/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/53861c4b-8341-4f0f-ba24-4739d55b043e/BOAT_12.jpg)
কঙ্গো নদীৰ উপনৈত ভয়ংকৰ নাও দুৰ্ঘটনাঃ ২১ শিশুসহ ৮৬ জনৰ মৃত্যু...
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে ৱেষ্টাৰ্ন ডেমক্ৰেটিক ৰিপাব্লিক কঙ্গোত। দেশখনৰ কোৱা নৈত সংঘটিত হোৱা এই ঘটনাত অতি কমেও ৮৬ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত আছে ২১ টা শিশুও।
দুৰ্ঘটনা সংঘটিত হোৱা এই কোৱা নামৰ নৈখন হৈছে কঙ্গো নদীৰ এখন অন্যতম উপনৈ।সোমবাৰে নিশাই সংঘটিত হোৱা এই খবৰ আজিহে বিশ্বজুৰি প্ৰচাৰ হৈছে। ইয়াৰ পাছতে তীব্ৰ চাঞ্চল্য সৃষ্টি হোৱাৰ সমান্তৰালকৈ ভিন্ন ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে শোক প্ৰকাশ কৰিছে।
জানিব পৰা মতে সোমবাৰে নিশা প্ৰায় ১১ বজাত লেদিবা গাঁৱৰ কাষত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাগ্ৰস্ত নাওখন মুছি চহৰৰ পৰা ডেমক্ৰেটিক ৰিপাব্লিক কঙ্গোৰ ৰাজধানী কিঞ্চাচালৈ যাত্ৰা কৰিছিল।
দুৰ্ঘটনাৰ পাছতে এই পৰ্য্ন্ত ১৮৫ জন যাত্ৰীক উদ্ধাৰ কৰা হৈছে। এতিয়াও বহু যাত্ৰীক উদ্ধাৰ কৰিব পৰা হোৱা নাই। সেয়ে মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আটাইতকৈ দুখৰ কথাটো হ’ল নাওখনত প্ৰকৃততে কিমান লোকে যাত্ৰা কৰিছিল তাৰ কোনো তথ্য কাৰো হাততে নাই।
More than 80 people have been killed in a boat accident on the River Kwa in the Democratic Republic of Congo's Mai-Ndombe province, President Felix Tshisekedi said on Wednesday, reports Reuters
— ANI (@ANI) June 12, 2024
Also Read: মোডী, শ্বাহ, নড্ডাৰ উপস্থিতিত অন্ধ্ৰপ্ৰদেশ, উৰিষ্যাৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