/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/ukr-1.png)
ডিজিটেল ডেস্ক: ৰাছিয়া-ইউক্ৰেইৰ মাজত চলি থকা যুদ্ধৰ মাজতেই বহু এনেধৰণ বাতৰি পোহৰলৈ আহে যিয়ে সকলোৰে হৃদয়স্পৰ্শ কৰি যায়।ইউক্ৰেইনৰ বহু লোকে নিজৰ প্ৰাণৰক্ষাৰ বাবে অন্য দেশলৈ ঢাপলি মেলিছে। ইতিমধ্যে প্ৰায় ১০ লাখ লোকে এৰিছে ইউক্ৰেইন।
যুদ্ধৰ মাজতেই ইউক্ৰেইনৰ এটি ১১ বছৰীয়া কিশোৰ অকলে ১,০০০ কিলোমিটাৰ যাত্ৰা কৰি শ্লোভাকিয়াত উপস্থিত হয়।এই সময়ত তেওঁৰ লগত আছিল বেগ,মাতৃৰ এখন চিঠি আৰু টেলিফোন নম্বৰ আছিল। ইয়াৰ পাছতেেই একাংশৰ বাবে প্ৰশংসাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কিশোৰটি।
কিশোৰ গৰাকী দক্ষিণ-পূৱ ইউক্ৰেইনত বাস কৰিছিল,যি যোৱা সপ্তাহত ৰুছ সেনাই দখল কৰিছিল।খবৰ অনুসৰি সম্পৰ্কীয় কোনো ৰোগীৰ চোৱা-চিতাৰ বাবে পিতৃ-মাতৃ ইউক্ৰেইনতে থাকিবলগীয়াত পৰে।যাৰ বাবে অকলেই যাত্ৰা কৰে কিশোৰটিয়ে।এই সন্দৰ্ভত শ্লভাকিয়াৰ মন্ত্ৰালয়ে কয় যে "যোৱা নিশাৰ সকলোতকৈ ডাঙৰ নায়ক"।