হত্যা, অপহৰণৰ পৰা হাত সাৰিবলৈ হাইটিৰ পৰা প্ৰব্ৰজন ৯৬ হাজাৰ লোকৰ...

হত্যা, অপহৰণৰ পৰা হাত সাৰিবলৈ হাইটিৰ পৰা প্ৰব্ৰজন ৯৬ হাজাৰ লোকৰ...

ডিজিটেল ডেস্ক : কিছু দিন পূৰ্বে পুৱেৰ্ট' ৰিকোৰ এটি সাগৰীয় দ্বীপত প্ৰায় ১০০ ৰো অধিক শৰনাৰ্থী আৱদ্ধ হৈ থকাৰ বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছিল সমগ্ৰ বিশ্বতে । হাইটিৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ অবৈধ ৰূপে প্ৰব্ৰজন কৰিবলৈ বিচৰা শৰণাৰ্থী সকলক মানৱ বৰ্জিত এটি দ্বীপত অনিদ্ৰা, অনাহাৰে নিশ্চিত মৃত্যুৰ মুখলৈ আগবঢ়াই দিয়া হৈছিল শৰণাৰ্থী সকলক ।

তেনে সময়তেই আন এক তথ্যই পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বতেই । অপৰাধপ্ৰৱণ হাইটিৰ পৰা‍ ইতিমধ্যে পলায়ন কৰিছে ৯৬ হাজাৰৰো অধিক নাগৰিকে । এই বৃহৎ পৰিসংখ্যাই চিন্তিত কৰি তুলিছে হাইটিৰ নিকটৱৰ্তী ৰাষ্ট্ৰ সমূহক । কিয়নো ভাষাতাত্বিক সুবিধাৰ বাবে নিকটৱৰ্তী ৰাষ্ট্ৰ সমূহতে আশ্ৰয় বিচৰাৰ সম্ভাৱনা অধিক । তেনেস্থলত অৰ্থনৈতিক সংকটত ভূগিব পাৰে ৰাষ্ট্ৰসমূহ ।

এখন ৰাষ্ট্ৰৰ পৰা সুৰক্ষাৰ বাবে প্ৰায় এক লক্ষ নাগৰিকে প্ৰাণৰ মোহত দেশ এৰাটো এক লজ্জাজনক আৰু চিন্তনীয় বিষয় । আৰু কেৱল সুৰক্ষাই নহয় বৰং খাদ্য, পানী আৰু ইন্ধনৰ সংকটৰ বাবেও দেশ এৰিবলৈ বাধ্য হৈছে হাইটিৰ নাগৰিক ।

ইয়াৰ ওপৰিও কলেৰা মহামাৰীৰ কবলত আক্ৰান্ত প্ৰায় ১৭০০ৰো অধিক লোক । এই লোকসকলো বৰ্তমান এক শোচনীয় অৱস্থাত আশ্ৰয়ৰত হৈ আছে চৰকাৰী শিবিৰ সমূহত ।

২০২১ চনত অহা ৭.১ ৰিখটাৰ স্কেলৰ ভুমিকম্পৰ বাবে গৃহহীন হৈ আছে প্ৰায় ১৭ হেজাৰৰো অধিক লোক । অৰ্থাৎ চৰম দুৰ্দশাৰ মাজেৰে দিন কটাব লগীয়া হৈছে হাইটিবাসীয়ে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in