ৰাছিয়া-ইউক্ৰেইনৰ পৰা উভতি অহা চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ বাবে বৃহৎ ঘোষণা…

ৰাছিয়া-ইউক্ৰেইনৰ পৰা উভতি অহা চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ বাবে বৃহৎ ঘোষণা…

ডিজিটেল ডেস্ক: ইউক্ৰেন-ৰাছিয়া যুদ্ধই বিপন্ন কৰিছে বহু লাখ জনৰ ভৱিষ্যৎ । ব্যতিক্ৰম নহয় ইউক্ৰেইন-ৰাছিয়াত বসবাস কৰা আৰু শিক্ষা গ্ৰহণৰ বাবে যোৱা ভাৰতীয় সকলো । যুদ্ধৰ ফলত দেশলৈ উভতি আহিব লগীয়া হৈছিল প্ৰায় ২০,০০০ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী ।

 যাৰ ফলত অনিশ্চিত ভবিষ্যতকলৈ চিন্তিত হৈ পৰিছিল ঘৰলৈ উভতি অহা শিক্ষাৰ্থী সকল । ইয়াৰ মাজতে শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে ৰাছিয়া আৰু ইউক্ৰেইনৰ পৰা উভতি অহা চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এক বৃহৎ ঘোষণা কৰিছে ।ৰাছিয়া আৰু ইউক্ৰেনৰ পৰা উভতি অহা চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী সকলে দিব পাৰিব বিদেশী চিকিৎসা বিজ্ঞানৰ স্নাতক পৰীক্ষা ।

উল্লেখ যে, কিছুদিন পূৰ্বে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে নিয়মৰ দোহাই দি ৰাছিয়া আৰু ইউক্ৰেইনৰ পৰা উভতি অহা চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী সকলক বিদেশী চিকিৎসা বিজ্ঞানৰ স্নাতক পৰীক্ষাত বহিব দিবলৈ অমান্তি হৈছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in