এদিনীয়া বিশ্বকাপ ২০২৩: আজি ২খনকৈ হাই ভল্টেজ মেচ...

এদিনীয়া বিশ্বকাপ ২০২৩: আজি ২খনকৈ হাই ভল্টেজ মেচ...

ডিজিটেল ডেস্কঃ সোমবাৰে আই চি চি এদিনীয়া ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ ষষ্ঠখন মেচত বিগত বৰ্ষৰ ফাইনেলিষ্ট দল নিউজিলেণ্ডৰ বিৰুদ্ধে খেল পথাৰত নামিছিল নেদাৰলেণ্ডৰ দল। হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত ৯৯ ৰাণত জয় লাভ কৰে কিৱি বাহিনীয়ে।

মঙলবাৰে অৰ্থ্যাৎ আজি পুৰুষৰ এদিনীয়া বিশ্বকাপৰ দুখনকৈ খেল অনুষ্ঠিত হ'ব। টুৰ্ণামেন্টৰ সপ্তম আৰু আজিৰ দিনটোৰ প্ৰথম মেচখনত যোৱাবাৰৰ বিশ্ববিজয়ী দল ইংলেণ্ডৰ বিৰুদ্ধে খেলপথাৰত নামিব বাংলাদেশ। ধৰমশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট এচচিয়েচনৰ খেলপথাৰত পুৱা ১০.৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব মেচ খন। উল্লেখ্য যে শৃংখলাটোৰ প্ৰথমখন মেচ খনতে নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাজিত হৈছিল ইংলেণ্ডৰ দলটো আনহাতে শৃংখলাটোৰ তৃতীয়খন মেচত আফগানিস্তানৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ কৰিছিল বাংলাদেশে।

সমান্তৰালভাৱে টুৰ্ণামেন্টৰ অষ্টমখন আৰু আজিৰ দিনটোৰ দ্বিতীয়খন মেচত সমুখ সমৰত নামিব পাকিস্তান আৰু শ্ৰীলংকা। বিয়লি ২ বজাৰ পৰা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় খেলপথাৰত আৰম্ভ হ'ব এই হাই ভল্টেজ মেচখন। ইতিমধ্যেই নেদাৰলেণ্ডৰ বিৰুদ্ধে শৃংখলাটোৰ দ্বিতীয়খন মেচত জয়লাভ কৰিছে পাকিস্তানে। ইয়াৰ বিপৰীতে শৃংখলাটোৰ চতুৰ্থখন মেচত দক্ষিণ আফ্ৰিকাৰ লগত ১০২ ৰাণৰ এক বৃহৎ ব্যৱধানত পৰাস্ত হৈছিল শ্ৰীলংকান দলটো।

এদিনীয়া বিশ্বকাপ ২০২৩: আজি ২খনকৈ হাই ভল্টেজ মেচ...
ICC বিশ্বকাপ ২০২৩ঃ নিউজিলেণ্ডৰ হাতত পৰাস্ত নেডাৰলেণ্ড বাহিনী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in