ইণ্ডোনেছিয়াত প্ৰৱল ভূমিকম্প, ছুনামীৰ আশংকাত দেশবাসী

ইণ্ডোনেছিয়াত প্ৰৱল ভূমিকম্প, ছুনামীৰ আশংকাত দেশবাসী

ডিজিটেল ডেস্ক : ৭.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পই জোকাৰি গ'ল ইণ্ডোনেছিয়াক । ইণ্ডোনেছিয়াৰ আম্বন দ্বীপৰ পৰা ৪২৭ কিলোমিটাৰ দূৰৈত উৎপন্ন হোৱা এই ভুমিকম্পৰ পাছত এতিয়া ছুনামিৰ আশংকাত আতংকিত দেশবাসী । ইণ্ডোনেছিয়ান চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ভূ-গৰ্ভৰ প্ৰায় ৯৫ কিলোমিটাৰ তলত উৎপন্ন হৈছিল এই ভূমিকম্পৰ । এই সাগৰীয় ভূমিকম্পই এক বিস্তৃত অঞ্চলৰ বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে সৃষ্টি কৰিছে ছুনামিৰ আশংকা । অৱশ্যে কোনো কোনো অঞ্চলত এই ভূমিকম্পৰ প্ৰৱণতা আছিল প্ৰায় ৫.৫ ৰিখটাৰ স্কেল । সেই সমূহ অঞ্চলত ক্ষয় ক্ষতিৰ পৰিমাণ তুলনামূলকভাৱে কম ।

মূলত টিমৰ, মালুকু আৰু আৰ্চিপেলাগো অঞ্চলত অনুভৱ হোৱা এই ভূমিকম্পই বাসগৃহ, বাট-পথৰ ক্ষতি সাদন কৰিছে যদিও এতিয়ালৈ কোনো লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱা নাই । আনহাতে, সাগৰীয় অঞ্চলত উৎপত্তি হোৱা এই ভূমিকম্পৰ প্ৰাবল্য অনুভৱ হয় অষ্ট্ৰেলিয়াটো । অষ্ট্ৰেলিয়াৰ ডাৰউইন অঞ্চলত এই ভুমিকম্পৰ অনুভূতি সদৰী কৰিছে বহু লোকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in