বিশ্বকাপত আফগানিস্তানৰ উজ্জীৱিত প্ৰদৰ্শনঃ দলটোৰ হাতত পৰাস্ত শ্ৰীলংকা...

বিশ্বকাপত আফগানিস্তানৰ উজ্জীৱিত প্ৰদৰ্শনঃ দলটোৰ হাতত পৰাস্ত শ্ৰীলংকা...
বিশ্বকাপত আফগানিস্তানৰ উজ্জীৱিত প্ৰদৰ্শনঃ দলটোৰ হাতত পৰাস্ত শ্ৰীলংকা...

ডিজিটেল ডেস্কঃ বিশ্বকাপৰ স্বপ্নৰ দৌৰ অব্যাহত আছে আফগানিস্তানৰ। চলিত এদিনীয়া বিশ্বকাপত দলটোৱে বহু শক্তিশালী দলতকৈ বেটে-বলে উজ্জীৱিত প্ৰদৰ্শনেৰে ছেমি ফাইনেলৰ দিশে অগ্ৰসৰ হৈছে।

বিশ্ব ক্ৰিকেটত এতিয়াও দুগ্ধপুস্প শিশু আফগানিস্তানে এসময়ৰ বিশ্ব চেম্পিয়ন শ্ৰীলংকাক পৰাস্ত কৰি পইণ্ট টেবুলৰ পঞ্চম স্থানলৈ উন্নীত হৈছে। দলটোৱে এই পৰ্যন্ত ৬ খন মেচ খেলি ৩ খনত জয় লাভ কৰাৰ লগতে ৩ খনত পৰাস্ত হৈ মুঠ ৬ পইণ্ট অৰ্জন কৰিছে।

সোমবাৰে মহাৰাষ্ট্ৰৰ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা বিশ্বকাপৰ ৩০ সংখ্যক মেচখনত আফগানিস্তানে শ্ৰীলংকাক পৰাস্ত কৰিছে। মেচখনত আফগানিস্তানে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়।

আফগানিস্তানৰ আমন্ত্ৰণ মৰ্মে প্ৰথমে বেটিং কৰিবলৈ আহি শ্ৰীলংকান দলটোৱে প্ৰথম যুটিত ২২ ৰাণ সংগ্ৰহ কৰে। ৫.২ অভাৰত আফগানিস্তানৰ ফজলহক ফাৰুকিয়ে ডি কৰুণাৰত্নেৰ উইকেট দখল কৰে।

ইয়াৰ পাছত দলটোৱে ৮২ ৰাণত হেৰুৱাই দ্বিতীয়টো উইকেট। আফগান দলটোৰ হৈ আজমাতুল্লাই পাথুম নিশাংকাৰ ৰূপত এই উইকেট দখল কৰে। নিশাংকাৰ বেটৰ পৰা আহে ৪৬ ৰাণ।

ইয়াৰ পিছত অধিনায়ক কুশল মেণ্ডিছে ৩৯, ছাদিৰা চামাৰাভিকে ৩৬ ৰাণ কৰি আউট হয়। ইয়াৰোপৰি দলটোলৈ চৰিথ আছালংকাই ২২, এঞ্জিলো মেথিউচে ২৩ আৰু মহিষ থিকছেনাই ২৯ ৰাণৰ বৰঙণি আগবঢ়ায়। আফগানিস্তানৰ নিয়ন্ত্ৰিত বলঙিৰ সন্মুখত সিংহল দলটোৰে কোনো এজন বেটছমেনেই দীৰ্ঘ সময় ধৰি তিস্তি থাকিব নোৱাৰিলে।

ফলত ৪৯.৩ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ২৪১ ৰাণ সংগ্ৰহ কৰে। নিৰ্ধাৰিত ২৪২ ৰাণৰ লক্ষ্য আগত লৈ খেল পথাৰত নমা আফগান দলটোৱে ইনিংছ আৰম্ভ কৰিয়েই অপেনাৰ ৰহমুল্লাহ গুৰবাজৰ উইকেট হেৰুৱাই দলটো বিপদত পৰে যদিও দ্বিতীয় উইকেটৰ যুটিত ৭৩ ৰাণ সংগ্ৰহ কৰে।

