/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/acfc15d9-a45d-408a-b525-850076c061d3/AP_FOR_WEB_gilllll.jpg)
শুভমণৰ ডেংগুঃ ৰোহিতৰ সৈতে অপেনিং কৰিব কোনে? চৰ্চাত ৩ ক্ৰিকেটাৰৰ নাম...
ডিজিটেল ডেস্কঃ এদিনীয়া ক্ৰিকেট বিশ্বকাপত ভাৰতে অভিযান আৰম্ভ কৰাৰ পূৰ্বেই নিৰ্ভৰযোগ্য অপেনিং বেটছমেন শুভমণ গিলৰ দেহত ডেংগুৰ উপস্থিতি ধৰা পৰাত স্বাভাৱিকতে বিপদত পৰিছে ভাৰত। সুন্দৰ ফ্ৰম ধৰি ৰাখিবলৈ সক্ষম হোৱা শুভমণে দেশৰ মাটিত ক্ৰমাগত ভাৱে বিধ্বংসী ৰূপ ধাৰণ কৰি আহিছে।
সেয়েহে এতিয়া ৰোহিত শৰ্মাৰ সৈতে কোনে অপেনিং কৰিব তাক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে। গিলৰ দৰে কোনে ভাৰতীয় দলটোক শক্তিশালী আৰম্ভণি দিব পাৰিব তাক লৈয়ো আলোচনা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/0f206504-ef37-452f-8810-f0409b553327/gill_bating_d.webp)
এই সন্দৰ্ভত চৰ্চালৈ আহিছে ৩ গৰাকী বিশেষ ক্ৰিকটাৰৰ নাম। তেওঁলোক ক্ৰমে ঈশান কিশাণ, কে এল ৰাহুল আৰু বিৰাট কোহলি। বাওঁহতীয়া বেটছমেন ঈশান কিষাণক মিডল অৰ্ডাৰত স্থান দি বিশ্বকাপৰ বাবে ঘোষিত ভাৰতীয় দলটোত স্থান দিয়া হৈছিল।
কিন্তু ঈশান কিষাণৰ প্ৰথম পচন্দ হ'ল অপেনিং। অৱশ্যে দলৰ প্ৰয়োজনত তেওঁ মিডল অৰ্ডাৰ চম্ভালিবলৈও সকলো সময়তে প্ৰস্তুত থাকে। সেয়েহ ৰোহিত শৰ্মাই শুভমণ গিলৰ স্থানত এইগৰাকী তৰুণ প্ৰতিভাক নিজৰ সংগী কৰিব পাৰে। ক্ৰিকেট বিশেষজ্ঞসকলৰ মতে ৰোহিত আৰু ঈশানে ভাৰতক সুন্দৰ আৰম্ভণি দিব পাৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/1d5d67a2-f8a6-4766-b83a-43fb78ed79e2/ro.avif)
এই সন্দৰ্ভত চৰ্চালৈ আহিছে ৩ গৰাকী বিশেষ ক্ৰিকটাৰৰ নাম। তেওঁলোক ক্ৰমে ঈশান কিশাণ, কে এল ৰাহুল আৰু বিৰাট কোহলি। বাওঁহতীয়া বেটছমেন ঈশান কিষাণক মিডল অৰ্ডাৰত স্থান দি বিশ্বকাপৰ বাবে ঘোষিত ভাৰতীয় দলটোত স্থান দিয়া হৈছিল।
কিন্তু ঈশান কিষাণৰ প্ৰথম পচন্দ হ'ল অপেনিং। অৱশ্যে দলৰ প্ৰয়োজনত তেওঁ মিডল অৰ্ডাৰ চম্ভালিবলৈও সকলো সময়তে প্ৰস্তুত থাকে। সেয়েহ ৰোহিত শৰ্মাই শুভমণ গিলৰ স্থানত এইগৰাকী তৰুণ প্ৰতিভাক নিজৰ সংগী কৰিব পাৰে। ক্ৰিকেট বিশেষজ্ঞসকলৰ মতে ৰোহিত আৰু ঈশানে ভাৰতক সুন্দৰ আৰম্ভণি দিব পাৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/fc2403ef-e147-46de-b42a-1e999aeb3555/72870838.jpg)
ঈশানৰ উপৰিও চৰ্চালৈ আহিছে কে এল ৰাহুলৰো নাম। কে এল ৰাহুল এনে এগৰাকী ক্ৰিকেটাৰ যি সকলো স্থানতে খেলি অভিজ্ঞতা আহৰণ কৰিছে। দলৰ প্ৰয়োজনত কেতিয়াবা যদি অপেনিং কৰিছে আন কেতিয়াবা মিডল অৰ্ডাৰ চম্ভালিছে।
ইয়াৰোপৰি তেওঁ দলক নেতৃত্বও দিছে, উইকেট কীপিঙৰ দায়িত্বও চম্ভালিছে। ৰোহিতৰ সৈতে কে এল ৰাহুলে এক দীঘলীয়া সময় অপেনিং কৰিছে। ক্ৰিকেটৰ তিনিওটা ফৰ্মেটত এই দুই ক্ৰিকেটাৰে অপেনিং কৰাৰ অভিজ্ঞতা আহৰণ কৰিছে।
বিশ্বকাপৰ প্ৰথম মেচত পুনৰ এই দুইগৰাকী ক্ৰিকেটাৰক অপেনিং কৰা দেখিবলৈ পোৱা যাব পাৰে।শুভমণে পালন কৰি অহা দায়িত্ব এইবাৰ হয়তো ৰাহুল কান্ধতেই পৰিব। বহুতে ৰাহুলকেই শুভমণৰ বিকল্প হিচাপে ভাবি লৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/ceca3765-910a-4983-93fa-adcdb81b9bad/virat_kohli_rohit_sharma.avif)
অৱশ্যে এই দুই ক্ৰিকেটাৰৰ উপৰিও বিৰাট কোহলিও আহিছে চৰ্চালৈ। অৱশ্যে এদিনীয়া ক্ৰিকেটত ৰোহিত-বিৰাটক একেলগে দেখা পোৱা নাই। টি-২০ত দুয়োৱে অপেনিং কৰাৰ অভিজ্ঞতা আহৰণ কৰিছে।
এদিনীয়া ক্ৰিকেটত বিৰাটে এই পৰ্যন্ত অপেনিং কৰা দেখা পোৱা নাই। তেওঁৰ প্ৰথম পচন্দই হৈছে ৩ নং স্থান। এই স্থানৰ পৰিৱৰ্তন কৰিব নিবিচাৰে প্ৰাক্তন অধিনায়ক গৰাকীয়ে।
অৱশ্যে দলৰ প্ৰয়োজনত বিৰাটে ৩ নং স্থান এৰি ৰোহিত শৰ্মাৰ সৈতে অপেনিং কৰিবলৈ আহিলেও আচৰিত হ'বলগীয়া একো নাই। অৱশ্যে শেষ মুহূৰ্তত ৱাশ্বিংটন সুন্দৰক মূল একাদশত স্থান দি গিলৰ স্থানত অপেনিং কৰিবলৈ দিলেও আচৰিত হ'বলগীয়া একো নাই।
Also Read: আজি বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব বাবৰ বাহিনীয়েঃ শক্তিশালী পাক দলটো ৰুধিবলৈ সাজু নেডাৰলেণ্ড..