কোভিড ভেকচিন নল’লে নাপাব দৰমহা-ক্ৰয় কৰিব নোৱাৰিব সুৰা…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ উত্তৰপ্ৰদেশত কোৰোনা ভেকচিনৰ বিৰোধিতা কৰি থকাৰ সময়তে সৰ্বসাধাৰণ লোকক টীকাকৰণ যাতে লয় তাৰ বাবে বিভিন্ন ধৰণৰ প্ৰলোভন তথা বহু ধৰণৰ পদ্ধতি গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগ তথা প্ৰশাসনে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ৰাজ্যখনত সেই সকল লোকেহে সুৰা ক্ৰয় কৰিব পাৰিব যিসকলে কোভিড ভেকচিন লৈছে। তদুপৰি, সুৰা বিপনীসমূহত এই সম্পৰ্কীয় এক জাননীও আঁৰি দিয়া হৈছে।

আনহাতে, ৰাজ্যখনৰ আন একাংশ স্থানত ঘোষণা কৰা হৈছে যে, যিসকল লোকে টীকাকৰণ ল'ব তেওঁলোকেহে দৰমহা লাভ কৰিব। আনহাতে, এনেদৰেই ৰাজ্যখনৰ আন বহু স্থানত মহিলাকসকলেই গান গাই ভেকচিন গ্ৰহণ কৰিবলৈ সকলোকে সজাগ কৰি আহিছে। ইফালে, এখন সুৰাৰ বিপনীৰ এজন প্ৰবন্ধকে সাংবাদিকৰ আগত কয়- 'যিসকল লোকে কোভিড ভেকচিন লোৱাৰ প্ৰমাণ দিছে তেওঁলোককহে সুৰা দিয়া হৈছে।' তেওঁক টীকাকৰণক লৈ মানুহবোৰ সজাগ-সচেতন হয়নে বুলি প্ৰশ্ন কৰাত প্ৰবন্ধকগৰাকীয়ে হয় বুলি উত্তৰ দিয়ে।

আনহাতে, আন এখন সুৰাৰ বিপনীৰ প্ৰবন্ধকে কয় যে- আমি সুৰা ক্ৰয় কৰা লোকসকলক কোভিড ভেকচিন ল'বলৈ কওঁ। একাংশই ভেকচিন লম বুলি কৈছে আৰু আন একাংশই ভেকচিন ইতিমধ্যে লোৱা হয় জনায়। কিন্তু টীকাকৰণৰ কোনো কাৰ্ড পোৱা নাই। উল্লেখ্য যে, ফিৰোজাবাদ চহৰত বহু লোকে দৰমহা লাভ নকৰাৰ ভয়তে কোভিড ভেকচিন গ্ৰহণ কৰিছে। ফিৰোজাবাদৰ চিডিঅ' এছ গৌৰে কয় যে,- জিলা দণ্ডাধীশে নিৰ্দেশ দিছে যে, যদি কোনো বিভাগৰ লোকে ভেকচিন নলয় তেন্তে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব তথা এমাহৰ বেতন তেওঁলোকক তেতিয়ালৈকে দিয়া নহয় যেতিয়ালৈকে তেওঁলোকে ভেকচিন গ্ৰহণ কৰে। আমি সৰ্বসাধাৰণ ৰাইজক বুজাই আছো যে সকলোৱে কোভিড ভেকচিন ল'ব লাগে। এতিয়া এনেদৰেই কোভিড ভেকচিন লোৱাৰ বাবে সজাগ আৰু সচেতন কৰিছে উত্তৰপ্ৰদেশৰ ৰাইজক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in