পেন আৰু আধাৰ লিংক নকৰিলে বিপদত পৰিব আপুনিঃ মাজত মাত্ৰ ১০ টা দিন….

পেন আৰু আধাৰ লিংক নকৰিলে বিপদত পৰিব আপুনিঃ মাজত মাত্ৰ ১০ টা দিন….

পেন আৰু আধাৰ লিংক নকৰিলে বিপদত পৰিব আপুনিঃ মাজত মাত্ৰ ১০ টা দিন….

ডিজিটেল ডেস্কঃ আপুনি আপোনাৰ পেনৰ লগত আধাৰ লিংক কৰিলেনে? যদি নাই কৰা শীঘ্ৰেই এই কাম সম্পাদন কৰক। কিয়নো আপুনি পেনৰ লগত আধাৰ লিংক নকৰিলে বিপদত পৰাটো নিশ্চিত। শেহতীয়াকৈ ভাৰতীয় ষ্টেট বেংকে ইয়াৰ ৪৪ কোটি গ্ৰাহকৰ বাবে জাৰি কৰিছে এক বিশেষ ঘোষণা। এছ বি আইয়ে টুইটাৰৰ জড়িয়তে জনাইছে যে, পেন আৰু আধাৰ লিংক কৰাটো বাধ্যতামূলক।ইয়াৰ বাবে আপোনাৰ হাতত সময় আছে মাত্ৰ ১০ দিন।

এছ বি আইৰ ফালৰ পৰা কোৱা হৈছে পেন আৰু আধাৰ লিংক নকৰিলে বেংকৰ লেনদেনৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব। গ্ৰাহকসকলে নাপাব কোনোধৰণৰ চৰকাৰী আঁচনিৰ সুবিধা। পেন আৰু আধাৰ লিংক নকৰিলে এছ বি আইৰ গ্ৰাহকসকলে ১০০০ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব।

ইয়াৰ উপৰিও এছ বি আইয়ে গ্ৰাহকসকলক কে ৱাই চি আপডেট কৰিবলৈও নিৰ্দেশ প্ৰদান কৰিছে। গ্ৰাহকসকলে কে ৱাই চি আপডেট কৰিবলৈ বেংকলৈ নগলেও হ'ব। ডাক আৰু ইমেইলৰ জড়িয়তেও গ্ৰাহকসকলে নিজৰ কে ৱাই চি আপডেট কৰিব পাৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in