জানুৱাৰীত ৬৮ হেজাৰ চাকৰি কৰ্তন ২১৯ প্ৰযুক্তি প্ৰতিষ্ঠানৰ

জানুৱাৰীত ৬৮ হেজাৰ চাকৰি কৰ্তন ২১৯ প্ৰযুক্তি প্ৰতিষ্ঠানৰ

ডিজিটেল ডেস্ক : চলিত বৰ্ষৰ জানুৱাৰী মাহত বিশ্বৰ আগশাৰীৰ ২১৯টাকৈ প্ৰযুক্তি প্ৰতিষ্ঠানে প্ৰায় ৬৮ হেজাৰ কৰ্মচাৰীৰ চাকৰি কৰ্তন কৰিছে । এনে প্ৰতিষ্ঠানৰ তালিকাত মাইক্ৰ'ছফট আৰু গুগলৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠানৰ নামো অন্তৰ্ভুক্ত হৈছে । প্ৰযুক্তি খণ্ডৰ সৈতে জড়িত বিভিন্ন প্ৰতিষ্ঠানে জানুৱাৰী মাহত গড় হিচাপত দৈনিক ৩,৪০০ চাকৰি কৰ্তন কৰিছে । চাকৰি কৰ্তনৰ তথ্য সংগ্ৰহকাৰী ৱেবছাইট লে'অফছ্ ডট এফ ৱাই আইৰ এক প্ৰতিবেদনৰ জৰিয়তে পোহৰলৈ আহিছে এই তথ্য । এই প্ৰতিবেদনৰ মতে বিগত বৰ্ষৰ শেষৰ পিনে আৰম্ভ হোৱা চাকৰি কৰ্তনৰ প্ৰক্ৰিয়া নতুন বছৰৰ জানুৱাৰী মাহতো অব্যাহত আছে ।

উল্লেখ্য যে, বিশ্বজুৰি মন্দাৱস্থাৰ আশংকাত ২০২২ৰ শেষৰ পিনে চাকৰি কৰ্তনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল তথ্য-প্ৰযুক্তি খণ্ডৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহে । মাইক্ৰ'ছফট আৰু গুগলৰ লগতে প্ৰযুক্তি খণ্ডৰ সৈতে জড়িত বিভিন্ন কম পৰিসৰৰ প্ৰতিষ্ঠানেও চাকৰি কৰ্তন কৰা পৰিলক্ষিত হৈছে । ভাৰততো ইয়াৰ ফলত চাকৰি হেৰুৱাবলগীয়া হৈছে প্ৰযুক্তি খণ্ডৰ সৈতে জড়িত যথেষ্টসংখ্যক কৰ্মচাৰীয়ে ।

প্ৰতিষ্ঠান সমূহে অৱশ্যে এই বৃহৎ সংখ্যক চাকৰি কৰ্তনৰ বাবে আন্তৰ্জাতিক বজাৰৰ মন্দাৱস্থাকে দোষাৰোপ কৰিছে । ইয়াৰে ভিতৰত কেৱল আমাজনেই ১৮ হাজাৰ, গুগলে ১২ হাজাৰ আৰু মেটা (ফেছবুক) এ ১১ হেজাৰ চাকৰি কৰ্তন কৰিছে এতিয়ালৈ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in