ৰহাত পঞ্চায়ত সভাপতিৰ পৰকীয়া প্ৰেমিকা পত্নীৰ দাৰ ঘাপত আহত, প্ৰেমিক যতীন বৰদলৈক আৰক্ষীৰ সোধা-পোছা…

ৰহাত পঞ্চায়ত সভাপতিৰ পৰকীয়া প্ৰেমিকা পত্নীৰ দাৰ ঘাপত আহত, প্ৰেমিক যতীন বৰদলৈক আৰক্ষীৰ সোধা-পোছা…

ডিজিটেল সংবাদ, ৰহাঃ ৰহাৰ হাটবৰত মহিলাৰ হাততে আন এগৰাকী মহিলা দাৰ ঘাপত আহত হোৱা ঘটনাই ৰহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সাধাৰণভাৱে আক্ৰমণকাৰী পত্নীক মানসিকভাৱে অসুস্থ অথবা পাৰিবাৰিক সংঘাতৰ বাবেই তেওঁ এনে কাৰ্য সংঘটিত কৰা বুলি ধাৰণা হ'লেও আচলতে ঘটনাটো তেনে ধৰণৰ নাছিল। এই গৰাকী জনপ্ৰতিনিধি তথা পঞ্চায়তৰ সভাপতিৰ যতীন বৰদলৈ বিবাহিতা যদিও দীৰ্ঘদিন ধৰি আন এগৰাকী মহিলাৰ সৈতে আছিল পৰকীয়া প্ৰেম।

এই প্ৰেম এনে পৰ্যায় পালেগৈ যে মঙলবাৰে পত্নী-পৰিয়ালৰ অগোচৰে প্ৰেমিকাক তেওঁ ক্ষমতাৰ বলেৰে বলিয়ান হৈ নিজৰ ঘৰলৈ লৈ আনি দ্বিতীয় পত্নী ৰূপে স্বীকৃতি দিব বিচাৰিলে। এই ঘটনাত সৰ্বহস্ত হৈ উঠে পূৰ্বৰ পত্নীগৰাকী। প্ৰথমে তৰ্কা-তৰ্কি, চিঞৰ-বাখৰত চুবুৰীয়া ঘৰখনৰ কাষ চাপি আহে যদিও, এটা সময়ত উত্তেজিত পত্নীয়ে স্বামীক আঘাত কৰাৰ লগতে স্বয়ং প্ৰেমিকাকো দাৰে ঘপিয়াই আহত কৰে।

ইফালে, ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত ততালিকৈ উপস্থিত হয়গৈ ৰহা থানাৰ আৰক্ষী। আৰক্ষীয়ে পঞ্চায়ত সভাপতিগৰাকীৰ পত্নীৰ মুখেৰে সবিশেষ জনাৰ উপৰি ৰাইজে দিয়া সাক্ষৰ ভিত্তিত পঞ্চায়তৰ সভাপতি যতীন বৰদলৈৰ লগতে আঘাতপ্ৰাপ্ত পত্নীক আটক কৰি প্ৰথমে চিকিৎসালয় আৰু তাৰপাছত থানালৈ লৈ যায়।

ইতিমধ্যে প্ৰেমিকাগৰাকীক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ উপৰিও পঞ্চায়তৰ সভাপতিগৰাকীক তেওঁৰ দ্বৈত প্ৰেম সন্দৰ্ভত আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে যদিও, ৰাজনৈতিক মহলে গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে প্ৰতিশ্ৰুতি লৈ দুয়ো প্ৰমিকা আৰু জনপ্ৰতিনিধিগৰাকীক মোকলাই দিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰিছে।

ঘপিওৱা দা খনো আৰক্ষীয়ে উদ্ধাৰ কৰিছে। স্থানীয় ৰাইজৰ মতে, দা খন জব্দ কৰি দিয়াৰ পাছত সমগ্ৰ ঘটনাটোক ৰাজনৈতিক হেঁচাত আৰক্ষীয়ে ওলোটা ৰূপ দি প্ৰবঞ্চিত বিবাহিতা মহিলাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰাৰ আশংকাও প্ৰকাশ কৰিছে। অৱশ্যে এনে ঘটনা হ'বলৈ হ'লে সমগ্ৰ বিষয় সন্দৰ্ভত অৱগত ৰাইজে যে এগৰাকী বিবাহিত নাৰীৰ অধিকাৰ খৰ্ব কৰাৰ ঘটনাক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব তাৰো আশংকা কৰা হৈছে।

পঞ্চায়তখনৰ সভাপতিৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰাই এই অভিযোগৰ লগতে পঞ্চায়তটোৰ উন্নয়ন আঁচনি ৰূপায়নৰ ক্ষেত্ৰত সংঘঠিত দুৰ্নীতিৰ বিৰুদ্ধেও অভিযোগ উত্থাপিত হৈ আহিছিল। কিন্তু ৰাজনৈতিক শক্তিৰ বলত তেওঁ ইয়ালৈ কেৰেপ নকৰি বিভিন্ন অনৈতিক কাৰ্য কলাপত লিপ্ত হৈ আছিল বুলি অভিযোগ উঠিছে। ৰাজনৈতিক ছত্ৰছায়াত থাকি অবাধে এনে অনৈতিক কাৰ্যত লিপ্ত এই সভাপতিগৰাকীক তৎকালে পদবীৰ পৰা অপসাৰণ কৰি আইন মতে কঠোৰ শাস্তি বিহাৰ দাবীও ৰাইজে জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in