টেষ্ট ক্ৰিকেটত বিৰাটৰ ১০ বছৰ

টেষ্ট ক্ৰিকেটত বিৰাটৰ ১০ বছৰ

টেষ্ট ক্ৰিকেটত বিৰাটৰ ১০ বছৰ

ডিজিটেল ডেস্কঃ টেষ্ট ক্ৰিকেটত ১০ বছৰ সম্পূৰ্ণ কৰিলে বিৰাট কোহলিয়ে। ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলিয়ে ২০১১ চনৰ ২০ জুনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চাবিনা পাৰ্ক ষ্টেডিয়ামত আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ পাছতে বিশ্ব টেষ্ট ক্ৰিকেটৰ ইতিহাসত আৰম্ভ হৈছিল কোহলিৰ যুগ। এই যুগত বিৰাটে খেলিছে মুঠ ৯২ খন টেষ্ট।

টেষ্ট ক্ৰিকেটত বিৰাট কোহলিয়ে আত্মপ্ৰকাশ কৰাৰ পৰা বৰ্তমানলৈকে কোহলিয়ে সৃষ্টি কৰিছে কেইবাটাও অভিলেখ। বিৰাটৰ যুগ হিচাপে পৰিগণিত হোৱা ২০১১-২০২১ ৰ এই সময়চোৱাত কোহলিৰ বেটৰ পৰা আহিল ৭৫৩৪ ৰান। এয়া আছিল এই সময়চোৱাত ভাৰতীয় ক্ৰিকেটাৰে টেষ্ট ক্ৰিকেটত সংগ্ৰহ কৰা সৰ্বাধিক ৰান। ইয়াৰ উপৰিও এই সময়ছোৱাত টেষ্ট ক্ৰিকেটত বিৰাটৰ বেটৰ পৰা আহিছে ২৭ টা শতক, ৫২ টা অৰ্ধশতক, ২২ টা ছয় আৰু ৮৪০ টা চাৰি।

বিৰাটৰ যুগত বিৰাটে নিজৰ দমনীয় প্ৰদৰ্শনৰ জড়িয়তে অৰ্জন কৰিছে ৯ টা 'মেন অৱ দ্য মেচ' খিতাপ।

আনহাতে ভাৰতীয় টেষ্ট দলৰ অধিনায়কৰ দায়িত্ব লাভ কৰাৰ পাছতেই বিৰাটৰ নেতৃত্বত ভাৰতে ৬৩ খন টেষ্ট খেলিছে। ইয়াৰ ভিতৰত ভাৰতে মুঠ ৩৬ খনত জয় লাভ কৰিছে। বিৰাটৰ নেতৃত্বতে পোন প্ৰথমবাৰৰ বাবে ভাৰতীয় দলে অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা দখল কৰিবলৈ সক্ষম হ'ল। এই সফলতা লাভ কৰা তেওঁ বাৰতৰ একমাত্ৰ অধিনায়ক হোৱাৰ লগতে এছিয়াৰো প্ৰথমজন অধিনায়ক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in