ছাত্ৰ আন্দোলনত ৰণক্ষেত্ৰলৈ পৰিণত বাংলাদেশৰ ৰাজপথঃ এই পৰ্যন্ত ১৭ জন নিহত...

আন্দোলনকাৰী শিক্ষাৰ্থীৰ সৈতে আলোচনাৰ প্ৰস্তাৱ বাংলাদেশৰ আইন মন্ত্ৰীৰ

author-image
Asomiya Pratidin
New Update
ছাত্ৰ আন্দোলনত ৰণক্ষেত্ৰলৈ পৰিণত বাংলাদেশৰ ৰাজপথঃ এই পৰ্যন্ত ১৭ জন নিহত...

ছাত্ৰ আন্দোলনত ৰণক্ষেত্ৰলৈ পৰিণত বাংলাদেশৰ ৰাজপথঃ এই পৰ্যন্ত ১৭ জন নিহত...

মাছুম বিল্লাহ, ঢাকা: চৰকাৰী চাকৰিত সংৰক্ষণৰ সংস্কাৰৰ দাবীত বাংলাদেশত চলি থকা আন্দোলনৰ মাজতে শিক্ষাৰ্থীয়ে ঘোষণা কৰা সৰ্বাত্মক বন্ধত আৰক্ষী, শাসক দলৰ সমৰ্থকৰ সৈতে হোৱা সংঘৰ্ষত প্ৰতিবাদী শিক্ষাৰ্থীসহ এই পৰ্যন্ত ১৭ জন লোকৰ মৃত্যু হৈছে। নিহতসকলৰ মাজত ১১ জনেই ঢাকাৰ বিভিন্ন অঞ্চলত মৃত্যু হৈছে। বাকী ৬ জন ঢাকাৰ পৰা আঁতৰৰ চট্টগাম, মাদাৰিপুৰ, নৰসিংদী আদি অঞ্চলত মৃত্যু হৈছে। এই মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি হোৱাৰ আশংকা আছে।

Advertisment

ইয়াৰ পূৰ্বে যোৱা মঙ্গলবাৰে আৰক্ষী আৰু শাসকদলৰ ছাত্ৰ সংগঠন ছাত্ৰলীগৰ আক্ৰমণ আৰু গুলী চালনাত ৬ জন শিক্ষাৰ্থীৰ মৃত্যু হৈছিল। ইয়াকে ধৰি যোৱা তিনিদিনত চুবুৰীয়া দেশখনত ২০ গৰাকী শিক্ষাৰ্থী নিহত হৈছে।

বৃহস্পতিবাৰে আৰক্ষীৰ গুলীত ঢাকাৰ উত্তৰায় নৰ্দান বিশ্ববিদ্যালয়ৰ ২ গৰাকী শিক্ষাৰ্থী, ধানমণ্ডিত থকা ঢাকা ৰেচিডেনছিয়েল মডেল কলেজৰ এজন ছাত্ৰ, যাত্ৰাবাড়ী,, ৰামপুৰ, ছাভাত ১ জনকৈ শিক্ষাৰ্থী নিহত হৈছে। ইয়াৰোপৰি ঢাকাৰ বাহিৰত চট্টগামত ২জন, নৰসিংদী, মাদাৰিপুৰত এজনকৈ শিক্ষাৰ্থী নিহত হৈছে। আনহাতে বৃহস্পতিবাৰে দিনটোতে ৩ হাজাৰ শিক্ষাৰ্থী আহত হৈছে।

ৰাজধানী ঢাকাৰ উপৰিও, চিটাগং, ৰাজশাহী, ৰংপুৰ, বৰিশাল, চিলেট আৰু মইমেনসিংকে ধৰি বিভিন্ন অঞ্চলত আৰক্ষীৰ সৈতে শিক্ষাৰ্থী সংঘৰ্ষ হৈছে। সমগ্ৰ দেশতে পথ আৰু ৰে'ল যোগাযোগ বন্ধ হৈ পৰিছে। এনে আন্দোলনৰ বাবে, চৰকাৰে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে।

