ক্ৰিকেটে উফৰাই দিলে ধৰ্মীয় গোড়ামী ! যোগী আদিত্য নাথে নিৰ্মাণ কৰিব মহম্মদ ছামিৰ নামত ষ্টেডিয়াম...

ক্ৰিকেটে উফৰাই দিলে ধৰ্মীয় গোড়ামী ! যোগী আদিত্য নাথে নিৰ্মাণ কৰিব মহম্মদ ছামিৰ নামত ষ্টেডিয়াম...
ক্ৰিকেটে উফৰাই দিলে ধৰ্মীয় গোড়ামী ! যোগী আদিত্য নাথে নিৰ্মাণ কৰিব মহম্মদ ছামিৰ নামত ষ্টেডিয়াম...

ডিজিটেল ডেস্কঃ হিন্দু, মছুলমান অথবা শিখ, খ্ৰীষ্টান নহয়, ভাৰতত এতিয়া এটাই ধৰ্ম- 'ক্ৰিকেট'। এই ধৰ্মই নাশ কৰিছে আন আন ধৰ্মীয় গোড়ামী অথবা উত্তেজনা।দেশজুৰি এতিয়া উত্তেজনা কেৱল ক্ৰিকেটত।

ষ্টেডিয়ানত যিদৰে ৰোহিত শৰ্মাৰ বিস্ফোৰক বেটিং প্ৰত্যক্ষ কৰি কোনোবা হুছেইন, খান নাচি উঠিছে ঠিক সেইদৰে মহম্মদ ছামিৰ বিধ্বংসী বলিঙত জপিয়াই উঠিছে কোনোবা শৰ্মা, নাথ যাৱদ আদি। এয়াই ধৰ্মলৈ ৰূপান্তৰিত হোৱা ভাৰতৰ ক্ৰিকেটৰ সৌন্দৰ্য।

এনে সৌন্দৰ্যৰ বাবে যোগী আদিত্য নাথৰ দৰে গোড়া হিন্দুত্ববাদী নেতায়েও এতিয়া সেই গোড়ামী কিছু সময়ৰ বাবে হ'লেও ত্যাগ কৰিবলৈ বাধ্য হৈছে। উত্তৰ প্ৰদেশত এটাৰ পাছত এটাকৈ মুছলমানৰ নামেৰে নামাংকিত অঞ্চল, পথ আদিৰ নাম সলনি কৰা যোগী আদিত্য নাথৰ বিৰুদ্ধে মুছলমান লোকৰ নামেই শুনিবলৈ নিবিচাৰে বুলি এক অভিযোগ আছে।

সাধাৰণ নাগাৰকিৰ সমস্যা বুজ লোৱাৰ সময়ত তেওঁ বোৰ্খা পৰিহিতা মহিলাক কিদৰে আওকান কৰিছিল সেই ভিডিঅ' দেশজুৰি ভাইৰেল হৈ পৰিছিল। এনে গোড়া হিন্দুত্ববাদী নেতাই এতিয়া এগৰাকী ইছলামধৰ্মীয় ক্ৰিকেটাৰৰ নামত ষ্টেডিয়াম নিৰ্মাণ কৰিব বুলি ঘোষণা কৰিছে। ইয়েই প্ৰমাণ কৰে ক্ৰিকেটে ভাৰতত আন কোনো ধৰ্ম নামানে। সকলো ধৰ্মৰ উৰ্দ্ধত ক্ৰিকেট।

ভাৰতীয় ক্ৰিকেট দলটো চলিত বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাত বেগী বলাৰ মহম্মদ ছামিৰ ভূমিকা অপৰিসীম। তেওঁৰ সন্মুখত দিশহাৰা হৈছে প্ৰতিটো ক্ৰিকেট দলৰে এজনৰ পিছত এজনকৈ বিধ্বংসী বেটছমেন।

