চীনৰ আন এক চমক, বিমানবন্দৰত আৰম্ভ ৫ জি সেৱা

চীনৰ আন এক চমক, বিমানবন্দৰত আৰম্ভ ৫ জি সেৱা

author-image
asomiyapratidin
New Update
চীনৰ আন এক চমক, বিমানবন্দৰত আৰম্ভ ৫ জি সেৱা

ডিজিটেল ডেস্কঃ প্ৰযুক্তিবিদ্যাৰ ন ন চমকেৰেহ প্ৰতিদিনেই যেন বিশ্ববাসীক আচৰিত কৰাটো চীনৰ এটা অন্যতম কাম। কৃত্ৰিম চন্দ্ৰ আৱিষ্কাৰৰ পৰা আদি কৰি বিশাল পৰ্বত ভেদি দলং নিৰ্মাণ কৰালৈকে সকলোবোৰ অসম্ভৱ কামকো সম্ভৱ কৰি তুলিছে চীনে। শেহতীয়াকৈ চীনে বিশ্ববাসীক দিলে অন্য এক চমক। দক্ষিণ চীনৰ গুৱাঞ্জ'হ বিমান বন্দৰত সংযোগ কৰা হ'ল ৫ জি সেৱা।

Advertisment

দেশৰ ভিতৰত এই সেৱা উপলদ্ধ প্ৰথমটো বিমান বন্দৰ হিচাপে স্বীকৃতি পালে এই বিমান বন্দৰটোৱে। চীনৰ এক সংবাদমাধ্যমৰ খবৰ অনুসৰি এই সেৱা উপলদ্ধৰ পাছত পূৰ্বৰ ৪ জি সেৱাতকৈ ৫০ গুণ অধিক স্পীডত চলিব ইন্টাৰনেট। উল্লেখ্য যে, গুৱাঞ্জ'হ বিমান বন্দৰটো দক্ষিণ চীনৰ এটা প্ৰধান বিমান বন্দৰ। প্ৰতিদিনে ৯০ৰো অধিক আন্তৰাষ্ট্ৰীয়-ৰাষ্ট্ৰীয় বিমান অহা-যোৱা কৰে এই বিমান বন্দৰটোৰ পৰা।