বিশ্বকাপ'২৩ত শুভমন গিলে গঢ়িলে নতুন অভিলেখ...

বিশ্বকাপ'২৩ত শুভমন গিলে গঢ়িলে নতুন অভিলেখ...

author-image
Asomiya Pratidin
New Update
বিশ্বকাপ'২৩ত শুভমন গিলে গঢ়িলে নতুন অভিলেখ...

ডিজিটেল ডেস্কঃ আই চি চি এদিনীয়া পুৰুষ বিশ্বকাপ ২০২৩ত ভাৰতীয় ক্ৰিকেটাৰসকলে দেখুৱাই আছে নিজৰ পৰাক্ৰম। দৰ্শনীয় প্ৰদৰ্শনেৰে ভাৰতীয় দলটোৱে বিশ্বকাপ'২৩ত অব্যাহত ৰাখিছে নিজৰ জয়যাত্ৰা। দেওবাৰে ধৰমশালা ষ্টেডিয়ামত চলি আছে ভাৰত আৰু নিউজিলেণ্ডৰ মেচ।

Advertisment

২০১৯চনৰ চেমিফাইনেলত নিউজিলেণ্ডে দিয়া চৰম আঘাতৰ প্ৰতিশোধ লোৱাৰ মানসেৰে খেল পথাৰত নামিছে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দল। এই মেচখন চলি থকাৰ মাজতেই ভাৰতীয় অপেনাৰ শুভমন গিলে ৰচিলে অন্য এক অভিলেখ।

নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ মেচখনত খেলি ভাৰতৰ অ’পেনাৰ শুভমান গিল হৈ পৰিল এদিনীয়া ক্ৰিকেটত ২০০০ ৰাণ সংগ্ৰহ কৰা সৰ্বাধিক দ্ৰুত বেটছমেন। গিলে এই কৃতিত্ব মাত্ৰ ৩৮ ইনিংছত অৰ্জন কৰে, যিটো দক্ষিণ আফ্ৰিকাৰ হাছিম আমলাতকৈ ২টা ইনিংছ কম। উল্লেখ্য যে, হাছিম আমলাই একেটা মাইলৰ খুঁটিত উপনীত হ’বলৈ ৪০ ইনিংছ লৈছিল।

২৪ বছৰীয়া বেটাৰ শুভমন গিলে ভাৰতৰ হৈ এতিয়ালৈকে ৩৭খন এদিনীয়া মেচত ৬টা শতক আৰু ১০টা অৰ্ধশতক অৰ্জন কৰিছে।

Also Read: 'গগণযান'ত মহাকাশলৈ পঠিৱাব মহিলা : ইছৰো অধ্যক্ষ

worldcup2023