধনী ৰাষ্ট্ৰসমূহৰ অতিৰিক্ত কোভিড ভেকচিন সমূহ দুখীয়া ৰাষ্ট্ৰ সমূহক প্ৰেৰণ কৰা উচিত।

Advertisment

উল্লেখ্য যে, বৃটেইন, অষ্ট্ৰেলিয়া, গ্ৰীচ আদি ৰাষ্ট্ৰসমূহে যুৱক-যুৱতীসকলক কোৰোনা ভেকচিন প্ৰদান নকৰাৰ সিদ্ধান্ত লৈছে। ফলত ৰাহি হোৱা অৰ্থাৎ অতিৰিক্ত ভেকচিন সমূহ দুখীয়া ৰাষ্ট্ৰ সমূহলৈ প্ৰেৰণ কৰিব লাগে বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী গৰাকীয়ে কয়।

জানিব পৰা মতে, বহু দেশত ইতিমধ্যে ভেকচিনৰ নাটনি হৈছে। মুৰব্বী গৰাকীয়ে জনোৱা অনুসৰি, উচ্চ আয়ৰ ৰাষ্ট্ৰবোৰে গড়ে প্ৰায় চাৰিজনৰ ভিতৰত এজনক ভেকচিন দিয়াৰ সময়ত সমান্তৰালভাৱে নিম্ন আয়ৰ ৰাষ্ট্ৰ সমূহত এই অনুপাত ১ঃ৫০০ হোৱা পৰিলক্ষিত হয়।