Advertisment

পুনৰ বেটিং কৰিব পাৰিবনে শুভমণ গিলে? ৰিটায়াৰ্ড হাৰ্টৰ নিয়মাৱলী কি? চাওঁক সবিশেষ...

পুনৰ বেটিং কৰিব পাৰিবনে শুভমণ গিলে? ৰিটায়াৰ্ড হাৰ্টৰ নিয়মাৱলী কি? চাওঁক সবিশেষ...

author-image
Asomiya Pratidin
New Update
পুনৰ বেটিং কৰিব পাৰিবনে শুভমণ গিলে? ৰিটায়াৰ্ড হাৰ্টৰ নিয়মাৱলী কি? চাওঁক সবিশেষ...

পুনৰ বেটিং কৰিব পাৰিবনে শুভমণ গিলে? ৰিটায়াৰ্ড হাৰ্টৰ নিয়মাৱলী কি? চাওঁক সবিশেষ...

ডিজিটেল ডেস্কঃ পেশীৰ আঘাতৰ বাবে আধাতে খেল পথাৰ ত্যাগ কৰিলে শুভমণ গিলে। এতিয়াও আউট হোৱা নাই তেওঁ। গিলে খেল পথাৰ এৰাৰ সময়ত ৬৫ বলত ৭৯ ৰাণ কৰি আছিল।

Advertisment

আঘাতৰ বাবে খেল পথাৰ ত্যাগ কৰা গিলে পুনৰ খেল পথাৰত নামিব পাৰিবনে? এই সন্দৰ্ভত কি নিয়ম আছে? ইয়াকে লৈ চৰ্চা আৰম্ভ হৈছে।

এম চি চিৰ নিয়ম অনুসৰি শুভমণ গিলে পুনৰ খেল পথাৰত নামি বেটিং কৰিব পাৰিব। অৱশ্যে ইয়াৰ বাবে ভাৰতীয় দলটোৰ আন উইকেট যোৱালৈ তেওঁ অপেক্ষা কৰিব লাগিব।

ক্ৰীজত থকা যিকোনো এজন বেটছমেন আউট হ'লেই তেওঁ আঘাতৰ পৰা উপশম পালে ক্ৰীজলৈ পুনৰ বেটিং কৰিব আহিব পাৰিব। বা তেওঁৰ দৰে আন কোনো বেটছমেন ৰিটায়াৰ্ড হাৰ্ট হ'লেও তেওঁ পুনৰ খেল পথাৰলৈ আহিব পাৰিব।

এম চি চিৰ নিয়মাৱলীৰ ২৫.৪.২ ধাৰাত উল্লেখ কৰা হৈছে, যদি কোনো বেটছমেন অসুস্থ হয়, আঘাতৰ সন্মুখীন হয় বা আন কোনো কাৰণত মেচৰ আধাতে খেল পথাৰ এৰিবলৈ বাধ্য হয় তেন্তে তাক ৰিটায়াৰ্ড হাৰ্ট বুলি কোৱা হ'ব। তেওঁ কোনো কাৰণতে আউট নহয়।

তেওঁ পৰৱৰ্তী সময়ত পুনৰ খেল পথাৰত নামিব পাৰিব। কিন্তু তাৰ বাবে আন কোনো বেটছমেন আউট হোৱালৈ অপেক্ষা কৰিব লাগিব।

ইনিংছ আৰম্ভ কৰাৰ বাবে তেওঁক কোনো অনুমতিৰো প্ৰয়োজন নহ'ব। শুভমণ গিলে যিহেতু আঘাতৰ বাবে খেল পথাৰ ত্যাগ কৰিছে সেয়ে তেওঁ পুনৰ ক্ৰীজলৈ আহি বেট ধৰাত কোনো বাধা নাই।

যদি কোনো কাৰণত তেওঁ মেচৰ শেষ পৰ্যন্ত আঘাতৰ পৰা মুক্ত নহয় অথবা খেল পথাৰলৈ আহিব নোৱাৰে তেন্তে মেচৰ অন্তত তেওঁক ৰিটায়াৰ্ড আউট হিচাপে ধৰা হ'ব।

Also Read: খেল পথাৰত দুৰ্দান্ত ৰূপ ধাৰণ কৰা ৰোহিতৰ আন এক অভিলেখ...

ক্ৰিকেট এদিনীয়া ক্ৰিকেট বিশ্বকাপ