দ্বিতীয় উইকেটত ইব্ৰাহিম জডৰাণে ৫৭ বলত ৩৯ ৰাণ সংগ্ৰহ কৰে। তৃতীয় স্থানত বেটিং কৰিবলৈ অহা ৰহমত শ্বাহ আৰু চতুৰ্থস্থানত বেটিং কৰিবলৈ অহা অধিনায়ক হাছমতুল্লাহ শ্বাহিদিয়ে দক্ষতাৰ পৰিচয় দি নিয়ন্ত্ৰিত বেটিঙেৰে দুয়োজনে অৰ্ধশতক অৰ্জন কৰাৰ লগতে দলটোক বিজয় লক্ষ্যত উপনীত কৰায়।

চলিত বিশ্বকাপত ৰহমত শ্বাহ আৰু হাছমতুল্লা দুয়োজনৰে এয়া দ্বিতীয় অৰ্ধশতক। মেচখনত ৰহমত শ্বাহে ৭৪ বলত ৬২ ৰাণ, হাছমতুল্লাই ৭৪ বলত ৫৮ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ লগে লগে দলটো পইণ্ট টেবুলত পাকিস্তান, শ্ৰীলংকাক অতিক্ৰম কৰি পঞ্চম স্থানত উপনীত হৈছে।

উল্লেখ্য যে, ২০১৯ বিশ্বকাপত এখনো মেচ জয় কৰিবলৈ সক্ষম নোহোৱা আফগানিস্তান দলটোৰে এদিনীয়া ক্ৰিকেট বিশ্বকাপত এতিয়ালৈকে এয়াই সৰ্বোত্তম প্ৰদৰ্শন। দলটোৱে চলিত বিশ্বকাপত আৰু তিনিখন মেচ খেলিব। এই তিনিখন মেচৰ অতি কমেও ২ খনত জয় লাভ কৰিব পাৰিলে দলটোৰ ছেমি ফাইনেলত প্ৰৱেশ সম্ভৱ হৈ পৰিব পাৰে।

এই তিনিখন মেচৰ ভিতৰত ৩নৱেম্বৰত খেলিব নেডাৰলেণ্ডৰ বিৰুদ্ধে। শেহতীয়া প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি এই মেচখনত অৱশ্যে আফগানিস্তানকে ফেভাৰিট আখ্যা দিব পাৰি। ইয়াৰ পৰৱৰ্তী সময়ত দলটোৱে ৭ নৱেম্বৰত অষ্ট্ৰেলিয়া আৰু ১০ নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব লাগিব।

এই দুয়োটে দলেই যথেষ্ট শক্তিশালী। অষ্ট্ৰেলিয়া দলটোৱে এই পৰ্যন্ত ৬ খন মেচ খেলি ৪ খনতে বিজয় সাব্যস্ত কৰিছে। দলটো আছে পইণ্ট টেবুলৰ চতুৰ্থ স্থানত। দলটো দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ সৈতে খেলা দুয়োখন মেচতে পৰাজিত হৈছে।

অৱশ্যে আত্মবিশ্বাসী হৈ থকা আফগানিস্তানে এই দলটোৰ বিৰুদ্ধে বিজয়ৰ লক্ষ্যৰেই খেলিব। আফগান দলটোৰ বাবে আটাইতকৈ কঠিন হিচাপে বিবেচিত হ'ব দক্ষিণ আফ্ৰিকা। দলটোৱে এই পৰ্যন্ত ৬ খন মেচ খেলি এখনত পৰাজিত হৈছে আৰু পইণ্ট টেবুলৰ দ্বিতীয় স্থানত আছে।

বিশ্বকাপত আফগানিস্তানৰ উজ্জীৱিত প্ৰদৰ্শনঃ দলটোৰ হাতত পৰাস্ত শ্ৰীলংকা...
যুদ্ধক্ষেত্ৰলৈ পৰিণত হোৱা ঢাকাত শান্তি প্ৰতিষ্ঠাৰ বাবে আহ্বান ৭ ৰাষ্ট্ৰৰ কূটনৈতিক মিচনৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in