৫ মে’ত তাজমহলত প্ৰতিষ্ঠা কৰিব শিৱলীংগ ! সকলো সনাতন ধৰ্মৰ উপাসকক তাজমহললৈ অহাৰ আহ্বান….

৫ মে’ত তাজমহলত প্ৰতিষ্ঠা কৰিব শিৱলীংগ ! সকলো সনাতন ধৰ্মৰ উপাসকক তাজমহললৈ অহাৰ আহ্বান….

ডিজিটেল ডেস্কঃ ৫ মে'ত তাজমহলত স্থাপন কৰা হ'ব শিৱলীংগ। এগৰাকী হিন্দু ধৰ্মগুৰুৱে ৫ মে'ত তাজমহলত শিৱলীংগ স্থাপনৰ হুংকাৰ দিছে। উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ছবানী অঞ্চলৰ জগতগুৰু পৰমহংসচাৰ্য মহাৰাজে এই হুংকাৰ প্ৰদান কৰিছে।

এই সন্দৰ্ভত পৰমহংসচাৰ্য মহাৰাজে তেওঁৰ শিষ্যসকলক তাজমহলৰ পশ্চিম দুৱাৰত একত্ৰিত হ'বলৈও নিৰ্দেশ দিছে। এইগৰাকী হিন্দু ধৰ্মগুৰুৱে ৫ মে'ত তাজমহলৰ পশ্চিম দুৱাৰত সনাতম ধৰ্মৰ উপাসনা কৰা সকলো সন্যাসীকে উপস্থিত হ'বলৈ আহ্বান জনাইছে।

জগতগুৰু পৰমহংসচাৰ্য মহাৰাজৰ এই হুংকাৰৰ পিছতে এতিয়া ব্যাপক চাঞ্চল্য সৃষ্টি হৈছে। সমগ্ৰ উত্তৰ প্ৰদেশৰ লগতে আগ্ৰাত তেওঁৰ আহ্বানে ব্যাপক চৰ্চা লাভ কৰিছে। কিন্তু এইগৰাকী হিন্দু ধৰ্মগুৰুৱে হঠাৎ তাজমহলত কিয় শিৱলীংগ স্থাপনৰ হুংকাৰ দিছে? সেই প্ৰশ্নই এতিয়া বহুতৰে মনত ক্ৰিয়া কৰিবলৈ ধৰিছে।

জানিব পৰা মতে শেহতীয়াকৈ জগতগুৰু পৰমহংসচাৰ্য মহাৰাজক তাজমহলত প্ৰৱেশ কৰাত বাধা দিয়া হৈছিল। নিজৰ তিনিজন অনুগামী শিষ্যৰ সৈতে তেওঁ তাজমহলত উপস্থিত হোৱাৰ সময়ত নিৰাপত্তাৰক্ষীসকলে তেওঁক তাজমহলৰ চৌহদত প্ৰৱেশত বাধা প্ৰদান কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে।

মহাৰাজৰ অভিযোগ অনুসৰি তাজমহলৰ সুৰক্ষা কৰ্মীসকলে তেওঁক গেৰুৱা বসন পৰিধান কৰাৰ বাবেই তেওঁক তাত প্ৰৱেশ কৰিব দিয়া হোৱা নাছিল আৰু গেৰুৱা বসন পৰিধান কৰিবলৈ বাধা দিছিল। তেওঁলোকৰ সন্মুখতে অন্যান্য লোকসকলক টিকট সংগ্ৰহ কৰি তাজমহল চাবলৈ অনুমতি দিয়া হৈছিল। মহাৰাজৰ মতে তেওঁলোকক তাজমহলৰ সন্মুখৰ পৰা এক প্ৰকাৰে খেদি দিয়া হৈছিল।

তাজমহলৰ সুৰক্ষা কৰ্মীসকলৰ বিৰুদ্ধে এইদৰে গুৰুতৰ অভিযোগ উত্থাপিত কৰি জগতগুৰু পৰমহংসচাৰ্যই খঙত অগ্নিশৰ্মা হৈ তাজমহলত শিৱলীংগ স্থাপনৰ সিদ্ধান্ত লৈছে। তেওঁৰ মতে তাজমহল পূৰ্বতে 'তেজো মহল'হে আছিল। তেওঁ এই সম্পৰ্কত কয় যে, এইয়া তাজমহল নহয়। এইটো প্ৰকৃততে ভগৱান শিৱৰ মন্দিৰ। মোগলসকলে ইয়াক তাজমহল বুলি ক'বলৈ আৰম্ভ কৰিছিল। ই সম্পূৰ্ণ ভুল।

উল্লেখ্য যে বিগত ২৭ এপ্ৰিলত উত্তৰ প্ৰদেশৰ এইগৰাকী হিন্দু ধৰ্মীয় গুৰুৱে কপালত তিলক লগাই, হাতত ধৰ্মীয় দণ্ডি আৰু গেৰুৱা বসন পৰিধান কৰি তিনিজন শিষ্যৰ সৈতে তাজমহলৰ চৌহদত প্ৰৱেশৰ চেষ্টা চলাইছিল। কিন্তু তাজমহলৰ সুৰক্ষাৰ দায়িত্বত থকা চি আৰ পি এফৰ জোৱানসকলে পুৰাতাত্ত্বিক জৰীপৰ বিষয়াৰ নিৰ্দেশত তেওঁলোকক তাজমহলত প্ৰৱেশত বাধা প্ৰদান কৰিছিল।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত পুৰাতত্ত্ববিদ ৰাজকুমাৰ পেটেলে সংবাদ মাধ্যমৰ আগত কৈছে যে, সন্ন্যাসীজনৰ লগত এটা মন্দিৰ আছিল। এই সৰু মন্দিৰটো দেখি নিৰাপত্তাৰক্ষীসকলে তেওঁলোকৰ পথ অৱৰোধ কৰিছিল। তেওঁলোকক মন্দিৰটো থৈ যাবলৈ কোৱা হৈছিল। কিন্তু তেওঁ সেই চৰ্ত মানিলবলৈ অস্বীকাৰ কৰিছিল। তাৰ পিছত কি হ'ল মই সঠিকভাৱে নাজানো।

তাজমহলত প্ৰৱেশ কৰাৰ অনুমতি লাভ নকৰা এইগৰাকী জগতগুৰু পৰমহংসচাৰ্য মহাৰাজে তাজমহলত শিৱলীংগ স্থাপন কৰাৰ লগতে সকলো সনাতন ধৰ্মৰ উপাসকসকলক তাজমহলৰ চৌহদত উপস্থিত হ'বলৈ জনোৱা আহ্বানে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্ট কৰিছে। অৱশ্যে ৫ মে'ত হে জানিব পৰা যাব তেওঁৰ এই হুংকাৰে কি ৰূপ ধাৰণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in