যেতিয়াই দলক উইকেটৰ প্ৰয়োজন হৈছে তেতিয়াই ৰোহিত শৰ্মাই তেওঁৰ হাতত তুলি দিছে বল। সেইদৰেই সফলতাও লাভ কৰিছে। এইবাৰ বিশ্বকাপৰ সবাটোকৈ চৰ্চিত ক্ৰিকেটাৰ ছামি।

এইগৰাকী ক্ৰিকেটাৰৰ নামত এখন ষ্টেডিয়াম নিৰ্মাণৰ কথা ঘোষণা কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে। মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ নিৰ্দেশত ইতিমধ্যে ছামিৰ ওপজা গাঁৱত ভূমি পৰিদৰ্শন কৰিছে বিভাগীয় কৰ্তৃপক্ষই।

উত্তৰ প্ৰদেশৰ আমৰোহা জিলাৰ আলিনগৰৰ ছাহছপুৰ গাঁৱত জন্ম হৈছিল মহম্মদ ছামিৰ। এই গাঁওখনতে এখন ষ্টেডিয়াম নিৰ্মাণৰ কথা উত্তৰ প্ৰদেশ চৰকাৰে ঘোষণা কৰিছে শুকুৰবাৰে।

উল্লেখ্য, মহম্মদ ছামিয়ে ছেমি ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে লাভ কৰিছিল ৭ টাকৈ উইকেট। ইয়াৰ লগে লগে তেওঁ বিশ্বকাপত দ্ৰুতভাৱে ৫০ টা উইকেট লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় বলাৰ হিচাপে পৰিচিত হৈ পৰিছে।

তেওঁ বিশ্বকাপৰ মাত্ৰ ১৭ খন মেচতে ৫০ টা উইকেট দখল কৰিছে। ইয়াৰ পূৰ্বে মিচেল ষ্টাৰ্কে ১৯ টা ইনিংছ খেলি ৫০ টা উইকেট লাভ কৰিছিল। ছামিৰ এনে প্ৰদৰ্শনৰ পাছতে উত্তৰ প্ৰদেশ চৰকাৰে তেওঁৰ নামত এখন ষ্টেডিয়াম নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই সন্দৰ্ভত আমৰোহাৰ জিলা উপায়ুক্ত ৰাজেশ কুমাৰ ত্যাগিয়ে কয়, ''মহম্মদ ছামিৰ গাঁৱত এখন মিনি ষ্টেডিয়াম আৰু এটা মুকলি ব্যায়ামাগাৰ নিৰ্মাণৰ প্ৰস্তাৱ লোৱা হৈছে। চলিত বিশ্বকাপত দুৰ্দান্ত প্ৰদৰ্শন কৰা ছামিলৈ এয়া মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ ডাঙৰ উপহাৰ।''

ইতিমধ্যে ছামিৰ জন্মগাঁৱলৈ গৈ জয়া উন্নয়নখণ্ডৰ বিষয়ববীয়াৰ লগতে জিলা উপায়ুক্তই এই ষ্টেডিয়াম আৰু ব্যায়ামাগাৰ নিৰ্মাণ কৰাৰ বাবে প্ৰয়োজনীয় ভূমিৰ সন্ধান কৰিছে। ইয়াৰোপৰি এই প্ৰকল্প নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিছে।

এই মিনি ষ্টেডিয়াম আৰু ব্যায়ামাগাৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় অনুমোদনৰ বাবে চৰকাৰলৈ ফাইল প্ৰেৰণ কৰা হৈছে। শীঘ্ৰেই এই প্ৰকল্পত অনুমোদন দিব আৰু কাম আৰম্ভ হ'ব।

ক্ৰিকেটে উফৰাই দিলে ধৰ্মীয় গোড়ামী ! যোগী আদিত্য নাথে নিৰ্মাণ কৰিব মহম্মদ ছামিৰ নামত ষ্টেডিয়াম...
গ্ৰহ, নক্ষত্ৰৰ অৱস্থান যথেষ্ট শক্তিশালীঃ এইবাৰ বিশ্বকাপত চেম্পিয়ন হ'ব ৰোহিত বাহিনী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in