/asomiyapratidin/media/media_files/2025/01/22/ij5ieZRSFYNYOaOfRp3E.jpg)
ডিজিটেল ডেস্কঃ মাত্ৰ এটা ঘোষণাই এতিয়া প্ৰায় ৭ লাখ ২৫ হাজাৰ প্ৰবাসী ভাৰতীয়ৰ টোপনি কাঢ়িছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বন্ধুৰ এই ঘোষণাই এতিয়া এইসকল লোকৰ জীৱিকালৈয়ো ভাবুকি কঢ়িয়াই আনিছে। কোন মুহূৰ্তত তেওঁলোক বিতাৰিত হয় তাৰ কোনো নিশ্চয়তা নোহোৱা হৈছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰাৰ পাছতে ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰিছে- ‘’বানপানীত উটি অহাৰ দৰে মাৰ্কিন মুলুকত প্ৰৱেশ কৰা বেআইনী ‘এলিয়েন’সকলক বিতাৰিত কৰা হব।‘’ ট্ৰাম্পৰ এই ঘোষণাৰ পাছতে এতিয়া থৰহৰি কম্পমান ৭ লাখ ৪৫ হাজাৰ প্ৰৱাসী ভাৰতীয়ৰ।
উল্লেখ্য যে, ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰিছে আমেৰিকানসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ স্বাৰ্থত নিথিবিহীন ভাৱে আমেৰিকাত বাস কৰা প্ৰবজিত লোকসকলক বিতাৰিত কৰা হ’ব। শেহতীয়াকৈ এক প্ৰতিবেদনত প্ৰকাশ পোৱা মতে আমেৰিকাত নথিবিহীন বাসিন্দাৰ সংখ্যাৰ তালিকাত তিনি নং স্থানত আছে ভাৰতীয়। তালিকাৰ প্ৰথম আৰু দ্বিতীয় স্থানত আছে ক্ৰমে মেক্সিকান আৰু মধ্য আমেৰিকাৰ এল ছালভাদৰ নাগৰিক।
মন কৰিবলগীয়া যে, জো বাইডেনৰ কাৰ্যকালত ইতিমধ্যে ২০২৪ বিত্তীয়বৰ্ষত আমেৰিকাৰ পৰা ১৫২৯ জন ভাৰতীয়ক স্বদেশলৈ ঘূৰাই পঠিয়াইছিল। পিছে ড’নাল্ড ট্ৰাম্পৰ কাৰ্যকালত এতিয়া মাৰ্কিন প্ৰশাসন এই ক্ষেত্ৰত অধিক কঠোৰ হোৱাৰ ইংগিত পোৱা গৈছে।
সেয়ে এতিয়া আমেৰিকাত বাস কৰা প্ৰবাসী ভাৰতীয়সকলৰ মাজত মেঘাছন্ন পৰিবেশে বিৰাজ কৰিছে। ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিয়েই ট্ৰাম্পে ঘোষণা কৰিছিল, ‘’আমাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ কৰ্তব্যসমূহৰ ভিতৰত এটা হ’ল মাৰ্কিন জনতাক বেআইনী প্ৰবজন আৰু পুনৰ্বাসৰ পৰা ৰক্ষা কৰা। ইয়াৰ বাবে আমাৰ প্ৰশাসনে বানপানীত উটি অহাৰ দৰে অহা ‘এলিয়েন’সকলক মাৰ্কিন মুলুকৰ পৰা বিতাৰিত কৰিবলৈ সাম্ভাব্য সকলো সূত্ৰকে কামত নিয়োজিত কৰিব।
ট্ৰাম্পৰ এই ঘোষণাৰ পাছতে চিন্তিত হৈ পৰিছে এইছ-১ ভিছা থকা লোকসকলো। আমেৰিকাত এনে বহু ভাৰতীয় আছে যাৰ অস্থায়ী ভিছা আছে। ২০২৩ চনৰ এক পৰিসংখ্যা অনুসৰি আমেৰিকাত ভিছা লৈ বাস কৰা ৩.৮৬ লাখ ভাৰতীয়ৰ ৭২ শতাংশইহে ভিছা নৱীকৰণ কৰিছিল বা তেওঁলোকৰ বাবে নতুনকৈ ভিছা জাৰি কৰা হৈছিল।
মন কৰিবলগীয়া যে, ড’নাল্ড ট্ৰাম্পে সোমবাৰে ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰাৰ পাছতে বিশ্বজুৰি ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। মঙ্গলবাৰে ভাৰতীয় শ্বেয়াৰ বজাৰতো ইয়াৰ স্পষ্ট প্ৰভাৱ পৰিছিল।হোৰাহোৰে তললৈ নামিছিল ছেনছেক্স আৰু নিফটিৰ সূচক। ভাৰত সম্পৰ্কে ট্ৰাম্পে ল’ব পৰা সাম্ভাব্য সিদ্ধান্তৰ বাবেই বিনিয়োগকাৰীয়ে হেৰুৱাইছিল ৫ লাখ কোটি।