IPL ৰ দৰে দেশৰ বাবেও বিৰাটে নোৱাৰিলে ট্ৰফী জয় কৰিবঃ সমালোচনাৰ প্ৰত্যুত্তৰ দিলে প্ৰশিক্ষক শাস্ত্ৰীয়ে…

IPL ৰ দৰে দেশৰ বাবেও বিৰাটে নোৱাৰিলে ট্ৰফী জয় কৰিবঃ সমালোচনাৰ প্ৰত্যুত্তৰ দিলে প্ৰশিক্ষক শাস্ত্ৰীয়ে…

ডিজিটেল ডেস্কঃ IPLৰ দৰে টি-২০ ক্ৰিকেটতো অধিনায়ক হিচাপে ব্যৰ্থ হ'ল বিৰাট কোহলি। টি-২০ বিশ্বকাপৰ পৰা ভাৰতীয় দল বাহিৰ হোৱাৰ পিছতেই সমালোচকৰ লক্ষ্য হৈ পৰিছে অধিনায়ক কোহলিৰ লগতে প্ৰশিক্ষক ৰবি শাস্ত্ৰী। ইয়াৰ মাজতে মুখ খুলিছে ভাৰতীয় ক্ৰিকেট দলৰ হাইপ্ৰফাইল প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে। কেৱল মুখ খুলাতেই শান্ত থকা নাই প্ৰশিক্ষক শাস্ত্ৰী। তেওঁ সমালোচকক দিছে উচিত প্ৰত্যুত্তৰ। ভাৰতীয় ক্ৰিকেটাৰৰ অনুন্নত প্ৰদৰ্শনক লৈ তেওঁ হতাশ নহয় বুলি উল্লেখ কৰাৰ লগতে কয় যে, তেওঁ খেলুৱৈৰ পেট্ৰ'ল ঢালি দৌৰাব নোৱাৰে।

৮ অক্টোবৰ ২০২১ত এখন গুৰুত্বহীন মেচত নামিবিয়াক পৰাস্ত কৰি প্ৰতিযোগিতাৰ পৰা বিদায় মাগিছে। বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশৰ পথ ৰুদ্ধ হোৱাৰ পিছতেই সমালোচকসকলে ভাৰতীয় দলটোৰ লগতে মুখ্যত অধিনায়ক বিৰাট কোহলি আৰু মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীক সমালোচনাৰ লক্ষ্য কৰি লৈছিল। শেহতীয়াকৈ প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে ষ্টাৰ স্প'ৰ্টছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুখ খুলিছে।

দীৰ্ঘদিন ধৰি ভাৰতীয় দলটোৱে ঘৰৰ পৰা বাহিৰত আছে। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত অংশগ্ৰহণ কতাৰ পিছত IPL আৰু ইয়াৰ পিছত টি-২০ বিশ্বকাপ। এই গোটেই সময়ছোৱাত ভাৰতীয় দলটো জৈৱ সুৰক্ষাৰ মাজত থাকিবলগীয়া হৈছে। কোৰোনা সংক্ৰমণৰ ভয়াবহতাৰ প্ৰতি লক্ষ্যৰাখি সুদীৰ্ঘ ৬ মাহৰো অধিক সময় ভাৰতীয় দলটো আছে জৈৱ সুৰক্ষাৰ মাজত। এই ব্যৱস্থাই ভাৰতীয় দলটোৰ মানসিক অৱস্থাত প্ৰভাৱ পেলাইছে।

ইতিমধ্যে ভাৰতীয় দলটোৰ পেছ আক্ৰমণৰ মুখ্য বলাৰ যশপ্ৰীত বুমৰাহে মুকলিকৈ এই কথা কোৱাৰ পিছত ৰবি শাস্ত্ৰীয়েও এই বিষয়টোকে উল্লেখ কৰিছে। তেওঁ কৈছে, ৬ মাহ জৈৱ সুৰক্ষাৰ মাজত থকাটো সাধাৰণ কথা নহয়। ক্ৰিকেটাৰসকলক পেট্ৰ'ল ঢালি দৌৰাব নোৱাৰি। কোৰোনাৰ বিষয়টো আই চি চিৰ লগতে সকলো ক্ৰিকেট ব'ৰ্ডেই চিন্তা কৰিব লাগিব। খেলুৱৈসকল মানসিকভাৱে প্ৰভাৱিত হৈছে। এনেকৈ থাকিলে খেলুৱৈয়ে নিজেই নেখেলাৰ সিদ্ধান্ত ল'ব।

ইয়াৰোপৰি ৰবি শাস্ত্ৰীয়ে ভাৰতীয় ক্ৰিকেটাৰৰ প্ৰদৰ্শনকলৈ নিৰাশ নহয় বুলিও উল্লেখ কৰিছে। উল্লেখ্য যে ৰবি শাস্ত্ৰীৰ প্ৰশিক্ষণত ভাৰতীয় দলটোৱে বিশ্বৰ প্ৰতিটো প্ৰান্ততে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। শাস্ত্ৰীৰ অধীনতে বহু গুৰুত্বপূৰ্ণ মেচ তথা শৃংখলা জয় কৰিবলৈ সক্ষম হৈছে ভাৰতীয় দলটো।

ইফালে ভাৰতীয় ক্ৰিকেট নিয়্ন্ত্ৰণ ব'ৰ্ডে ৰবি শাস্ত্ৰীৰ স্থানত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ দ্যা ৱাল খ্যাত ৰাহুল দ্ৰাবিড়ক ভাৰতীয় দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযু্ক্তি প্ৰদান কৰিছে। আনহাতে টি-২০ দলটোৰ অধিনায়কৰ দায়িত্ব বিৰাট কোহলিৰ পৰা ৰোহিত শৰ্মাৰ হাতত অৰ্পন কৰাটো নিশ্চিত হৈছে। ইতিমধ্যে বিৰাটেও দলটোৰ অধিনায়ক পদ ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে।

মনকৰিবলগীয়া যে বহু ৰেকৰ্ডৰ অধিকাৰী বিৰাট কোহলি IPL, টি-২০ ক্ৰিকেটত এগৰাকী ক্ৰিকেটাৰ হিচাপে তেওঁৰ সফলতা লক্ষ্যণীয়। কিন্তু অধিনায়ক হিচাপে বিৰাটে টি-২০ত এটাও ট্ৰফী জয় কৰিব নোৱাৰা বিষয়টোৱে অনুৰাগীক বৰকৈ আঘাত কৰিছে। IPL ৰ ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ সুদীৰ্ঘ সময় অধিনায়ক হিচাপে দায়িত্ব পালন কৰা বিৰাটে যিদৰে IPL ত এটাও ট্ৰফী হাতত তুলিব সক্ষম হোৱা নাই একেদৰে ভাৰতীয় দলটোৰ হৈও তেওঁ লাভ নকৰিলে এটাও ট্ৰফী। এই বিষয়টোৱেই এতিয়া বিৰাট অনুৰাগীৰ বাবে এটা ডাঙৰ ট্ৰেজেডি হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in