সৰ্বকালৰ নিকৃষ্ঠ প্ৰদৰ্শনেৰে বিশ্বকাপৰ পৰা বাহিৰ পাকিস্তানঃ ২ বলাৰে কলংকিত কৰিলে দেশখনৰ বলিং ইতিহাস..

সৰ্বকালৰ নিকৃষ্ঠ প্ৰদৰ্শনেৰে বিশ্বকাপৰ পৰা বাহিৰ পাকিস্তানঃ ২ বলাৰে কলংকিত কৰিলে দেশখনৰ বলিং ইতিহাস..

ডিজিটেল ডেস্কঃ আই চি চি এদিনীয়া বিশ্বকাপত সৰ্বকালৰ নিৰ্লজ্জ প্ৰদৰ্শনেৰে অভিযান সামৰিলে পাকিস্তান ক্ৰিকেট দলটোৱে। অসম্ভৱক সম্ভৱ কৰাৰ আশাৰে ইংলেণ্ডৰ বিৰুদ্ধে অন্তিমখন মেচ খেলা পাকিস্তান দলটো মেচখনৰ আৰম্ভণিতে টছত পৰাস্ত হোৱাত বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ দিবাস্বপ্নৰ পৰা মুক্ত হয়।

বিশ্বৰ শ্ৰেষ্ঠ পেছ আক্ৰমণৰ গৌৰৱত গদ গদ হৈ থকা পাকিস্তান দলটোৰ চলিত বিশ্বকাপত আটাইতকৈ দুৰ্বল দিশেই পেছ বলিং আক্ৰমণ হিচাপে চিহ্নীত হ'ল। অধিনায়ক বাবৰ আজমক শ্ৰেষ্ঠ বেটছমেনৰ অভিধাৰে পাকিস্তানী ক্ৰিকেট অনুৰাগীয়ে সামাজিক মাধ্যমত যিমানেই প্ৰচাৰ চলালে সিমানেই বাবৰ আজমৰ প্ৰদৰ্শনত দেখা পোৱা গ'ল দুৰ্বলতা।

দলটোৰ এনে নিৰ্লজ্জ প্ৰদৰ্শনত দলটোৰ লগতে পাক ক্ৰিকেট ব'ৰ্ড আৰু ব'ৰ্ডৰ কাম-কাজ সমগ্ৰ পাকিস্তানতে সমালোচিত হৈছে। ইংলেণ্ডৰ বিৰুদ্ধে অন্তিমখন মেচত পৰাস্ত হোৱাৰ পাছতে পাকিস্তানৰ পেছ বলাৰ শ্বাহিন শ্বাহ আফ্ৰিদী, হাৰিছ ৰউফ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে।

বিশ্বকাপৰ ৯ খন মেচৰ আটাইকেইখন মেচ খেলিছে হৰিছ ৰউফে। তেওঁ পাকিস্তানৰ প্ৰথমগৰাকী বলাৰ হিচাপে মাত্ৰ এখন বিশ্বকাপত ৫০০ ৰো অধিক ৰাণ দিয়া বলাৰ হিচাপে পৰিগণিত হৈছে।

এয়া পাকিস্তান ক্ৰিকেটৰ বাবেই হতাশজনক ৰেকৰ্ড। তেওঁ মুঠ ১৬ টা উইকেট লৈ ব্যয় কৰিলে ৫৩৩ ৰাণ। এখন বিশ্বকাপত কোনো এখন দেশৰ বলাৰে ইমান বৃহৎ সংখ্যক ৰাণ ব্যয় কৰাৰ পূৰ্বে কোনো নজিৰ নাই।

ইয়াৰোপৰি বিশ্বৰ বৰ্তমান সময়ৰ শ্ৰেষ্ঠ পেছ বলাৰ হিচাপে পাকিস্তানে অহংকাৰ কৰা শ্বাহিন শ্বাহ আফ্ৰিদীয়ে ব্যয় কৰিছে ৪৮১ ৰাণ। ইয়াৰ বিনিময়ত দখল কৰিছে মাত্ৰ ১৮ টা উইকেট।

অৰ্থাৎ এই দুই বলাৰে অকলেই ব্যয় কৰিলে ১০১৪ ৰাণ। এনে পৰিস্থিতিত দলটোৰ বাকী বলাৰসকলৰ লগতে প্ৰতিজন ক্ৰিকেটাৰৰ প্ৰদৰ্শনত যে প্ৰভাৱ পৰিছে সেয়া নিশ্চিত।

ইংলেণ্ডৰ বিৰুদ্ধে খেলা মেচখনত প্ৰথমে বেটিং কৰি ইংলেণ্ডে ৩৩৭ ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ সৰ্বাধিক বেন ষ্টোকছে ৮৪ ৰাণ, জু ৰুটে ৬০ আৰু জনী বেয়াৰষ্ট্ৰুৱে ৫৯ ৰাণ সংগ্ৰহ কৰে।

পাক দলটোৰ হৈ হাৰিফ ৰউফে ৬৪ ৰাণত ৩ টা আফ্ৰিদীয়ে ৭২ ৰাণত ২ টা আৰু মহম্মদ ৱাছিম জুনিয়ৰে ৭৪ ৰাণত ২ উইকেট দখল কৰে।

৩৩৮ ৰাণৰ লক্ষ্য লৈ খেল পথাৰত নমা পাক দলটোৰ অপেনাৰদ্বয় চূড়ান্তৰূপত ব্যৰ্থ হয়। এজনে শূন্য আৰু আন জনে ১ ৰাণ কৰে। ইয়াৰ বিপৰীতে ছলমান আলিয়ে ৫১, বাবৰ আজমে ৩৮, ৰিজৱানে ৩৬, হৰিছ ৰউফে ৩৫ ৰাণ কৰে।

দলটোৱে ৪৩.৩ অভাৰতে ২৪৪ ৰাণত আটাইকেইতা উইকেট হেৰুৱাই। ফলত ইংলেণ্ড দলটোৱে ৯৩ ৰাণত বিজয় সাব্যস্ত কৰে। এইদৰেই পাক দলটোৱে বিশ্বকাপৰ অভিযান সামৰিছে।

সৰ্বকালৰ নিকৃষ্ঠ প্ৰদৰ্শনেৰে বিশ্বকাপৰ পৰা বাহিৰ পাকিস্তানঃ ২ বলাৰে কলংকিত কৰিলে দেশখনৰ বলিং ইতিহাস..
দলাৰ বগৰীৰে চমক সৃষ্টি বিজেপিৰ !

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in