ভাৰত মহাসাগৰৰ বুকুৰে শ্ৰীলংকাৰ পৰা ভাৰতলৈ সাঁতোৰি পাৰ হ’ল দুই অসম সন্তান…

ভাৰত মহাসাগৰৰ বুকুৰে শ্ৰীলংকাৰ পৰা ভাৰতলৈ সাঁতোৰি পাৰ হ’ল দুই অসম সন্তান…

ডিজিটেল ডেস্কঃ ৰেকৰ্ড সৃষ্টি কৰিলে অসমৰ দুই গুৰু-শিষ্যই। ক্ৰীড়া প্ৰাধিকৰণ অসমৰ সাঁতোৰৰ প্ৰশিক্ষক বাবুল গুৰুং আৰু তেওঁৰ শিষ্য ১০ বছৰীয়া কস্তুৰী গগৈয়ে শ্ৰীলংকাৰ পৰা ভাৰতলৈ ভাৰত মহাসাগৰৰ বুকুৰে সাঁতোৰি অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ২৯ মাৰ্চ মঙ্গলবাৰে নিশা ১বজাত শ্ৰীলংকাৰ কলম্বোৰ পৰা সাঁতোৰ আৰম্ভ কৰি বুধবাৰে আবেলি ২-৫০ বজাত তামিলনাডুিত উপস্থিত হৈছে।

এই অভিযানৰ সমাপ্তিৰ লগে লগে কস্তুৰী গগৈয়ে এক নতুন বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে ১০ বছৰীয়া কোনো শিশুৱে শ্ৰীলংকাৰ পৰা ভাৰতলৈ সাঁতোৰি পাৰ হোৱা নাছিল। গুৱাহাটীৰ মাৰিয়া পাব্লিক স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী কস্তুৰীয়ে বাবুল গগৈৰ তত্বাৱধানত ৪ বছৰ বয়সৰ পৰা সাঁতোৰৰ প্ৰসিক্ষণ গ্ৰহণ কৰিছে।

কলম্বোৰ পৰা ভাৰত মহাসাগৰৰ মাজেৰে এই দুঃসাহসিক অভিযানৰ সময়ত দুয়োৱে ভাৰত মহাসাগৰত মুঠ ১১০ কিলোমিটাৰ সাঁতোৰিলে।দুয়োৰে এই দুঃসাহসিক অভিযানৰ সময়ত ভাৰতীয় নৌসেনা আৰু শ্ৰীলংকাৰ নৌসেনাই সহযোগিতা আগবঢ়ায়। ইয়াৰ উপৰিও দুয়ো সন্তৰনবিদক সৰ্বভাৰতীয় ছুইমিং ফেডাৰেচনেও সহযোগিতা আগবঢ়ায়। উল্লেখ্যে যে এইদৰে শ্ৰীলংকাৰ পৰা ভাৰতলৈ ভাৰত মহাসাগাৰ সাঁতোৰা বাবুল আৰু কস্তুৰীয়েই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম সন্তৰনবিদ।

ক্ৰীড়া প্ৰাধিকৰণ অসমৰ প্ৰশিক্ষক বাবুল গুৰুঙ আৰু তেওঁৰ শিষ্য কস্তুৰী গগৈৰ এই দুঃসাহসিক অভিযানৰ বাবে অসম সাঁতোৰ সন্থাৰ লগতে অসম চৰকাৰৰ ক্ৰীড়া বিভাগে সহযোগিতা আগবঢ়াইছিল। গুৰু শিষ্যৰ এই সাফ্যলত অসমৰ ক্ৰীড়া মন্ত্ৰী বিমল বৰা, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক নিবেদন দাস, অসম সাঁতোৰ সন্থাৰ সম্পাদক ভাস্কৰ দাসকে প্ৰমুখ্য কৰি বিভিন্নজনে শুভেচ্ছা জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in