এনে আন্দোলনৰ পৰিস্থিতিত সমগ্ৰ বাংলাদেশ এতিয়া এক জ্বলন্ত অগ্নিকুণ্ডলৈ পৰিণত হৈছে। ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ খবৰ যিমানেই আহিছে ঢাকাৰ পৰিৱেশ সিমানেই অধিক উত্তপ্ত হৈ পৰিছে। ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীসকলে বাংলাদেশৰ দুৰ্যোগ ব্যৱস্থাপনা ভৱন বিটিভি ভৱনত আক্ৰমণ কৰি জুই লগাই দিছে। তেওঁলোকে ফ্লাইঅভাৰ, বাছ আৰু আৰক্ষীৰ বাহনতো অগ্নি সংযোগ কৰিছে।

চৰকাৰে সম্পূৰ্ণ বন্ধ আৰু প্ৰতিবাদকাৰী প্ৰতিহত কৰিবলৈ ঢাকাকে ধৰি সমগ্ৰ দেশতে অৰ্ধসামৰিক বাহিনী বিজিবিৰ ২২৯ প্লাটুনৰ জোৱান, বৃহৎ সংখ্যক আৰক্ষী আৰু ৰেপিড বেটেলিয়ন আৰ এ বি আৰু স্বাত মোতায়েন কৰিছে। এন পৰিস্থিতিত শিক্ষাৰ্থীসকলৰ চৰকাৰৰ এই সুৰক্ষাবাহিনীৰ সৈতে সংঘৰ্ষ বৃদ্ধি হৈছে। আৰক্ষীয়ে শ শ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে।

ইফালে, বাংলাদেশৰ আইন মন্ত্ৰী আনিছুল হকে এনে পৰিস্থিতি চৰকাৰৰ স্থিতি ঘোষণা কৰিছে। তেওঁ কয়, হাছিনা চৰকাৰ চৰকাৰী চাকৰিত সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰৰ পক্ষত আছে। চৰকাৰে যেতিয়াই বিচাৰে শিক্ষাৰ্থীসকলৰ সৈতে আলোচনাত বহিবলৈ সাজু। উচ্চতম ন্যায়ালয়ত উঠা এই বিষয়ৰ গোচৰৰ শুনানিত চৰকাৰে সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰৰ পক্ষতে প্ৰস্তাব দাখিল কৰিব বুলিও কয়।

বৈষম্যবিৰোধী ছাত্ৰ আন্দোলনৰ নেতাসকলে এই সন্দৰ্ভত কয় যে আৰক্ষী-বিজিবি-ছাত্ৰলীগে যুটীয়াভাৱে সংৰক্ষণ সংস্কাৰৰ যুক্তিগত আৰু ন্যায্য আন্দোলনক আক্ৰমণ কৰি আন্দোলনক দমন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। তেওঁলোকে লগতে কয় যে ছাত্ৰ-ছাত্ৰীৰ এই আন্দোলন স্বতঃস্ফূৰ্ত আৰু শান্তিপূৰ্ণ আছিল। কিন্তু চৰকাৰে কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰিলে। চৰকাৰে প্ৰথমে এই আন্দোলনক যিমান পাৰে এৰি চলিবলৈ চেষ্টা কৰিছিল।পিছত, চৰকাৰৰ নিৰ্দেশতে আইন প্ৰৱৰ্তনকাৰী সংস্থা আৰু দলীয় সন্ত্ৰাসবাদীৰ জৰিয়তে এই আন্দোলনটোক হিংসাত্মক কৰি তুলি দমন কৰাৰ চেষ্টা চলাইছে।

