/asomiyapratidin/media/media_files/2025/02/01/z84Zbg2sEJSXWMbF63Cd.jpg)
ডিজিটেল ডেস্কঃ ম্যানমাৰৰ সামৰিক শাসক জুণ্টালৈ আহিছে বিপদ। সামৰিক শাসকগৰাকীয়ে যিমানেই বিদ্ৰোহীৰ ওপৰত আক্ৰমণ বৃদ্ধি কৰিছে সিমানেই বিদ্ৰোহ শক্তিশালী হৈছে। গৃহযুদ্ধত জৰ্জৰিত দেশখনৰ ৬০ শতাংশৰো অধিক অঞ্চল এতিয়া আছে সশস্ত্ৰ বিদ্ৰোহীৰ দখলত।
এনে অৱস্থাত ক্ষমতা দখলৰ চাৰি বছৰীয়া বৰ্ষপূৰ্তিত সামৰিক শাসকগৰাকীয়ে কোনো ধৰণৰ জাকজমকতা বা উৎসৱৰ আয়োজন কৰা নাই। উল্লেখ্য যে, ম্যানমাৰৰ সামৰিক বাহিনীয়ে ২০২১ চনৰ ১ ফেব্ৰুৱাৰীত গণতান্ত্ৰীক নেত্ৰী আং চান চ্যু কীৰ নেচনেল লীগ ফৰ ডেমক্ৰেচীৰ নেতৃত্বত নিৰ্বাচিত চৰকাৰক উৎখাত কৰিছিল।
এই নেতাসকলক কাৰাগাৰলৈ নিক্ষেপ কৰি পুনৰ দেশখনত আৰম্ভ কৰিছিল সামৰিক শাসন।এনে পৰিস্থিতিৰ মাজতে আঢ়ৈ বছৰৰ পিছত, দেশখনৰ তিনিটাকৈ বিদ্ৰোহী গোট তাং নেচনেল লিবাৰেচন আৰ্মি (টিএনএলএ), আৰাকান আৰ্মি (এএ) আৰু ম্যানমাৰ নেচনেল ডেমক্ৰেটিক এলায়েন্স আৰ্মি (এমএনডিএএ)একত্ৰিত হৈ গঠন কৰে থ্ৰী ব্ৰাদাৰহুড এলায়েন্সে। এই বিদ্ৰোহী গোটে তাৰ পাছৰ পৰাই সামৰিক জুণ্টাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে।
ইয়াৰ পৰৱৰ্তী সময়ত বিদ্ৰোহী গোটৰ এই অভিযানৰ অংশ হৈ পৰে 'চাইনা নেচনেল আৰ্মি' (চি এন এ), চাইনালেণ্ড ডিফেন্স ফ'ৰ্চ (চি ডি এফ), 'কাচিন লিবাৰেচন ডিফেন্স ফ'ৰ্চ' (কে এল ডি এফ), আৰু স্বঘোষিত চ্যু কী চৰকাৰৰ 'ৰাষ্ট্ৰীয় ঐক্য চৰকাৰ'ৰ সশস্ত্ৰ বাহিনী 'পি পি এফ'।
এইসমূহ বিদ্ৰোহা গোটৰ ঐক্যবদ্ধ সংগ্ৰামত এতিয়া দিশহাৰা হোৱাৰ দিশে সামৰিক জুণ্টা। দেশখনত বিদ্ৰোহী সমৰ্থিত ইউনাইটেড ৱা ষ্টেট পাৰ্টিয়ে (ইউ ডব্লিউ এছ পি) ইতিমধ্যে একাংশ প্ৰদেশত সমান্তৰাল চৰকাৰ চলাবলৈ আৰম্ভ কৰিছে। বিদ্ৰোহাসকলৰ হৈ থাইলেণ্ডত নিৰ্বাসিত ম্যানমাৰৰ গণতন্ত্ৰপন্থী নাগৰিকৰ দ্বাৰা পৰিচালিত সংবাদ মাধ্যম ইৰাৱতীয়ে প্ৰচাৰ চলাই আছে।
এনে পৰিস্থিতিত এতিয়া সামৰিক জুণ্টাৰ টোপনি হেৰাইছে। সেয়ে ক্ষমতা দখলৰ এই বৰ্ষপূৰ্তি তেওঁ পৰিহাৰ কৰিছে। অৱশ্যে বিদ্ৰোহীসকলে গোটেই দেশখনৰ ক্ষমতা দখল কৰিব বুলি বিশ্বাস কৰা নাই একাংশ বিশেষজ্ঞই।
কিয়নো দেশখনৰ ৰাজধানীৰ লগতে বৃহৎ নগৰসমূহত বেছি ভাগেই জুণ্টাৰ সমৰ্থক। দেশখনৰ প্ৰভাৱশালী ভিক্ষুসকল এতিয়াও জুণ্টাৰ পক্ষত আছে। সেয়ে বিদ্ৰোহীসকলে এই অঞ্চলসমূহৰ নিয়ন্ত্ৰণ নিজৰ দখললৈ আনিব নোৱাৰিব বুলি অনুমান কৰা হৈছে।
আনহাতে, মুখ্যতঃ প্রান্তিয় অঞ্চলৰ জনজাতীয় গোটবোৰ বিদ্ৰোহীসকলৰ সমৰ্থনত আছে। তাৰ মাজতে জুণ্টাৰ বাবে ভাল খবৰ এয়াই যে, চলিত সপ্তাহতে চীনৰ দ্বাৰা মধ্যস্থতাকাৰী তথা বিদ্ৰোহী মিত্ৰজোঁট 'থ্ৰী ব্ৰাদাৰহুড এলায়েন্স'ৰ দ্বিতীয় সৰ্ববৃহৎ সশস্ত্ৰ গোট ম্যানমাৰ নেচনেল ডেমক্ৰেটিক এলায়েন্স আৰ্মী (এম এন ডি এ এ)য়ে যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ কৰিছে।