মক্কাত মৃত্যুৰ কিৰিলিঃ এই পৰ্যন্ত মৃত্যু ৯০০ ৰো অধিক হজ যাত্ৰীৰ...

মক্কাত মৃত্যুৰ কিৰিলিঃ এই পৰ্যন্ত মৃত্যু ৯০০ ৰো অধিক হজ যাত্ৰীৰ...
মক্কাত মৃত্যুৰ কিৰিলিঃ এই পৰ্যন্ত মৃত্যু ৯০০ ৰো অধিক হজ যাত্ৰীৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ প্ৰচণ্ড গৰম সহ্য কৰিব নোৱাৰি মক্কাত মৃত্য হোৱা হজযাত্ৰীৰ সংখ্যা ৯০০ ৰো অধিকলৈ বৃদ্ধি হৈছে। এক কথাত যেন গৰমৰ বাবেই মৃত্যু উপত্যকাত পৰিণত হৈছে পবিত্ৰ ভূমি মক্কা। মৃতদেহৰে ভৰি পৰিছে আৰৱৰ আটাইতকৈ ডাঙৰ মৰ্গ।

প্ৰায় ৫২ ডিগ্ৰীৰ তাপমাত্ৰাই হজযাত্ৰীসকলক জুৰুলা কৰিছে। ইতিমধ্যে গৰমত মৃত্যু হোৱা হজ যাত্ৰীসকলৰ মাজত আছে ৬৮ জনৰো অধিক ভাৰতীয়। এতিয়াও মক্কাত সন্ধানহীন হৈ আছে বহু কেইজন। এই খবৰ নিশ্চিত কৰিছে চৌদি আৰৱৰ এক কূটনৈতিক নেতাই।

মঙ্গলবাৰে আৰবৰ প্ৰশাসনীয় সূত্ৰৰ এক খবৰ অনুসৰি প্ৰচণ্ড গৰমত হজযাত্ৰালৈ যোৱা শ শ লোক অসুস্থ হৈ পৰিছে। বৃহস্পতিবাৰে মৃতকৰ সংখ্যা ৯০০ ৰো অধিক হৈছেগৈ। এইসকলৰ মাজত আছে বহু ভাৰতীয়।

নাম প্ৰকাশত অনিচ্ছুক এই বিষয়াগৰাকীয়ে এক সংবাদ সংস্থাৰ আগত পুনৰ কয় যে, এই পৰ্যন্ত আমি ৬৮ জন ভাৰতীয় মৃত্যুৰ খবৰ লাভ কৰিছোঁ। যাৰ ভিতৰত বহুকেইজনে স্বাভাৱিক কাৰণতে মৃত্যু বৰণ কৰিছে। বহু কেইজন জলবায়ুৰ বাবে মৃত্যু হৈছে। কোনো কোনোৰ আকৌ বাৰ্ধক্যজনিত কাৰণত মৃত্যু হৈছে। সন্ধানহীন হৈ আছে বহু কেইজন ভাৰতীয়।

তেওঁ কয় প্ৰত্যেক বছৰেই এই ঘটনাৰ পুনৰাবৃত্তি ঘটে। বিগত বছৰতো পৰিস্থিতি এনেকুৱাই আছিল। জানিব পৰা মতে মৃতকৰ বেছিভাগেই ইজিপ্তৰ। হজৰ সময়ত অত্যাধিক গৰমত মৰুৰ দেশখনৰ অতি কমেও ৩৩০ জন লোকৰ মৃত্যু হৈছে। জৰ্ডানৰ ৬০ জন লোকৰ মৃত্যু হৈছে।

উল্লেখ্য যে, আৰাৱৰ আটাইতকৈ ডাঙৰ মৰ্গ হৈছে আল মুইজেম। এই আল মুইজেম এতিয়া মৃতদেহৰে ভৰি পৰিছে। সময় যিমানেই বাগৰিছে পৰিস্থিতি সিমানেই অধিক ভয়াৱহ হৈ পৰিছে। এতিয়াও অসুস্থ হৈ আছে কেইবা হাজাৰ হজ যাত্ৰী।

চৌদি আৰৱৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি যোৱা সোমবাৰে মক্কাৰ গ্ৰেণ্ড মছজিদ চৌহদৰ তাপমাত্ৰা আছিল ৫১.৮ ডিগ্ৰী চেলচিয়াছ। সেইদিনা ২০০০ তকৈ অধিক হজ যাত্ৰা অসুস্থ হৈ পৰিছিল।

বুধবাৰে তপমাত্ৰা ৫২ ডিগ্ৰী চেলচিয়াছত উপনীত হৈছে। বিগত বছৰত মক্কাত বিভিন্ন দেশৰ ২৪০ জন তীৰ্থযাত্ৰীৰ মৃত্যু হৈছিল। এইবাৰ পৰিস্থিতি অধিক ভয়ানক হৈ পৰিছে। এইবাৰ মক্কালৈ গৈছে ১৮ লাখ হজ যাত্ৰী। ইয়াৰে ১৬ লাখেই বিদেশী।

মক্কাত মৃত্যুৰ কিৰিলিঃ এই পৰ্যন্ত মৃত্যু ৯০০ ৰো অধিক হজ যাত্ৰীৰ...
শিক্ষা সেতু এপৰ সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ স্পষ্টিকৰণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in