মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা, প্ৰদান কৰিব ৫,০০০ কৈ টকা …

মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা, প্ৰদান কৰিব ৫,০০০ কৈ টকা …

ডিজিটেল ডেস্ক : মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাদ চাংমাই শুক্ৰবাৰে ৰাজ্যখনৰ কৃষক সকলৰ বাবে এক অভিলাষি আঁচনিৰ কথা ঘোষণা কৰিছে । ৰাজ্যখনৰ কৃষক সকলক যাতে আৰ্থিক ভাবে আৰু অধিক উপকৃত কৰিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি "ফকাচ প্লাচ"  নামৰ এক আঁচনি ঘোষণা কৰিছে ।

এই আঁচনিৰ জৰিয়তে প্ৰতিটো কৃষক পৰিয়ালক পাঁচ হাজাৰকৈ টকা আৰ্থিক আনুদান হিচাপে প্ৰদান কৰা হ'ব । "ফকাচ প্লাচ" আঁচনিৰ ধন সমূহ পোনপটিয়াকৈ হিতাধীকাৰীৰ বেংক একাউন্টত জমা কৰা হব ।

 উল্লেখ যে , ২০২১ বৰ্ষৰ মাৰ্চ মাহত কৃষক সকলক আৰ্থিক ভাবে সকাহ দিবৰ বাবে মেঘালয় চৰকাৰে "ফকাচ" আঁচনি প্ৰদান কৰিছিল । এই দ্বাৰা মেঘালয়ৰ প্ৰায় ২.৪৫ লাখ কৃষক পৰিয়াল উপকৃত হৈছিল ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in