সংৰক্ষণ সংস্কাৰ এই আন্দোলনৰ নেতাসকলে পুনৰ কয় যে, শিক্ষাৰ্থীসকলে দেশৰ বিভিন্ন প্ৰান্তত স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদ কৰিছে। সকলো বিশ্ববিদ্যালয় আৰু শিক্ষানুষ্ঠান বলপূৰ্বক বন্ধ কৰি দিয়া হৈছে আৰু শিক্ষাৰ্থীসকলক বহিষ্কাৰ কৰা হৈছে। আৰক্ষীয়ে ঢাকা বিশ্ববিদ্যালয়, জাহাংগীৰনগৰ বিশ্ববিদ্যালয়, ৰাজশ্বাহী বিশ্ববিদ্যালয়, চিটাগং বিশ্ববিদ্যালয় আৰু অন্যান্য চৌহদত কন্দুৱা গেছৰ, গ্ৰেণেড আৰু গুলী নিক্ষেপ কৰিছে। ঢাকা বিশ্ববিদ্যালয়ত আৰক্ষী, আৰ এবি, বি জি বি আৰু স্বাতে যুটীয়াভাৱে কফিন শোভাযাত্ৰাত আক্ৰমণ কৰিছে।

আৱামী লীগৰ সাধাৰণ সম্পাদক তথা পথ পৰিবহণ আৰু দলং মন্ত্ৰী ওবাইডুল কাদাৰে আজি এই আন্দোলনৰ প্ৰসংগত কয় যে শিক্ষানুষ্ঠানসমূহ বন্ধ কৰাৰ ঘোষণাৰ পাছতো বিৰোধী বি এন পি আৰু জামাতে সংৰক্ষণ বিৰোধী আন্দোলনৰ মাজতে তেওঁলোকৰ পুৰণি অগ্নিসংযোগ, সন্ত্ৰাসবাদী কাৰ্যকলাপৰ আশ্ৰয় লৈ পৰিস্থিতি অধিক জটিল কৰিছে। এই সন্ত্ৰাসবাদী দলটোৱে ইতিমধ্যে শিক্ষানুষ্ঠানসমূহক সুৰক্ষিত স্থান হিচাপে ব্যৱহাৰ কৰি অৰাজকতাৰ সৃষ্টি কৰিছে।

দেশখনৰ প্ৰধান বিৰোধী ৰাজনৈতিক দল বি এন পিৰ জ্যেষ্ঠ যুটীয়া সম্পাদক ৰুহুল কবিৰ ৰিজৱীয়ে শনিবাৰে চৰকাৰী চাকৰিত সংৰক্ষণ সংস্কাৰ আন্দোলনত জৰিত হৈ পৰা শিক্ষাৰ্থীসকলৰ মুক্তিৰ সন্তান আখ্যা দিছিল তেওঁ কৈছিল শিক্ষাৰ্থীসকলে দেশৰ জনসাধাৰণৰ সপোনৰ বিপ্লৱৰ সৃষ্টি কৰিছে। দেশৰ সাধাৰণ জনতা শিক্ষাৰ্থীসকলৰ কাষত আছে।

তেওঁ পুনৰ কয় সংৰক্ষণ সংস্কাৰ আন্দোলন বঞ্চিত মানুহৰ অধিকাৰ আদায়ৰ আন্দোলন। এই দাবী আদায়ৰ যুঁজত ছাত্ৰলীগ আৰু আৰক্ষীসহ আইনশৃংখলা বাহিনীয়ে যৌথ আক্ৰমণ কৰি এই পৰ্যন্ত ৮ জন নিস্পাপ কিশোৰ, তৰুণক হত্যা কৰিলে। ঢাকাৰ লগতে দেশৰ অন্য প্ৰান্তৰ শিক্ষা প্ৰতিষ্ঠানৰ চৌহদে চৌহদে এই আক্ৰমণ হৈছে। গুলী, ৰাবাৰ বুলেট, কন্দুৱা গেছ, চাউণ্ড গ্ৰেণেড নিক্ষেপ কৰি ৰণক্ষেত্ৰত তৈয়াৰ কৰা হৈছে।

এনে পৰিস্থিতিৰ মাজতে আকৌ শাসনত থকা দলটোৰ ছাত্ৰ সংগঠন ছাত্ৰলীগৰ সদস্যয়ো এই আন্দোলনৰ প্ৰতি সমৰ্থন জনাই সংগঠন ত্যাগ কৰিছে আৰু আন্দোলনত জপিয়াই পৰিছে।

Also Read: দুৰ্ঘটনাত পতিত ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছৰ অসমৰ সকলো যাত্ৰী সুৰক্ষিত

শ্বেইখ হাছিনা বাংলাদেশ