শিক্ষাৰ্থী, চৰকাৰী সমৰ্থকৰ মাজত সংঘৰ্ষঃ এই পৰ্যন্ত ৬ জনে হেৰুৱালে প্ৰাণ...

Amnesty International, মাৰ্কিন বৈদেশিক সচিবৰ নিন্দা

author-image
Asomiya Pratidin
New Update
শিক্ষাৰ্থী, চৰকাৰী সমৰ্থকৰ মাজত সংঘৰ্ষঃ এই পৰ্যন্ত ৬ জনে হেৰুৱালে প্ৰাণ...

শিক্ষাৰ্থী, চৰকাৰী সমৰ্থকৰ মাজত সংঘৰ্ষঃ এই পৰ্যন্ত ৬ জনে হেৰুৱালে প্ৰাণ...

মাছুম বিল্লাহ ঢাকাঃ বাংলাদেশৰ ৰাজপথত শিক্ষাৰ্থী, শাসকীয় দলৰ ছাত্ৰ সংগঠন আৰু আৰক্ষীৰ সংঘৰ্ষৰে ৰক্তাক্ত হৈ পৰিছে। শিক্ষাৰ্থীৰ প্ৰতিবাদেৰে উত্তাল হৈ পৰিছে ঢাকাকে ধৰি দেশখনৰ প্ৰায়সমূহ মুখ্য চহাৰৰ ৰাজপথ।

Advertisment

বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়নৰত শিক্ষাৰ্থীয়ে শ্ৰেণীকোঠা এৰি ৰাজপথত নামি কৰা প্ৰতিবাদৰ মাজতে শাসকীয় দলৰ ছাত্ৰসংগঠন ছাত্ৰলীগ আৰু আৰক্ষীৰে হোৱা সংঘৰ্ষত এই পৰ্যন্ত ৬ জনকৈ লোকৰ মৃত্যু হৈছে। আহতৰ সংখ্যা হাজাৰৰ ঘৰত।

সোমবাৰে সমগ্ৰ বাংলাদেশত কোটা সংস্কাৰৰ দাবীত শিক্ষানুষ্ঠানসমূহৰ শিক্ষাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে তেওঁলোকৰ সৈতে সংঘাতত লিপ্ত হয় শাসকীয় দলৰ ছাত্ৰ সংগঠন ছাত্ৰলীগ। শিক্ষাৰ্থীসকলে প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই সংৰক্ষণ সন্দৰ্ভত কৰা বক্তব্য প্ৰত্যাহাৰ আৰু সংৰক্ষণৰ প্ৰথা যুক্তিগতভাৱে সমাধানৰ দাবীত তীব্ৰ আন্দোলন কৰিছে।

সোমবাৰে আৰম্ভ হোৱা এই আন্দোলন মঙ্গলবাৰেও অব্যাহত আছে। দেশখনৰ বিভিন্ন স্থানত শিক্ষাৰ্থীসকলে পথ অৱৰোধ কৰি বিক্ষোভ প্ৰদৰ্শন কৰিছে। ফলত ঢাকাৰ বিভিন্ন পথত যানবাহন চলাতল বন্ধ হৈ এক অচলাবস্থাৰ সৃষ্টি হয়।

ইফালে ছাত্ৰলীগে মঙ্গলবাৰে দুপৰীয়াৰ পৰা তেওঁলোকৰ ওপৰত আক্ৰমণ হোৱাৰ অভিযোগ তুলি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰে। ইয়াৰ পিছতে দিনৰ প্ৰায় ডেৰ বজাৰ ভিতৰত সমগ্ৰ দেশজুৰি প্ৰতিবাদে অন্য ৰূপ ধাৰণ কৰে।

শিক্ষাৰ্থী, ছাত্ৰলীগৰ এনে আন্দোলনৰ মাজতে আকৌ আৰক্ষীও শিক্ষাৰ্থীসকলৰ ওপৰত জপিয়াই পৰে। আন্দোলনকাৰী আৰু আৰক্ষীৰ মাজৰ এই সংঘৰ্ষ এতিয়াও ঠায়ে ঠায়ে অব্যাহত আছে।

এনে সংঘৰ্ষৰ ফলতে এই পৰ্যন্ত ৬ জনৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত চট্টগামত ৩ জন, ঢাকাত ২ জন আৰু ৰংপুৰত এজন লোক নিহত হৈছে। এইসকলৰ ভিতৰত ৩ জন শিক্ষাৰ্থী, এজন পথাচাৰী আৰু বাকী দুজনৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই।

ইফালে সোমবাৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদত শিক্ষাৰ্থীৰ ওপৰত আৰক্ষীয়ে চলোৱা অত্যাচাৰকক নিন্দা কৰিছে আন্তৰ্জাতিক মানৱ অধিকাৰ সংস্থা এমনেষ্টি ইণ্টাৰনেচনেলৰ উপৰিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰণালয়ে।

উল্লেখ্য যে, বিগত দেওবাৰে গণভৱনত এক সংবাদ মেল সম্বোধন কৰি প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই সংৰক্ষণ সন্দৰ্ভতদ কৰা এক মন্তব্যক কেন্দ্ৰ কৰি সেই দিনাৰ নিশাৰ পৰাই ঢাকাৰ ৰাজপথত শিক্ষাৰ্থীসকলে প্ৰতিবাদ আৰম্ভ কৰিছিল। ইয়াৰ পিছত সোমবাৰে ঢাকাৰ কেইবাখনো বিশ্ববিদ্যালয় আৰু শিক্ষা প্ৰতিষ্ঠানত আন্দোলনকাৰী শিক্ষাৰ্থীৰ ওপৰত ছাত্ৰলীগৰ কৰ্মীয়ে আক্ৰমণ কৰে।

অৱশ্যে ছাত্ৰলীগে এই অভিযোগ প্ৰত্যাখ্যান কৰি তেওঁলোকৰ ওপৰতহে আন্দোলনকাৰীয়ে আক্ৰমণ কৰাৰ অভিযোগ কৰিছে। ঢাকাস্থিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক সচিবগৰাকীয়ে বাংলাদেশৰ এই ছাত্ৰ বিক্ষোভৰ ওপৰত দৃষ্টি ৰাখিছে বুলি উল্লেখ কৰি সকলো ধৰণৰ হিংসাত্মক ঘটনাক নিন্দা কৰিছে।

Also Read: চিকিৎসকৰ পদত্যাগৰ জোৱাৰ, কি হ'ব জনতাৰ ?

বাংলাদেশ