/asomiyapratidin/media/media_files/2025/01/25/OlimupxjOq92goLbYJ8t.png)
উমৰাংচুৰ দৰেই কাৰ্বি আংলঙতো অবৈধ কয়লা খননত ব্যস্ত দুটা এন্দুৰ! Photograph: (উমৰাংচুৰ দৰেই কাৰ্বি আংলঙতো অবৈধ কয়লা খননত ব্যস্ত দুটা এন্দুৰ!)
এন্দুৰৰ দৰেই স্বায়ত্ত পৰিষদৰ দুই মুৰব্বীয়ে খান্দি ফোপোলা কৰিছে ডিমা হাচাও আৰু কাৰ্বি আংলং। দিছপুৰৰ আৰ্শীবাদ অবিহনে দীৰ্ঘ দিন ধৰি দুটা পৰিয়ালে চলাই থকা এনে লুটপাত কেনেকৈ সম্ভৱ! উমৰাংচুত ৰেট হোল মাইনিঙৰ গাঁতত ১০জনকৈ লোক সলিল সমাধিৰ শোকাৱহ ঘটনাইও এওঁলোকৰ অন্তৰত কোনো সাঁচ পেলাব পৰা নাই। নহ’লে স্বয়ং মু্খ্যমন্ত্ৰী আৰু অসম আৰক্ষী সঞ্চালক প্ৰধানৰ হুংকাৰৰ পিছতো পূৰ্ব কাৰ্বি আংলঙত অসহায় আৰক্ষীক সন্মুখত লৈ অবাধে চলি থাকিব পাৰে নেকি পাঁচোটাকৈ স্থানত শ শ টন কয়লাৰ খনন! ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ অথবা বন আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ স্থিতি এইক্ষেত্ৰত কি হ’ব? সৰ্বোচ্চ ন্যায়ালয়ে এনে অৱস্থাত শ্ব ম’ট কেছ লৈ ৰাইজক ৰক্ষাৰ প্ৰদক্ষেপ গ্ৰহণ কৰিবনে নাই, সেই লৈও ৰাইজৰ মাজত বহু প্ৰশ্নৰ উদয় হৈছে। এই সকলো দিশ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন...
ডিমা হাচাও আৰু কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ দুই মুখ্য কাৰ্যবাহী সদস্য ক্ৰমে দেৱলাল গাৰ্লোচা আৰু তুলিৰাম ৰংহাঙৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ তথা স্বেচ্ছাচাৰী শাসনৰ অভিযোগ বাৰম্বাৰ উত্থাপিত হৈ আহিছে যদিও ইয়াৰ বিৰুদ্ধে এতিয়ালৈকে কেন্দ্ৰ বা ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা ল’বলৈ সক্ষম হোৱা নাই। ধনবল আৰু বাহুবলেৰে বলীয়ান এই দুই নেতাই তেওঁলোক সংগু-পাংগু আৰু পৰিয়ালক লৈ দুয়োখন পাৰ্বত্য জিলাত বিগত প্ৰায় ৮বছৰে চলাই গৈছে কেৱল লুটপাত।
এই লুটপাতত চৰকাৰ তথা প্ৰশাসনৰ একাংশ মুৰব্বীয়েই হাত উজান দিয়াৰ ভয়ংকৰ পৰিণতিয়ে ডিমা হাচাওৰ উমৰাংচুৰ কয়লাখনিত কেনেকৈ ১০জনকৈ লোকৰ প্ৰাণ ল’লে সেই কথা নতুনকৈ দোহৰাৰ প্ৰয়োজন নাই। কিন্তু আশ্বৰ্যজনক কথা এয়ে যে, স্বয়ং মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানে ৭দিনৰ ভিতৰত সমগ্ৰ অসমত ৰেট হোল মাইনিং তথা অবৈধ অপেন কাষ্ট মাইনিঙৰ সকলো খনিৰ কাম-কাজ বন্ধ কৰাৰ লগতে দোষীক কঠোৰ শাস্তি বিহাৰ ঘোষণা কৰিছিল যদিও বাস্তৱত সেয়া চূড়ান্ত প্ৰশসনত পৰিণত হৈছে।
/asomiyapratidin/media/media_files/2025/01/25/XfNPhoqG0OLNfqCYChNA.jpg)
কয়লা তথা খনি দপ্তৰৰ লগতে বন পৰিৱেশ সংক্ৰান্তীয় কোনো অনুমতি নোহোৱাকৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ বাধা নিষেধকো উলংঘা কৰি কিদৰে তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানকে ধৰি ডিমা হাচাও আৰু কাৰ্বি আংলং জিলাৰ উমৰাংচুৰ উপৰি পূৰ্ব কাৰ্বি আংলঙৰ কয়লাজান, লাংমিলি, চিলনীজান, চাইনীলাংচু, ডিচৌবাই আদিত চলাই থকা অবৈধ কয়লাৰ খনন এতিয়াও সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই। যাৰ বাবে এনে অবৈধ কাৰ্যৰ বিৰুদ্ধে ইতিমধ্যে সেউজ ন্যায়াধীকৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা কৈয়িফৎ বিচাৰিবলগীয়া পৰিস্থিতিও হৈছেগৈ।
কিন্তু এই শীৰ্ষ সংস্থা তথা ন্যায়ালয়ৰ নিৰ্দেশনাকো ভেঙুচালি কৰি কাৰ্বি স্বায়ত্ত পৰিষদৰ কৰ্ণধাৰ তুলিৰাম ৰংহাঙৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাতে পূৰ্ব কাৰ্বি আংলঙত উমৰাংচুৰ শোকাৱহ ঘটনাৰ পাছতো অবাধে চলি আছে কয়লাৰ খনন আৰু সৰবৰাহ। আনহে নালাগে ২৩জানুৱাৰী, ২০২৫ত অসম আৰক্ষী সঞ্চালক প্ৰধান আৰু স্বয়ং মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাত ডিফুৰ পৰা কয়লাজান ডিলাইৰ কয়লা খনন স্থলীত উপস্থিত হোৱা বৃহৎ আৰক্ষীৰ দল খনন কাৰ্য বন্ধ নকৰাকৈ উভতি আহিবলৈ বাধ্য হয়।
/asomiyapratidin/media/media_files/2025/01/25/T9eJmrRliBcoJraDGjjQ.jpg)
তুলিৰাম ৰংহাঙৰ প্ৰতাপত নিষ্প্ৰভ হৈ পৰা আৰক্ষীয়ে অভিযান আধাতে সামৰি বিফল মনোৰথে উভতি অহাৰ বিপৰীতে বোকাজান মহকুমাৰ বিশাল কয়লাখনন স্থলীত ৰেট হোল আৰু মুক্ত খনন ব্যৱস্থাৰে অবৈধ কয়লাৰ খনন তীব্ৰতৰ কৰি তোলা হৈছে। আৰক্ষীৰ অভিযানৰ খবৰ ল’বলৈ যোৱা সাংবাদিকৰ আগত কয়লাখনিত কাম কৰা লোকৰ লগতে অন্যান্য স্থানীয় লোকে এনে ব্যাপক কয়লা খননে অঞ্চলটোৰ পৰিৱেশ কিদৰে প্ৰদূষিত কৰিছে, সেই কথা মুক্তভাৱে প্ৰকাশ কৰে।
/asomiyapratidin/media/media_files/2025/01/25/DTkI7S3bDbiCjgRXv9K3.jpg)
চৰকাৰ অথবা প্ৰশাসন পিছে এই ক্ষেত্ৰত নিৰ্বিকাৰ হৈ থাকিবলৈ বাধ্য হৈছে কিয়নো পাৰ্বত্য ভূমিৰ ৰাজনীতিত প্ৰৱল প্ৰতাপী তুলিৰাম আৰু তেওঁৰ বাহিনীক নিয়ন্ত্ৰণ কৰাৰ শক্তি দিছপুৰেও যেন হেৰুৱাই পেলাইছে। একেদৰে ডিমা হাচাওত দেৱলাল গাৰ্লোচাৰ পত্নী আৰু পৰিয়ালে অবাধে চলাই থকা লুটপাতৰ বিৰুদ্ধেও কোনো ব্যৱস্থা ল’ব পৰা নাই। ১০জনকৈ লোকৰ শোকাৱহ মৃত্যুৰ ঘটনাৰ পিছত ইয়াৰ সৈতে জড়িত বুলি অভিযোগ কৰি ১২জন লোকক আৰক্ষীয়ে আটক কৰিলে যদিও মূল নায়কসকলৰ বিৰুদ্ধে আৰক্ষী ল’ব পৰা নাই কোনো ব্যৱস্থা।
/asomiyapratidin/media/media_files/2025/01/25/Sr4s2rpVZbdmnMnKM4tx.jpg)
ইফালে জলন্ত সত্যক অস্বীকাৰ কৰি ডিফুত কেইগৰাকীমান শাসকীয় মুৰব্বীয়ে সংবাদমেল পাতি কয় যে, কাৰ্বি আংলঙত সম্পূৰ্ণৰূপে কয়লাৰ খনন বন্ধ কৰা হৈছে আৰু কৰবাত যদি চলি আছে সেয়া অনুমতিপ্ৰাপ্ত। কিন্তু হাস্যকৰ কথাটো হল কল ইণ্ডিয়া অথবা আছাম মাইনিং ডেভেলপমেন্ট কৰ্পৰেশ্যনৰ মতে, কাৰ্বি আংলঙত কয়লা খননৰ বাবে কোনো অনুমতি কাকো প্ৰদান কৰা হোৱা নাই।
/asomiyapratidin/media/media_files/2025/01/25/27iQqDAr5BQXza1R5YjN.jpg)
যদি সেয়েহে হয়, তেনেহলে কয়লাজান, লাংমিলি, চিলনীজান, চাইনীলাংচু, ডিচৌবাইত চলি থকা কয়লাৰ খননৰ অনুমতি কাক, কোনে দিছে! লাংমিলি ফৰেষ্ট বিট অফিচৰ সন্মুখত নামত খাকী পোছাকত বন বিভাগ আৰু আৰক্ষীৰ লোক বহি থাকিলেও তেওঁলোকৰ চকুৰ আগেদি ট্ৰাকে ট্ৰাকে পাৰ হোৱা কয়লাৰ ট্ৰাকবোৰ ক'ৰ পৰা গৈছে?
/asomiyapratidin/media/media_files/2025/01/25/5beiunOlIvhsBlpIzB2C.jpg)
অথবা এই অঞ্চলটোত চলি থকা অসংখ্য কয়লা খননস্থলীৰ ভিডিঅ' ফুটেজে দেখুওৱা দৃশ্যবোৰ মিছা নেকি? বিভিন্ন জনে সংবাদ মাধ্যমৰ আগত উত্থাপন কৰা অভিযোগেকেই বা কোনে মিছা প্ৰমাণ কৰিব পাৰিব? এই উত্তৰ কাৰ্বি স্বায়ত্ত পৰিষদৰ মুৰব্বী তুলিৰাম ৰংহাঙৰ লগতে এ এম ডি চিৰ মুৰব্বী তথা চৰকাৰৰ বৰমূৰীয়াসকলে দিব লাগিব...