গাড়ী চলালেই সংগীত বাজি উঠা এটা পথ,পিছে ক’ত আছে এই বিশেষ পথটো...

গাড়ী চলালেই সংগীত বাজি উঠা এটা পথ,পিছে ক’ত আছে এই বিশেষ পথটো...

ডিজিটেল ডেস্ক : চৰ্চাত এটা বিশেষ পথ। সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ পৰিছে পথটো। ইয়াৰ বিশেষ কথাটো হ’ল বাহনখন চলোৱা বিশেষ চালকসকলক আদৰণি জনোৱাৰ বাবে সংগীত বজায় পথটোৱে।

ভাইৰেল ভিডিঅ’টোৱে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন দেশে পথ সুৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন কৌশল গ্ৰহণ কৰে। শেহতীয়াকৈ হাংগেৰীৰ এটা পথৰ ভিডিঅ’ ভাইৰেল হোৱাত সকলোৱে স্তম্ভিত হৈ পৰিছিল।

আচলতে এই পথটোৱে সঁচাকৈয়ে সঠিকভাৱে গাড়ী চলোৱাসকলক সন্মান জনায় নে আন কিৱা ৰহস্য। বিভিন্নজনৰ মাজত সৃষ্টি হৈছিল অনেক প্ৰশ্ন তথা ভাৱধাৰা। আনন্দ মহিন্দ্ৰাই এই পথটোত গাড়ী চলোৱাৰ সময়তে সংগীত বজোৱাৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল।

আচলতে এই ভিডিঅ'টো এখন গাড়ীৰ ভিতৰৰ পৰা বনোৱা হৈছিল যিটো পথত গতি কৰি আছে তাৰ পিছত হঠাতে এটা সংগীত বাজিবলৈ আৰম্ভ কৰিছিল। কিবা এটা এনেকুৱা যি কাৰোবাক আদৰণি জনাবৰ বাবে বজায়। সামাজিক মাধ্যমত ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচনত লিখিছে- সঠিক গতিৰে গাড়ী চলাবলৈ হাংগেৰীৰ এইটো সংগীত পথ।

তাৰ পাছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত বিভিন্নজনৰ মাজত সৃষ্টি বিভিন্ন প্ৰতিক্ৰিয়া। কোনোৱে ভিডিঅ’ শ্বেয়াৰ কৰি ক’লে হাস্যকৰ পথ, হাস্যকৰ যাত্ৰা। আন কোনোৱে আকৌ ক’লে আমোদজনক বুলি।

গাড়ী চলালেই সংগীত বাজি উঠা এটা পথ,পিছে ক’ত আছে এই বিশেষ পথটো...
নাতি ভূপেন, ভুল হ’ল তোৰ !

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in