বিশ্বকাপ ফাইনেলৰ পূৰ্বে নবীন উল হকে উন্মোচিত কৰিলে বিৰাট কোহলিৰ মহানতা...

বিশ্বকাপ ফাইনেলৰ পূৰ্বে নবীন উল হকে উন্মোচিত কৰিলে বিৰাট কোহলিৰ মহানতা...
বিশ্বকাপ ফাইনেলৰ পূৰ্বে নবীন উল হকে উন্মোচিত কৰিলে বিৰাট কোহলিৰ মহানতা...

ডিজিটেল ডেস্কঃ খেল বহুতেই খেলে। বিশ্বজুৰি যিকোনো খেলৰে দক্ষ খেলুৱৈ বহুত আছে। কিন্তু মহান খেলুৱৈৰ শাৰীলৈ সেইসকলহে উন্নিত হ'ব পাৰিছে যিসকল সেই নিৰ্দিষ্ট খেলবিধত দক্ষ হোৱাৰ উপৰিও খেলুৱৈসুলভ এক মানসিকতাৰ গৰাকী হ'ব পাৰিছে। এনে মানসিকতাইহে খেলুৱৈক মহান কৰি তুলিছে।

আধুনিক ক্ৰিকেটৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ইতিমধ্যে স্বীকৃতি লাভ কৰিছে বিৰাট কোহলিয়ে। তেওঁক আধুনিক ক্ৰিকেটৰ মহান খেলুৱৈ হিচাপে আখ্যা দিবলৈ বাধ্য হৈছে বিশ্ব ক্ৰিকেটৰ বহু দিগ্বজ ক্ৰিকেটাৰে।

বিৰাটক এনেদৰে মহান ক্ৰিকেটাৰ হিচাপে স্বীকৃতি দিয়াৰ আঁৰত কেৱল তেওঁৰ ৰাণ অথবা শতকৰ সংখ্যায়েই নহয়। বিৰাট কোহলিৰ ব্যক্তিত্বও ইয়াৰ অন্যতম কাৰণ। বিৰাটৰ খেলুৱৈ সুলভ মানসিকতাত মুগ্ধ বিশ্ব ক্ৰিকেটৰ প্ৰাক্তন তথা বৰ্তমানৰ বহু জ্যেষ্ঠ, কনিষ্ঠ ক্ৰিকেটাৰৰ লগতে ক্ৰিকেটৰ অনুৰাগী।

যোৱা আই পি এলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ মাজৰ এখন খেলত সৃষ্টি হোৱা সংঘাতৰ কথা কোনে পাহৰিব পাৰে? বিৰাট কোহলি, নবীন উল হক আৰু গৌতম গম্ভীৰৰ মাজৰ সেই সংঘাতৰ বাবেই গৌতম গম্ভীৰ আৰু নবীন উল হক বিৰাট কোহলিৰ সাগৰসম অনুৰাগীৰ ৰোষৰ বলি হৈছিল।

কিন্তু শেহতীয়াকৈ নবীন উল হকে উন্মোচিত কৰিছে বিৰাটৰ খেলুৱৈসুলভ মানসিকতা। এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ফাইনেলৰ এটা দিন পূৰ্বে আফগানিস্তানৰ বেগী বলাৰ নবীন উল হকে প্ৰকাশ কৰিছে তেওঁলোকৰ মাজৰ সংঘাতক বিৰাট কোহলিয়েই কিদৰে শেষ কৰিলে।

উল্লেখ্য যে, এইবাৰ বিশ্বকাপত আফগানিস্তানৰ বিৰুদ্ধে দিল্লীত খেলিছিল ভাৰতে। আই চি চি তথা সংশ্লিষ্ট সকলোৱে জানিছিল এই মেচখনৰ উত্তেজনা বহু বৃদ্ধি পাব। কিয়নো খেল পথাৰত পুনৰ মুখামুখি হ'ব বিৰাট কোহলি আৰু নবীন উল হক।

সেয়ে ধাৰাভাষ্যকাৰ হিচাপে ৰাখিছিল গৌতম গম্ভীৰক। দৰাচলতে এই তিনিওজনৰ সংঘাতক কেন্দ্ৰ কৰি খেলখন অধিক ৰোমাঞ্চিত কৰাৰ এক কৌশল ৰচিছিল আই চি চি তথা বৰ্ডকাষ্টাৰে।

কিন্তু বিৰাট কোহলিয়ে তেওঁলোকৰ সেই কৌশলত চেঁচা পানী ঢালিলে। বিৰাট কোহলিৰ ঘৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা সেই বিশেষ মেচখনত দেখা গ'ল বিৰাট আৰু নবীন উল হকৰ মাজত সৃষ্টি নহ'ল কোনো সংঘাত।

নবীন উল হকে এই সন্দৰ্ভত কৈছে, ''বিৰাট কোহলিয়ে মোক কৈছিল সংঘাত শেষ কৰিবলৈ। আমি এজনে আনজনক আলিংগন কৰোঁ আৰু সকলো সমস্যা সমাধান কৰোঁ। বিৰাটে কৈছিল এতিয়াৰে পৰা মই খেলিবলৈ গ'লে কোনেও 'বিৰাট', 'বিৰাট' নিচিঞৰে।সকলোৱে মোৰ নাম চিঞৰিব।''

উল্লেখ্য যে, আই পি এলৰ সেই মেচখনৰ পাছৰ পৰা য'তেই নবীন উল হকে খেলিছে তাতেই গোটেই ষ্টেডিয়ামে 'বিৰাট', 'বিৰাট' বুলি চিঞৰি নবীন উল হকক অশান্তি কৰি আহিছিল। বিশ্বকাপৰ মেচতো বিৰাটৰ অনুৰাগীয়ে নবীন উল হকক দেখি 'বিৰাট', 'বিৰাট' চিঞৰিবলৈ ধৰোতেই বিৰাটে খেল পথাৰৰ পৰাই তেওঁলোকক বাধা প্ৰদান কৰিছিল।

তাৰ পাছৰে পৰা আফগান দলটোৰ সমানে সমানে নবীন উল হকেও ভাৰতীয় দৰ্শকৰ পৰা যথেষ্ট সমৰ্থন লাভ কৰিছে। নবীন উল হকৰ মতে বিশ্বকাপত তেওঁলোকে নিজৰ দেশত খেলি থকাৰ দৰে অনুভৱ কৰিলে। ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ পৰা ঘৰুৱা দলৰ দৰে সমৰ্থন লাভ কৰিলে। 

বিশ্বকাপ ফাইনেলৰ পূৰ্বে নবীন উল হকে উন্মোচিত কৰিলে বিৰাট কোহলিৰ মহানতা...
উত্তৰকাশীৰ সুৰংগত ৬ দিনে আৱদ্ধ ৪০ শ্ৰমিকঃ উদ্ধাৰকাৰ্যত বাৰে বাৰে বাধা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in