হাবিৰ মাজত বান্ধি হত্যা কৰাৰ অপচেষ্টা কংগ্ৰেছ নেতা চন্দন বৰুৱাক…

হাবিৰ মাজত বান্ধি হত্যা কৰাৰ অপচেষ্টা কংগ্ৰেছ নেতা চন্দন বৰুৱাক…

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈত ভূমাফিয়াৰ দপদপনি ৷ দেওবাৰে ৰাতিপুৱা দহ মান বজাত হাবিৰ মাজত ৰচিৰে বান্ধি হত্যা কৰাৰ অপচেষ্টা কংগ্ৰেছ নেতা চন্দন বৰুৱাক। ৰাতিপুৱা সময়ত চন্দন বৰুৱা উপহুপাৰা স্মশানৰ কাষেৰে নিজৰ দুচকীয়া বাহনেৰে গৈ থকা অৱস্থাত উপহুপাৰা স্মশানৰ মাটিত কেইজনমান লোকে নিৰ্মাণ কাৰ্য কৰি থকা দেখি কি কৰিছে জানিব বিচৰাত লোক কেইজনে বৰুৱাক প্ৰহাৰ কৰে।

ইয়াতেই ক্ষান্ত নাথাকি বৰুৱাক ৰাষ্টাৰ পৰা চোঁচৰাই নি মেৰিয়াই মেৰিয়াই ৰচিৰে বান্ধি লগত লৈ যোৱা লাঠি, দাৰে আঘাত কৰিব ধৰে। এজন কিশোৰে এই কায্য দেখা পাই ওচৰ চুবুৰীয়াক খবৰ কৰে, ইয়াৰ পিছতেই মঙলদৈ আৰক্ষীয়ে বৰুৱাক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। চৰকাৰী মাটি ব্যক্তিগত কৰণত বাধা দি বিপদত পৰিল চন্দন বৰুৱা ৷

মঙলদৈ চহৰৰ দাতিকাষৰীয়া চৰকাৰী ভুমি সমুহ অবৈধভাৱে বিভিন্ন জনে দখল কৰি বিক্ৰী কৰি আহিছে ৷ যাৰ ফলত কোনো চৰকাৰী আচনি ৰূপায়ণ কৰিবলৈ মাটিৰ অভাব চহৰখনত ৷ কেইদিনমান আগে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভূমিৰ অভাৱত দৰং জিলাত চিকিৎসা মহাবিদ্যালয়, ইঞ্জিনিয়াৰিং কলেজ প্ৰতিস্থা কৰিব পৰা নাই বুলি ৰাজহুৱাকৈ মন্তব্য কৰিছিল ৷ তেনে সময়তে কিছুমান ভূমাফিয়াই বলেৰে চৰকাৰী ভূমি হস্তগত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷
উপহুপাৰা ৰাজহুৱা স্মশানৰ মাটি বেদখল কৰে স্থানীয় পুতু দাস,মাজু দাস ৰমা দাস নামৰ তিনি ককায়েক ভায়েকে।তাকেলৈ স্মশান পৰিচালনা সমিতিৰ সভাপতিৰ দায়িত্বত থকা কংগ্ৰেছ নেতা চন্দন বৰুৱাই বাধা প্ৰদান কৰোতে হয় এই ঘটনাৰ। প্ৰশাসনে এই ঘটনাকলৈ কি পদক্ষেপ গ্ৰহণ কৰিব সেয়ে হ'ব লক্ষ্যনীয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in