/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/ef24b014-bb77-4b99-8027-aa8cd0105951/AP_FOR_WEB_time_out.jpg)
বিশ্বকাপত 'টাইম আউট' মেথিউজ : ছাকিবৰ ক্ৰীড়া সংস্কৃতিক লৈ প্ৰশ্ন...
ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ মেচত দেখা গ’ল 'টাইম আউট'। বাংলাদেশ আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হোৱা মঙ্গলবাৰৰ মেচত আই চি চিৰ এই নিয়মৰ আধাৰত আউট ঘোষণা কৰে আম্পায়াৰে। বাংলাদেশৰ অধিনায়ক ছাকিব অল হাছানে এই নিয়মৰ আধাৰত আউট কৰিলে শ্ৰীলংকাৰ এঞ্জেলো মেথিউজক।
শ্ৰীলংকান ক্ৰিকেটাৰগৰাকীয়ে মেচৰ মাজতে বাৰে বাৰে ছাকিব অল হাছানক আম্পায়াৰক টাইম আউটৰ বাবে কৰা আপিল উঠাই ল'বলৈ অনুৰোধ কৰিছিল যদিও মেথিউজৰ সেই অনুৰোধ প্ৰত্যাখ্যান কৰে। আনকি আম্পায়াৰে কোৱা কথাকো কৰ্ণাপত কৰে বাংলাদেশৰ অধিনায়কগৰাকীয়ে।
ফলশ্ৰুতিত আম্পায়াৰে নিয়মৰ আধাৰত মেথিউজনক আউট ঘোষণা কৰে। ইয়াৰ পাছতে এতিয়া ক্ৰিকেট অনুৰাগীৰ মাজত আৰম্ভ হৈছে বিতৰ্ক।
মঙ্গলবাৰৰ মেচখনত টাইম আউট হোৱাৰ পাছত ইনিংছ বিৰটিৰ সময়ত প্ৰাক্তন ক্ৰিকেটাৰ ইয়ান বিছপৰ সৈতে কথা পাতিছিল মেথিউজে। বিছপ বিশ্বকাপৰ ধাৰাভাষ্যকাৰ হিচাপে আছে।
তেওঁ জনোৱা অনুসৰি মেথিউজে ছাকিবক দুবাৰকৈ এই আপিল উঠাই ল'বলৈ অনুৰোধ জনাইছিল যদিও তেওঁ সেই অনুৰোধ প্ৰত্যাখ্যান কৰে। আম্পায়াৰেও অনুৰোধ কৰিছিল যদিও কোনো কথাই নুশুনিলে।
ইফালে ইনিংছ বিৰতিৰ সময়ত ছাকিব অল হাছানক সমালোচনা কৰে শ্ৰীলংকাৰ হৈ শতক অৰ্জন কৰা আছালাংকায়েও। আছালংকাই কয়, মোৰ মতে এই ধৰণৰ ঘটনা ক্ৰিকেটীয় সংস্কৃতিৰ পৰিপন্থী। মেথিউজক সেইদৰে আউট দিয়া উচিত নাছিল।
উল্লেখ্য যে, এই মেচখনৰ ২৫ সংখ্যক অভাৰত সংঘটিত হৈছিল এই টাইম আউটৰ ঘটনা। ছাদিৰা সমৰবিক্ৰম আউট হোৱাৰ পাছত খেল পথাৰত নামিছিল এঞ্জিলো মেথিউজ।
নিৰ্ধাৰিত সময় মতেই তেওঁ নামিছিল খেল পথাৰত। কিন্তু বেটিং কৰিবলৈ যোৱাৰ পূৰ্বে তেওঁৰ হেলমেটৰ কিছু বিসংগতি ঘটে। ফলত তেওঁ নিজৰ দলৰ ডগআউটলৈ বিকল্প এটা হেলমেট আনিবলৈ ইংগিত দিয়ে। সেই হেলমেট আনিবলৈ যি সময়ৰ প্ৰয়োজন হৈছিল সেই সময়তেই আম্পায়ৰক টাইম আউটৰ আপিল কৰে ছাকিব অল হাছানে।
তেওঁ দাবী কৰে নিৰ্ধাৰিত সময়ত মেথিউজে ক্ৰিজত নমা নাই। ছাকিবৰ এই আপিলৰ পাছতে মেথিউজৰ সৈতে আলোচনা কৰে আম্পায়াৰে। আম্পায়ৰৰ পৰা সমগ্ৰ বিষয় জানিব পাৰি মেথিউজে বাৰে বাৰে ছাকিবক সেই আপিল উঠাই ল'বলৈ আহ্বান জনায়।
কিন্ত ছাকিবে সেই আহ্বান অগ্ৰাহ্য কৰে। আম্পায়াৰেও ছাকিবক বুজাবলৈ চেষ্টা কৰা দেখা গৈছিল। কিন্তু শেষ মুহূৰ্তত নিয়ম অনুসৰিয়েই মেথিউজক আউট ঘোষণা কৰিবলৈ বাধ্য হয় আম্পায়াৰ। যদিহে ছাকিবে এই আপিল উঠাই ললে হয় তেন্তে মেথিউজ আউট হোৱাৰ পৰা ৰক্ষা পৰিল হয়।
আই চি চিৰ নিয়ম অনুসৰি এজন বেটছমেন বা নন ষ্ট্ৰাইকাৰ আউট হোৱাৰ ২ মিনিটৰ ভিতৰত নতুন বেটছমেন অথবা নন ষ্ট্ৰাইকাৰ আহি খেল পথাৰত নামিব লাগিব। অৱশ্যে প্ৰয়োজন হ'লে আম্পায়াৰৰ পৰা অতিৰিক্ত সময়ৰ আহ্বান কৰিব পাৰে।
কিন্তু সেয়া নকৰিলে সংশ্লিষ্ট বেটছমেনজনক টাইম আউটৰ নিৰ্দেশ দিয়াৰ অধিকাৰ আছে আম্পায়াৰৰ। মেথিউজে অতিৰিক্ত সময় বিচাৰি আম্পায়াৰৰ পৰা অনুমতি লোৱা নাছিল। ছাকিবে এই কথা জানিছিল। আৰু আই চি চিৰ এই নিয়ম অনুসৰিয়েই মেথিউজক পেভিলয়নৈ ঘূৰাই পথিয়াইছিল।
Also Read: বিশ্বকাপত ভাৰতৰ 'অশ্বমেধ যাত্ৰা': ৮৩ ৰাণতে স্তব্ধ মহা শক্তিশালী দক্ষিণ আফ্ৰিকা...