স্বগৃহত উপস্থিত নিতুল হাজৰীকাৰ নিথৰ দেহ…

স্বগৃহত উপস্থিত নিতুল হাজৰীকাৰ নিথৰ দেহ…

ডিজিটেল ডেস্ক : দেশ মাতৃৰ সেৱাত দক্ষিণ কাশ্মীৰত কৰ্তব্যৰত অৱস্থাত আছিল তিতাবৰ নচুঙিৰ নিতুল হাজৰিকা। নিতুল হাজৰিকা বি এছ এফৰ ১০৮ নং বেটেলীয়ানৰ এজন জোৱান আছিল । জানিব পৰা মতে নিতুল হাজৰিকাই আনৰ চাৰ্ভিচ ৰাইফলেৰে গুলি কৰি আত্মহত্যা কৰিছে ।

কিন্তু এই সমগ্ৰ ঘটনাটো ঘৰৰ পৰিয়ালবৰ্গই সহজভাৱে ল'ব পৰা নাই । ঘটনাটোৰ আঁৰত ৰহস্য আছে বুলি অভিযোগ কৰিছে পৰিয়ালবৰ্গই । পৰিয়াল বৰ্গৰ মতে নিতুল হাজৰিকা মেচ কামাণ্ডাৰৰ দায়িত্বত আছিল । এই সমগ্ৰ ঘটনাটো উচিত তদন্ত কৰি ন্যায় দিবৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে পৰিয়ালে ।

এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে অঞ্চলজুৰি । দেশ মাতৃক সেৱা কৰাৰ স্বাৰ্থত নিতুল হাজৰিকাই ২০০৪ যোগদান কৰিছিল সেনাবাহিনীত । স্বগৃহত উপস্থিত নিতুল হাজাৰীকৰ নিথৰ দেহ। ৰহস্য জনকভাৱে কাশ্মীৰত মৃত্যু হোৱা বি এছ এফ জোৱন নিতুল হাজৰিকা । ঘৰ গৃহ উপস্থিত হোৱাৰ লগে লগে শুকাকুল পৰিৱেশে বিৰাজ কৰিছে তিতাবৰ ন চঙী গাঁৱত। স্বগৃহত উপস্থিত হোৱাত পাছত মৃত দেহ সমজি লোৱা নাই পৰিয়াল বৰ্গই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in