/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/america.jpg)
ডিজিটেল ডেস্ক: ট্ৰাকৰ ভিতৰত উদ্ধাৰ ৪৬ জনৰ মৃতদেহ। এক ভয়ংকৰ খবৰে জোকাৰ গৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকাৰ টেক্সাসত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।
টেক্সাসৰ এখন চহৰত এখন ট্ৰাকৰ পৰা উদ্ধাৰ হৈছে ৪৬ জন লোকৰ মৃতদেহ। আমেৰিকাৰ ল এনফৰ্চমেন্ট অফিচাৰে ঘটনা সন্দৰ্ভত জনায়। এই ঘটনাটো মানৱ সৰবৰাহৰ ঘটনা বুলি সন্দেহ কৰা হৈছে।
উল্লেখ্য যে, ট্ৰাকৰ ভিতৰত থকা অন্য ১৬ গৰাকী লোকক হস্পাতালত ভৰ্তি কৰোৱা হৈছে। ইয়াৰ ভিতৰত ৪ জন কিশোৰো আছিল।
জানিব পৰা মতে কোনো ব্যক্তিয়ে ৰাজপথেৰে গৈ থাকোতে কোনোবাই সহায় বিচাৰি থকা শুনিবলৈ পাইছিল। তেতিয়াই তেওঁ ওচৰলৈ গৈ প্ৰত্যক্ষ কৰে সকলো। ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু ৩ জনক গ্ৰেপ্তাৰ কৰে।
আৰু পঢ়ক: ২০১৮ চনৰ এটা টুইট, ভগৱানক অপমান! গ্ৰেপ্তাৰ সাংবাদিক…