ডিজিটেল ডেস্ক: ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ এখন চহৰ Bucha ত প্ৰায় ৩০০ লোকক একেলগে কবৰ দিয়া হয়।চহৰৰ মেয়ৰে জনাই যে ৰাছিয়া-ইউক্ৰেইনৰ মাজত হোৱা আক্ৰমণৰ মাজতেই Bucha ত প্ৰায় ২৮০ জন লোক সামূহিক কবৰ দিয়া হয়।
তেওঁ কয় যে চহৰখনৰ বিভিন্ন স্থানত মৃতদেহ ভৰি পৰিছিল।বহুলোকক কেৱল গুলী মাৰিয়েই হত্যা কৰা হৈছিল।এই মৃত লোক সকলৰ ভিতৰত পুৰুষ-মহিলাও অন্তৰ্ভুক্ত আছে।
উল্লেখ্য যে, বহু লোকে নদী পাৰ হৈ প্ৰাণ ৰক্ষা কৰিব বিচাৰিছিল যদিও তেওঁলোককো গুলীয়াই হত্যা কৰা হয়। তেওঁ কয় যে ৰাছিয়াৰ আক্ৰমণত কিমান লোকৰ মৃত্যু হৈছে সেয়া কোৱা সম্ভৱ নহয়।
আৰু পঢ়ক: ভৱানীপুৰ সামূহিক চিকিৎসালয়ৰ উপ-অধীক্ষকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ…