শুভমণ গিল অবিহনে ভাৰতে আৰম্ভ কৰিব বিশ্বকাপৰ অভিযানঃ বিপদত টীম ইণ্ডিয়া...

শুভমণ গিল অবিহনে ভাৰতে আৰম্ভ কৰিব বিশ্বকাপৰ অভিযানঃ বিপদত টীম ইণ্ডিয়া...
শুভমণ গিল অবিহনে ভাৰতে আৰম্ভ কৰিব বিশ্বকাপৰ অভিযানঃ বিপদত টীম ইণ্ডিয়া...

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ অপেনাৰ শুভমন গিল অবিহনে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব ভাৰতে। অহা ০৮ অক্টোবৰ, দেওবাৰে ভাৰতে চেন্নাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰম্ভ কৰিব বিশ্বকাপ-২০২৩ ৰ অভিযান।

এই মেচখনত নাথাকিব শুভমণ গিল। কিয়নো তেওঁৰ দেহত ধৰা পৰিছে ডেংগুৰ উপস্থিতি। সেয়েহে এই মেচত তেওঁ খেলিব পাৰিব নে নাই তাক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে। গিলৰ অনুপস্থিতিত ঈশান কিশান আৰু ৰোহিত শৰ্মাই অপেনিং কৰাৰ সম্ভাৱনা আছে।

প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, বৃহস্পতিবাৰে গিলে সতীৰ্থৰ সৈতে নেট অনুশীলনতো অংশগ্ৰহণ কৰা নাছিল। শুকুৰবাৰে তেওঁৰ আন এক স্বাস্থ্য পৰীক্ষা সম্পন্ন হ'ব। এই পৰীক্ষাৰ পাছত হে তেওঁ বিশ্বকাপত ভাৰতৰ প্ৰথমখন মেচত খেলিব পাৰিব নে নাই সেই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।

বি চি চি আইৰ এক সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি চেন্নাইত উপস্থিত হোৱাৰ পাছতে শুভমণ গিলৰ জ্বৰ হৈছিল। তাৰ পাছতে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। শুকুৰবাৰে তেওঁৰ আন এক পৰীক্ষা সম্পন্ন হ'ব।

উল্লেখ্য, শুভমণ গিল ভাৰতীয় দলটোৰ এইবাৰৰ বিশ্বকাপ অভিযানৰ বেটিং আক্ৰমণৰ অন্যতম মূল শক্তি। তেওঁ চলিত বছৰত সুন্দৰ ফ্ৰম ধৰি ৰাখিবলৈ সক্ষম হৈছে। ২০২৩ বৰ্ষত এদিনীয়া ফৰ্মেটত তেওঁ ভাৰতৰ আটাইতকৈ বেছি ৰাণ সংগ্ৰহ কৰা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে। চলিত বছৰত তেওঁ ২০ খন এদিনীয়াত ৭২.৩৫ গড়ে ১০৫.০৩ ষ্ট্ৰাইক ৰেটৰ সহায়ত মুঠ ১,২৩০ ৰাণ সংগ্ৰহ কৰিছে। তেওঁ কেৰিয়াৰত এই পৰ্যন্ত অৰ্জন কৰা ৬ টা শতকৰ ভিতৰত চলিত বৰ্ষতে অৰ্জন কৰিছে ৫ টা শতক।

শুভমণ গিল অবিহনে ভাৰতে আৰম্ভ কৰিব বিশ্বকাপৰ অভিযানঃ বিপদত টীম ইণ্ডিয়া...
বিশ্বকাপ ২০২৩ : প্ৰতিযোগিতাৰ প্ৰথমখন মেচত নিউজিলেণ্ডৰ দৰ্শনীয় বিজয়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in