চিকিৎসালয়ৰ শিশুৰোগ বিভাগত অগ্নিকাণ্ডঃ ৩ শিশুৰ কৰুণ মৃত্যু…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ ভূপালৰ হামিদিয়া চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। চিকিৎসালয়খনৰ তৃতীয় মহলাত থকা শিশুৰোগ বিভাগত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে। এই অগ্নিকাণ্ডৰ ফলত চাৰিটি শিশু শ্বাসৰুদ্ধ হৈ মৃত্যু হৈছে। সোমবাৰে নিশা ৯ বজাত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।

ক্লিক কৰি পঢ়কঃ বিজেপিৰ কাৰ্যনিৰ্বাহক

বৰ্তমান চিকিৎসালয়খনৰ জুই নিয়ন্ত্ৰণ হ'ল যদিও এই ঘটনাৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া অব্যাহত আছে। নিশা অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে অগ্নি নিৰ্বাপক বাহিনীয়ে অগ্নি নিৰ্বাপনৰ বাহন লৈ ঘটনাস্থলীত উপস্থিত হয় আৰু অগ্নি নিৰ্বাপন কৰে। ৯ বজাত অগ্নিৰ সূত্ৰপাত হোৱা চিকিৎসালয়খনৰ অগ্নি নিৰ্বাপন হয় নিশা ১২-৩০ বজাত।

ইফালে ঘটনাস্থলীত উপস্থিত হৈ মন্ত্ৰী বিশ্বাস চাৰাঙে কয় যে, চিকিৎসালয়খনৰ শিশু ৰোগা বিভাগটোৰ কোঠাত ৪০ টি শিশু আছিল।এই ৪০ টি শিশুৰ ভিতৰত ৩৬ টি শিশুক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিব পৰা গ'ল যদিও ৪ টি শিশুক জীৱন্তে উদ্ধাৰ কৰিব পৰা নগ'ল। উদ্ধাৰ কৰা ৩৬ টি শিশুক আন স্থানলৈ স্থানান্তৰ কৰা হৈছে।

মন্ত্ৰীগৰাকীয়ে কয় যে যিকেইটি শিশুৰ এই ঘটনাত মৃত্যু হ'ল তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক ৪ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। উল্লেখ্য যে প্ৰথমে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৩ টা শিশুৰ মৃত্যুৰ বিষয়ে অৱগত কৰিছিল। তেওঁ এই ঘটনাৰ শোক প্ৰকাশ কৰিছিল আৰু বিষয়টোৰ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছিল।

এই অগ্নিকাণ্ড কিদৰে সূত্ৰপাত হ'ল সেই বিষয়ে এতিয়াও সঠিক তথ্য পোহৰলৈ অহা নাই যদিও একাংশই চিলিণ্ডাৰ বা ভেণ্টিলেটৰত বিস্ফোৰণ সংঘটিত হোৱাৰ কথা প্ৰকাশ কৰিছে। আন একাংশই আকৌ শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘিট হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এই ঘটনাৰ শীঘ্ৰে প্ৰতিবেদন বিচাৰিছে। ইয়াৰোপৰি তেওঁ শিশুসকলক সুৰক্ষা আৰু চিকিৎসা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য যে এই চিকিৎসালয়খনৰ চৌহদত যোৱা ৭ অক্টোবৰতো অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল। ৫ খন অগ্নি নিৰ্বাপন বাহিনীৰ বাহনে সেই অগ্নিকাণ্ডৰ ঘটনাক নিয়ন্ত্ৰণ কৰিছিল। সেই ঘটনাত অৱশ্যে বিশেষ ক্ষতি হোৱা নাছিল। কিন্তু এটা মাহৰ মূৰত অগ্নিকাণ্ড সংঘটিত হোৱাৰা লগতে ৪ টিকৈ শিশুৱে প্ৰাণ ত্যাগ কৰিবলগীয়া হোৱা বিষয়টোৱে এতিয়া ৰাজ্যখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in